ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 10, 2025 12:11 PM | Central Govt.

printer

পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত ২০৬০ টা বাসগৃহৰ বাবে ২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি মুকলি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে দেশৰ সীমান্ত অঞ্চলসমূহত পাকিস্তানৰ গোলাবর্ষণত ক্ষতিগ্ৰস্ত দুহেজাৰ ৬০ টা বাসগৃহৰ বাবে ২৫ কোটি টকাৰ অতিৰিক্ত পুঁজি মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছে। সিন্দুৰ অভিযানৰ সময়ত জম্মু আৰু কাশ্মীৰৰ সীমান্তৱৰ্তী জিলাসমূহত ক্ষতিগ্ৰস্ত বাসগৃহসমূহৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ঘোষণাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত প্ৰতিটো ঘৰৰ বাবে ২ লাখ টকাকৈ আৰু আংশিকভাৱে ক্ষতিগ্রস্ত প্ৰতিটো ঘৰৰ বাবে ১ লাখ টকাকৈ অতিৰিক্ত ক্ষতিপূৰ্ণৰ কথা ঘোষণা কৰিছে বুলি গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে জানিবলৈ দিছে। মন্ত্ৰালয়ে এই সিদ্ধান্ত ক্ষিপ্ৰতাৰে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিব বুলি জানিবলৈ দিছে। পঞ্জাব সীমান্তৰ ক্ষতিগ্ৰস্ত ঘৰসমূহৰ বাবেও একে ক্ষতিপূৰ্ণৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে।