ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 22, 2025 7:11 PM | Central Govt.

printer

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীক তিনি মাহৰ চাউল একেলগে বিতৰণৰ ব্যৱস্থা

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰীক কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সিদ্ধান্ত অনুসৰি তিনি মাহৰ চাউল একেলগে বিতৰণৰ ব্যৱস্থা কৰিছে। জুন মাহত অন্ন সেৱা দিনত প্ৰতিটো পৰিয়ালৰ ৰেচন কাৰ্ডৰ গৰাকীক জুন, জুলাই আৰু আগষ্ট মাহৰ বিপৰীতে এবাৰকৈ মুঠ তিনিবাৰ আঙুলিৰ চাপ দি খাদ্য সুৰক্ষাৰ চাউল সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ বাবে প্ৰতিজন সুলভ মূল্যৰ দোকানীয়ে নিজৰ অঞ্চলৰ হিতাধিকাৰীসকলৰ মাজত এই বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে দোকানৰ সন্মুখত ফলক আঁৰিব লাগিব বুলি প্রশাসনে নিৰ্দেশনা জাৰি কৰিছে ।

হোজাই জিলাতো জিলাখনৰ আয়ুক্ত বনি ইনাম চাদ্দাৰে এই নিৰ্দেশনা জাৰি কৰি এই নিৰ্দেশ অমান্য কৰা সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে বিধি অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হব বুলি স্পষ্ট কৰি দিছে।