ডাউনলোড
মোবাইল এপ

android apple
signal

May 20, 2025 12:26 PM | Central Govt.

printer

অবৈধ নাগৰিক চিনাক্তকৰণ আৰু বহিষ্কাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এমাহৰ সময়সীমা নির্ধাৰণ

বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অহা অবৈধ নাগৰিকক চিনাক্ত কৰি বহিষ্কাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলবোৰক এমাহৰ সময়সীমা নির্ধাৰণ কৰি দিছে। ভাৰতীয় বুলি দাবী কৰা সন্দেহজনক বাংলাদেশ আৰু ম্যানমাৰৰ নাগৰিকৰ নথিপত্রসমূহ যদিহে ৩০ দিনৰ ভিতৰত সঁচা প্রমাণিত নহয় তেন্তে তেওঁলোকক বহিষ্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা নিৰ্দেশটোত উল্লেখ কৰা হৈছে। ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে অনুপ্রৱেশকাৰী বাংলাদেশী নাগৰিক আৰু ৰহিংগীয়া শৰণাৰ্থীৰ তথ্য ৰখাৰ লগতে এই লোকসকলৰ তালিকা বহিষ্কৰণৰ বাবে বি এছ এফক দিব লাগিব। মন্ত্ৰ্যালয়ে ব্যুৰ’ অৱ ইমিগ্ৰেচনক বহিষ্কাৰ কৰা ব্যক্তিৰ তালিকা ৰাজহুৱা প’ৰ্টেলত প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। ইফালে উচ্চতম ন্যায়ালয়ে শ্রীলংকাৰ এজন নাগৰিকে জনোৱা আবেদনৰ শুনানিলৈ শৰণাৰ্থীৰ প্ৰসংগত ভাৰত এখন ধৰ্মশালা নহয় বুলি মন্তব্য কৰিছে। সমগ্ৰ বিশ্বৰ শৰণাৰ্থীক আশ্রয় দিব পৰাকৈ ভাৰত সমৰ্থ নহয় বুলি মন্তব্য কবি ন্যায়াধীশ দিপাংকৰ দত্ত আৰু কে বিনোদ চন্দ্ৰনক লৈ গঠিত এখন বিচাৰপীঠে কয়, যে আমাৰ দেশে ইতিমধ্যে ১৪০ কোটি জনসংখ্যাব প্রয়োজনীয়তা পূৰণ কৰিবলৈ যুঁজ দিবলগীয়া হৈছে। অনুপ্রেৱশকাৰীৰ প্ৰতি শূন্যসহনশীলতা পোষণ কৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ শৰণাৰ্থীৰ সন্দৰ্ভত এই ৰায় যুগান্তকাৰী আৰু তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

অধিক পঢ়ক

সকলো চাওক