কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দশম-দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ১৫ শতাংশ পাঠ্যক্ৰম হ্ৰাস

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ ওপৰত শৈক্ষিক বোজা হ্ৰাস কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। চি বি এছ ইয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ পাঠ্যক্ৰমৰ পৰা ১৫ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। ব’ৰ্ডৰ পৰীক্ষাৰ মূল্যায়নৰ ক্ষেত্ৰতো আমূল পৰিৱৰ্তন সাধন কৰা হৈছে। সেই অনুসৰি এতিয়াৰে পৰা ব’ৰ্ড পৰীক্ষাত ৪০ শতাংশ নম্বৰ আভ্যন্তৰীণ মূল্যায়নৰ জৰিয়তে প্ৰদান কৰাৰ লগতে বাকী ৬০ শতাংশ চূড়ান্ত ব’ৰ্ড পৰীক্ষাৰ পৰা মূল্যায়ন কৰি বাৰ্ষিক ফলাফল ঘোষণা কৰা হ’ব। চি বি এছ ইৰ এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাক লৈ থকা মানসিক বোজা বহুখিনি হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি চি বি এছ ই-য়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম আৰু পৰীক্ষাৰ ক্ষেত্ৰত কেইবাটাও পৰিৱৰ্তন সাধন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চি বি এছ ই-য়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ লগত সংগতি ৰাখি ব্যৱহাৰিক জ্ঞান আৰু দক্ষতা আধাৰিত শিক্ষাক অগ্ৰাধিকাৰ দি পৰীক্ষাৰ পদ্ধতিৰ সংশোধন কৰিছে। ২০২৫ বৰ্ষৰ পৰা এই নতুন ব্যৱস্থা কাৰ্যকৰী হ’ব। নতুন প্ৰস্তাৱ অনুসৰি প্ৰশ্নকাকতৰ ৫০ শতাংশ প্রশ্ন ব্যৱহাৰিক আৰু প্ৰায়োগিক পৰিস্থিতিৰ ভিত্তিত প্ৰস্তুত কৰা হ’ব। ২০২৫ৰ পৰা ডিজিটেল মূল্যায়নৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।