ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 3, 2025 12:47 PM | CBI

printer

দুৰ্নীতিৰ অভিযোগত এগৰাকী জ্যেষ্ঠ বিষয়াসহ দুগৰাকী লোকক আটক চি বি আই আয়ৰ

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা- চি বি আই আয়ে ভাৰতীয় ৰাজহ সেৱা বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াসহ দুগৰাকী লোকক দুৰ্নীতিৰ অভিযোগত আটক কৰিছে। আটকাধীন লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্তকাৰী সংস্থাটোৱে বিভিন্ন ঠাইত অভিযান চলাই বৃহৎ পৰিমাণৰ সা-সম্পত্তিৰ লগতে বহু নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় সংস্থাটোৱে প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি অভিযানকালত সংস্থাটোৱে চাৰে তিনি কিলোগ্রাম সোণ, দুই কিলোগ্ৰাম ৰূপ আৰু এক কোটি নগদ ধন জব্দ কৰে। বিবৃতিটোত লগতে কোৱা হৈছে সংস্থাটোৱে ২৫টা বেংক একাউণ্ট আৰু দিল্লী, মুম্বাই তথা পঞ্জাৱৰ বিভিন্ন ঠাইত থকা ভালেমান অস্থাৱৰ সম্পত্তিৰ তথ্য লাভ কৰিছে। অভিযুক্ত ৰাজহ বিষয়াগৰাকী নতুন দিল্লীৰ কৰ সেৱা বিভাগৰ অতিৰিক্ত সঞ্চালক প্রধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।