আঞ্চলিক সংবাদ

May 22, 2024 8:27 PM May 22, 2024 8:27 PM

views 13

ৰাজ্যৰ ১৪টা সমষ্টিৰ বাবে ৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি আৰম্ভ

অহা ৪ জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ ১৪টা সমষ্টিৰ বাবে হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্ৰস্তুতিৰ বুজ ল'বলৈ বৈঠকত মিলিত হৈছে। দক্ষিণ শালমাৰা, মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ভোটগণনাকাৰী বিষয়াসকলৰ পৰা প্ৰথম ...

May 22, 2024 8:25 PM May 22, 2024 8:25 PM

views 14

আকাশবাণী গুৱাহাটীত ৪ জুনত আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে...

May 22, 2024 8:24 PM May 22, 2024 8:24 PM

views 9

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ সন্দৰ্ভত জনসচেতনতা সৃষ্টি সন্দৰ্ভত সভা

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ সন্দৰ্ভত জনসচেতনতা সৃষ্টিৰ আলোচনাৰ বাবে এখন সভা অনুষ্ঠিত হয়। সভাত জিলা প্রশাসন, তথ্য আৰু জনসংযোগ, জলসিঞ্চন, নগৰ উন্নয়ন, কৃষি, মীন বিভাগ আদিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া প্ৰতিৰোধমূলক ব্যৱস্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। এই ...

May 22, 2024 8:22 PM May 22, 2024 8:22 PM

views 9

বোকাখাতৰ কৃষকৰ ৫ কোটি ২৪ লাখ টকাৰ ৰঙালাও বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ

গোলাঘাট জিলাৰ বোকাখাতৰ কৃষকসকলে চলিত বছৰত ৫ কোটি ২৪ লাখ টকাৰ ৰঙালাও বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰিছে। বিগত বছৰত বোকাখাতৰ কৃষকসকলে ২ কোটি টকা মূল্যৰ ৰঙালাও প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছিল। কৃষিমন্ত্ৰী অতুল বৰাৰ তত্ত্বাৱধানত ৰাজ্যৰ কৃষি বিভাগে এই কৃষকসকলৰ দ্বাৰা উৎপাদন কৰা ৰঙালাও বহিঃৰাজ্যলৈ প্ৰেৰণ কাৰ্যৰ শুভ...

May 22, 2024 8:20 PM May 22, 2024 8:20 PM

views 12

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত কেঁচুসাৰ আৰু গোটা আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কীয় কৰ্মশালাৰ সামৰণি

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত কেঁচুসাৰ আৰু গোটা আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কীয় কৰ্মশালাৰ আজি সামৰণি পৰিছে। মহাবিদ্যালয়খনৰ পৰিৱেশ কোষৰ উদ্যোগত আয়োজিত এই দুদিনীয়া কৰ্মশালাত পৰিৱেশ তন্ত্ৰৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়ন, প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, কেঁচুসাৰ প্ৰস্তুতকৰণ, গোটা আৱৰ্জনা ব্যৱস্থাপনা আ...

May 22, 2024 8:19 PM May 22, 2024 8:19 PM

views 17

গুৱাহাটীৰ ফাঁচীবজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান খাদ্য সুৰক্ষা বিভাগৰ অভিযান, আমৰ নমুনা সংগ্ৰহ

খাদ্য সুৰক্ষা বিভাগে আজি গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান চলায়। জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়াৰ নেতৃত্বত এটা দলে কৃত্ৰিমভাৱে পকোৱা আম বিচাৰি ফাঁচীবজাৰৰ প্ৰায় প্ৰতিখন ফলৰ দোকানত অভিযান চলায়। এই অভিযানত কাৰ্বাইড ব্যৱহাৰ কৰা প্ৰায় এক কুইণ্টল আম দলটোৱে নষ্ট কৰে। তদুপৰি দল...

May 22, 2024 8:17 PM May 22, 2024 8:17 PM

views 9

যোৰহাটৰ টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উপলক্ষে আজি যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে যোৰহাট জিলাৰ টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীত স্থানীয় ছাত্র-ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে এখন সভা অনুষ্ঠিত কৰা হয়। সভাত প্ৰতিষ্ঠা...

May 22, 2024 6:49 PM May 22, 2024 6:49 PM

views 11

যোৰহাট-লখিমপুৰ জিলাত প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি

প্রচণ্ড গৰমৰ বাবে যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে। অহা ১ জুনৰ পুৱা ৮ বজাৰ পৰা প্ৰতিখন বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰা হ'ব। আনহাতে, প্রাথমিক পৰ্যায়ত ১২.৩০ বজালৈ, মধ্য প্রাথমিকত ১ বজালৈ, উচ্চ আৰু উচ্চ মাধ্যমিক পৰ্যায়ত ১.৩০ বজালৈ পাঠদান চলিব। লখিমপুৰ জিলা প্রশাসনেও গ্রীষ্ম প্ৰৱ...

May 22, 2024 6:55 PM May 22, 2024 6:55 PM

views 10

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সম্ভাব্য বান পৰিস্থিতি সম্পৰ্কত পৰ্যালোচনা বৈঠক

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত আৰু নগাঁও জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু চক্র বিষয়াসকল উপস্থিত থকা এই বৈঠকত বাৰিষাকালত হ'ব পৰা সম্ভাব্য বান পৰিস্থিতি সম্প...

May 22, 2024 6:47 PM May 22, 2024 6:47 PM

views 9

ৰঙিয়াত প্রাক্তন মন্ত্রী থানেশ্বৰ বড়োলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল শ্ৰদ্ধাঞ্জলি

কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্রয়াত প্রাক্তন মন্ত্রী থানেশ্বৰ বড়োৰ ৰঙিয়াৰ গৰকাৰ বাসভৱনত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰয়াত বড়োৰ ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। পাছত সংবাদ মাধ্যমৰ সৈতে মতবিনিময...