আঞ্চলিক সংবাদ

June 15, 2024 12:23 PM

views 38

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত জিলা পৰ্যায়ত যোগ দিৱসৰ আয়োজন

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অহা ২১ জুনত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত জিলা পৰ্যায়ত যোগ দিৱসৰ আয়োজন কৰা হৈছে। এই যোগ দিৱসত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই অংশগ্ৰহণ কৰিব। যোগ দিৱসৰ প্ৰস্তুতিক লৈ কালি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত ত্ৰিদিব কোঁৱ...

June 15, 2024 11:08 AM

views 34

ডিব্ৰুগড়ত স্থাপন হ’বলগীয়া ক্ষুদ্ৰ সচিবালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত স্থাপন হ'বলগীয়া ক্ষুদ্ৰ সচিবালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। এই সন্দৰ্ভত আয়োজিত পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি তেওঁ কয় যে, প্রশাসনিক ব্যৱস্থাটোক ৰাজ্যৰ জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অব্যাহত ৰখা প্ৰয়াসৰ অংশ হিচাপে এই ক্ষুদ্র সচ...

June 14, 2024 7:52 PM

views 37

গুৱাহাটী বিশ্ববিদ্যালয় জাৰ্মানীৰ টি ইউ ভি নৰ্ডৰ প্ৰমাণ পত্ৰ লাভ কৰা দেশৰ প্ৰথমখন ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে পৰিগণিত

গুৱাহাটী বিশ্ববিদ্যালয় জাৰ্মানীৰ টি ইউ ভি নৰ্ডৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ লগতে এন এ বি চি বিৰ স্বীকৃতিসহ মান ব্যৱস্থাপনা প্রক্রিয়া আই এছ ও নাইন থাওজেণ্ড ৱান টু থাওজেণ্ড ফিফটিন প্রমাণ পত্র লাভ কৰা দেশৰ প্ৰথমখন ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে, এন এ বি চি বি হৈছে ভাৰত চৰকাৰৰ উদ্...

June 14, 2024 7:48 PM

views 43

মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পৰ্যটন বিভাগৰ বিষয়াসকলৰ সৈতে পর্যালোচনামূলক বৈঠক

দক্ষতা, নিয়োগ আৰু উদ্যমিতা তথা পৰ্যটন মন্ত্রী জয়ন্ত মল্লই আজি পৰ্যটন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনামূলক বৈঠকত মিলিত হয়। বৈঠকত বিভাগটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হোৱাৰ লগতে চলিত বিত্তীয় বৰ্ষৰ বাবে ল'বলগীয়া পদক্ষেপসূহৰ পৰ্যালোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে দক্ষতা, নিয়োগ...

June 14, 2024 7:42 PM

views 54

দেশৰ অন্যান্য ঠাইৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি অব্যাহত

দৈনন্দিন জীৱনশৈলী সুস্থ আৰু সুন্দৰ কৰি তোলাৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সমগ্ৰ বিশ্বৰ জনসাধাৰণে উপলব্ধি কৰিছে। ২০১৪ চনত ৰাষ্ট্ৰসংঘত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণত এই বিষয়ে উত্থাপন কৰাৰ পাছতেই ২০১৫ চনৰ ২১ জুনৰ পৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰম্ভ ক...

June 14, 2024 6:54 PM

views 40

মাজুলীৰ কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ২ নম্বৰ কঢ়াল গাঁও আৰু জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত ৰঙাচাহী, বৰবাম গাঁৱত সজাগতা কার্যসূচী

প্রধানমন্ত্রী ফচল বীমা যোজনা আঁচনিখনৰ বিষয়ে কৃষক ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি মাজুলীৰ কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ২ নম্বৰ কঢ়াল গাঁও আৰু জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত ৰঙাচাহী, বৰবাম গাঁৱত সজাগতা কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচী কেইটাত জিলা কৃষি বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

June 14, 2024 6:51 PM

views 47

নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সমীপত ২৫ মেগাৱৰ্ট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সমীপত ২৫ মেগাৱৰ্ট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটো ১০৮ একৰ মাটি সামৰি স্থাপন কৰা হ'ব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰকল্পটোৰ বাবে ১১৬ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। প্ৰকল্পটো নিৰ্মা...

June 14, 2024 6:46 PM

views 45

মোবাইল ফোন হেৰালে বা চুৰি হ’লে দূৰ সংযোগ বিভাগৰ CEIR প’ৰ্টেলত IMEI নম্বৰ পঞ্জীয়ন কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ আহ্বান

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে মোবাইল ফোন হেৰালে বা চুৰি হ'লে নিজাকৈ অথবা আৰক্ষী থানাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ দূৰ সংযোগ বিভাগৰ CEIR প'ৰ্টেলত হেৰুওৱা মোবাইলটোৰ IMEI নম্বৰ তথা মোবাইল নম্বৰ পঞ্জীয়ন কৰিবলৈ জনসাধাৰণলৈ আহ্বান জনাইছে। তেওঁ লগতে পুৰণি মোবাইল ক্ৰয় কৰাৰ বাবে আগ্ৰহী লোকসকলক মোবাইটোৰ IMEI...

June 14, 2024 6:41 PM

views 40

ৰহাৰ বগলাজান, বাহাকাবাৰী আৰু নিজ নাৰিকলি গাঁৱত কপিলি নৈৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁও জিলাৰ ৰহাৰ বগলাজান, বাহাকাবাৰী আৰু নিজ নাৰিকলি গাঁৱত কপিলি নৈ খহনীয়া পৰিদৰ্শন কৰে। এই স্থানকেইটা পৰিদৰ্শন কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। তদুপৰি তেওঁ স্থানীয় ৰাইজৰ সৈতে মত বিন...

June 14, 2024 6:31 PM

views 25

তিনিচুকীয়াৰ গুইজান উচ্চ মাধ্যমিক বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা আৰু উদ্ধাৰ শীৰ্ষক প্ৰশিক্ষণ

তিনিচুকীয়া জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে আজি জিলাখনৰ গুইজান উচ্চ মাধ্যমিক বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা আৰু উদ্ধাৰ শীৰ্ষক প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণত বানপানীৰ সৈতে জড়িৰ বিভিন্ন দুৰ্যোগ কিদৰে প্ৰতিৰোধ কৰিব পাৰি সেই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।