আঞ্চলিক সংবাদ

August 29, 2024 9:17 PM

views 22

ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মাদকসহ ৮জন লোক আটক

অসম আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰাৰ লগতে কেইবাজনো লোকক এই সংক্ৰান্তত আটক কৰিছে। আজি নলবাৰী জিলাৰ চামতাত বেলশৰ আৰক্ষীয়ে অভিযান চলাই মাদক দ্রব্য জব্দ কৰাৰ লগতে পাঁচজন যুৱকক আটক কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ধৃত লোককেইজনৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য ...

August 29, 2024 9:16 PM

views 24

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বোকাখাত মহকুমা প্ৰশাসনৰ সৈতে সাংবাদিকৰ বৈঠক

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আজি গোলাঘাট জিলাৰ বোকাখাত মহকুমা প্ৰশাসনৰ সৈতে সাংবাদিকসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। মহকুমাটোত আইন-শৃংখলা আৰু শান্তি বৰ্তাই ৰখাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে এই বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত অতিৰিক্ত জিলা আয়ুক্তই সমাজত শান্তি আৰু আইন-শৃংখলা বৰ্তাই ৰখা...

August 29, 2024 9:14 PM

views 8

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত দুদিনীয়া কাৰ্যসূচীৰে পঞ্চম আঞ্চলিক গৱেষণা সন্মিলন

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে পঞ্চম আঞ্চলিক গৱেষণা সন্মিলন অনুষ্ঠিত হৈছে। ডেৰাডুনৰ ভাৰতীয় বন গৱেষণা আৰু শিক্ষা পৰিষদৰ সঞ্চালক প্রধান কাঞ্চন দেৱীয়ে এই সন্মিলনৰ শুভাৰম্ভ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় কেইখন ৰাজ্যৰ ভালেকেইগৰাকী উচ্চ পদস্থ বিষয়াই সন্মিলনখনত অংশগ্...

August 29, 2024 9:13 PM

views 18

অসম চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত মৰিগাঁৱৰ নৱম শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান

অসম চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত আজি মৰিগাঁও জিলাৰ নৱম শ্ৰেণীত অধ্যয়নৰত মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত আয়োজিত অনুষ্ঠানত জিলাখনৰ আয়ুক্ত দেৱাশীষ শর্মাই অংশগ্ৰহণ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতামূলক মা...

August 29, 2024 9:12 PM

views 24

জৱাহৰ নবোদয় বিদ্যালয়ৰ ষষ্ঠ শ্রেণীত নামভৰ্তিৰ বাছনি পৰীক্ষাৰ পঞ্জীয়নৰ দিন ঘোষণা

জৱাহৰ নবোদয় বিদ্যালয়ৰ ষষ্ঠ শ্রেণীত নামভৰ্তিৰ বাছনি পৰীক্ষাৰ বাবে পঞ্জীয়নৰ দিন ঘোষণা কৰা হৈছে। সেই অনুসৰি ইচ্ছুক প্রার্থীসকলে www.navodaya.gov.in ৱেবছাইটৰ জৰিয়তে নাম পঞ্জীয়ন কৰিব পাৰিব। ১৬ ছেপ্তেম্বৰ নাম পঞ্জীয়নৰ অন্তিম দিন ধাৰ্য কৰা হৈছে।

August 29, 2024 9:10 PM

views 16

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাৰ তাৰিখ ঘোষণা

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাৰ সম্ভাৱ্য তাৰিখ ঘোষণা কৰিছে৷ উচ্চতৰ মাধ্যমিক স্তৰৰ তৃতীয় বৰ্গৰ পদৰ বাবে অহা ১৫ ছেপ্টেম্বৰত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। আয়োগৰ জাননী অনুসৰি স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাসমূহ ২৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আ...

August 29, 2024 9:08 PM

views 17

গাখীৰৰ দাম অহা ১ ছেপ্টেম্বৰৰ পৰা ৩ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাৰ

বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সংস্থাই অহা ১ ছেপ্টেম্বৰৰ পৰা গাখীৰৰ দাম ৩ টকাকৈ বৃদ্ধি কৰা হ’ব বুলি আজি এখন সংবাদমেলযোগে প্রকাশ কৰিছে। সংগঠনটোৱে জনোৱা অনুসৰি অহা ১ ছেপ্টেম্বৰৰ পৰা প্ৰতিলিটাৰ গাখীৰৰ পাইকাৰী দাম ৬৪ টকা ৪০ পইচা আৰু খুচুৰা ৬৭ টকা হ'ব। উল্লেখযোগ্য যে বৃহত্তৰ গুৱাহাটী গোপালক সন্থাই খুঁট...

August 29, 2024 9:06 PM

views 19

ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষে তামুলপুৰত খো-খো প্রতিযোগিতা

ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ সৈতে সংগতি ৰাখি আজি তামুলপুৰ জিলা ক্রীড়া ভাৰতীৰ উদ্যোগত জিলাখনত খো-খো প্রতিযোগিতা অনুষ্ঠিত হয়। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি এই দিৱস উপলক্ষে ১৬ বছৰ অনূৰ্ধ্বৰ ল'ৰাৰ মাজত এই প্রতিযোগিতা অনুষ্ঠিত হয়। প্রতিযোগিতাত জিলাখনৰ ভিন্ন প্ৰান্তৰ পাঁচটা দলে অংশগ্রহণ ...

August 29, 2024 9:04 PM

views 20

ওদালগুৰিত শিশু অধিকাৰ সন্দৰ্ভত সজাগতা সভা

ওদালগুৰিত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত শিশু অধিকাৰ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত যৌন অপৰাধৰ পৰা শিশুসকলক সুৰক্ষা প্ৰদান কৰাৰ লগতে আইনী সাহায্য প্রদান সম্পর্কত আলোচনা কৰা হয়। জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব সবিতা ভৰদ্বাজে শিশুসকলৰ সৈতে জড়িত বিভিন্ন আইনৰ...

August 29, 2024 9:03 PM

views 14

উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ পৰামৰ্শদান কাৰ্যসূচী

লখিমপুৰ জিলা প্ৰশাসনৰ অধীনৰ মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত আজি উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এটা কেৰিয়াৰ পৰামৰ্শদান কাৰ্যসূচী অনুষ্ঠিত হয়। সংকল্প, মহিলা সবলীকৰণ কেন্দ্ৰৰ ১০০-দিনীয়া বিশেষ অভিযানৰ অংশ হিচাপে আয়োজিত কাৰ্যসূচীত জিলা নিয়োগ বিনিময...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।