আঞ্চলিক সংবাদ

July 28, 2024 11:16 AM July 28, 2024 11:16 AM

views 4

ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি

ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। শ্রী আচাৰ্যক মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। লক্ষ্মণপ্ৰসাদ আচাৰ্যই ২০১৫ চনৰ পৰা ২০২৩ চনলৈ উত্তৰপ্ৰদেশ বিধানসভাৰ জনপ্রতিনিধি হিচাপে সেৱা আগবঢ়াইছিল। ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয...

July 28, 2024 11:13 AM July 28, 2024 11:13 AM

views 4

নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠকত  মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অনুষ্ঠিত নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ লক্ষ্যত অৰিহনা যুগোৱা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। সামাজিক মাধ্যমযোগে শ্রীশর্মাই অসম দ্রুতগতিত বিকশিত হোৱা ৰাজ্যসমূহৰ...

July 28, 2024 11:06 AM July 28, 2024 11:06 AM

views 20

স্বাধীনতা সংগ্রামী দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু বার্ষিকী ৰাজ্যজুৰি দেশভক্তি দিৱস পালন

স্বাধীনতা সংগ্রামী দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু বার্ষিকীত আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্য চৰকাৰৰ উদ্যোগত আজি এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি জনতাভৱনৰ সভাকক্ষত আয়োজিত এখন মুকলি সভাত ৰাজ্য চৰকা...

July 27, 2024 9:45 PM July 27, 2024 9:45 PM

views 7

ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজ্যপালৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন

ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি নামনি অসমৰ বিভিন্ন ঠাইত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে চলিত প্রকল্পসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। ধুবুৰী জিলাৰ চাপৰ, ৰঙামাটিস্থিত শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে মহাবিদ্যালয়খনৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহতো উদ্বোধন কৰে।...

July 27, 2024 9:41 PM July 27, 2024 9:41 PM

views 13

ৰাজ্যৰ বিভিন্ন কেন্দ্ৰীয় বিদ্যালয়সমূহত গছপুলি ৰোপণ কাৰ্যসূচী পালন

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত চলি থকা ৰাষ্ট্ৰীয় শিক্ষা সপ্তাহ উপলক্ষে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন কেন্দ্ৰীয় বিদ্যালয়সমূহত গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰা হয়। মাতৃৰ নামত এটা গছপুলি শীৰ্ষক এই গছপুলি ৰোপণ কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় বিদ্যালয় গোৱালপাৰাৰ শিক্ষাৰ্থীসকলে মাতৃৰ উপস্থিতিত বিদ্যালয়খনৰ চৌহদত...

July 27, 2024 12:27 PM July 27, 2024 12:27 PM

views 7

গুৱাহাটীৰ সমীপত হ’ব ছেটেলাইট টাউনশ্বিপঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সমীপত এখন ছেটেলাইট টাউনশ্বিপ গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰিছে। এই টাউনশ্বিপৰ বাবে কেন্দ্ৰই ধনৰ যোগান ধৰিব। ইয়াৰ বাবে বাজেটত প্ৰয়োজনীয় পুঁজিৰ ব্যৱস্থা কৰা হৈছে। কালি এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দেশৰ ৫ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত ...

July 27, 2024 12:11 PM July 27, 2024 12:11 PM

views 8

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নির্বাচনৰ বাবে বিজেপি-কংগ্ৰেছৰ ব্যাপক তৎপৰতা

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ-নির্বাচনৰ বাবে ৰাজ্যত শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ ব্যাপক তৎপৰতা আৰম্ভ । বিজেপিয়ে ৫ জন মন্ত্ৰীক ৫টা সমষ্টিৰ বাবে বিশেষ দায়িত্ব অর্পণ কৰিছে। এই সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কালি এখন সংবাদ মেলত কয় যে, বিহালীত পীযূষ হাজৰিকাই, ...

July 27, 2024 12:09 PM July 27, 2024 12:09 PM

views 66

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা ইউনেস্ক’ৰ

ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা চমুকৈ ইউনেস্ক'ৱে কালি চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে। এই ঘোষণাৰ লগে লগে সাংস্কৃতিক শ্রেণীত মৈদাম ক্ষেত্ৰখন উত্তৰ-পূৰ্বাঞ্চলৰ প্রথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ভাৰতবৰ্ষৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। চৰাইদ...

July 27, 2024 12:05 PM July 27, 2024 12:05 PM

views 8

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী ‘সম্পূর্ণতা অভিযান’ৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগৰ বিভিন্ন সজাগতামূলক কাৰ্যসূচী

নিটি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূর্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূর্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশ...

July 27, 2024 12:03 PM July 27, 2024 12:03 PM

views 8

বৰপেটা জিলাত ড্রাগছৰ বিৰুদ্ধে অভিযান অব্যাহত, ১২জন লোকক আটক

বৰপেটা জিলাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত নিষিদ্ধ ড্রাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীয়ে অভিযানকালত কেইবাখনো আৰক্ষী থানাৰ অধীনৰ বিভিন্ন অঞ্চলৰ পৰা কালি ১২ জন লোকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে সদৰি কৰা অনুসৰি অভিযুক্তসকল হেৰ'ইন সৰবৰাহৰ লগত বিশেষভাৱে জড়িত। ধৃত লোকসকলৰ বিৰুদ্ধে বৰপেট...