অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য অজয় কুমাৰ দত্ত আৰু মাজুলী জিলাৰ আয়ুক্ত ড০ কাবেৰী বি শৰ্মাৰ অধ্যক্ষতাত কালি জিলাখনৰ শিশু সুৰক্ষা বিষয়ত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কার্যালয়ত অনুষ্ঠিত সভাখনত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যদ্বয় অজয় কুমাৰ দত্ত আৰু ৰিলাঞ্জনা তালুকদাৰৰ লগতে কাৰিকৰী পৰামৰ্শদাতা মৃদুস্মিতা দত্তয়ো অংশগ্ৰহণ কৰে। সভাখনত জিলা শিশুৰ সুৰক্ষা গোটৰ দ্বাৰা শিশু সুৰক্ষাৰ বাবে লোৱা পদক্ষেপসমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। এই আলোচনাত শিশুৰ ওপৰত হোৱা উৎপীড়ন আৰু অপৰাধ ৰোধ কৰিবলৈ লোৱা কাৰ্যপ্ৰণালীৰ সন্দৰ্ভত আলোকপাত কৰাৰ লগতে প’কছ’, শিশু শ্রমিক ইত্যাদি বিষয়ৰ ওপৰত আলোচনা কৰা হয়। ইয়াৰ লগতে সভাত বাল্য বিবাহ ৰোধ কৰাৰ ওপৰতো বিশেষ পদক্ষেপ হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাখনত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যকেইগৰাকীয়ে আৰক্ষী, স্বাস্থ্য, সমাজ কল্যাণ আদি বিভাগৰ বিষয়াসকলক শিশু কল্যাণ আৰু শিশু সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়।
Site Admin | August 31, 2024 12:30 PM | majuli sabha child protection
মাজুলীত শিশু সুৰক্ষা বিষয়ত সভা
