আঞ্চলিক সংবাদ

September 24, 2024 9:19 PM

views 12

পশ্চিমবংগৰ জলপাইগুৰিৰ মইনাগুৰি ৰে’ল ষ্টেচনৰ সমীপত মালবাহী ৰে’লগাড়ীৰ দবা লাইনচ্যুত

পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ মইনাগুৰি ৰে'ল ষ্টেচনৰ সমীপত আজি পুৱা এখন মালবাহী ৰে’লগাড়ীৰ কেইবাটাও দবা লাইনৰ পৰা বাগৰি পৰে। ৰে'লগাড়ীখনৰ একাংশ দবা ইঞ্জিনৰ পৰা বিচ্ছিন্ন হোৱাৰ বাবেই এই অঘটন ঘটে। দুৰ্ঘটনাত পতিত ৰে’লগাড়ীখন অসমৰ পৰা নিউ জলপাইগুৰি ষ্টেচন অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে। আলিপুৰ দুৱাৰৰ ম...

September 24, 2024 9:18 PM

views 17

মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্রতিভা সন্ধান কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ ৫গৰাকী শিক্ষার্থীৰ কেম্ব্রিজ বিশ্ববিদ্যালয়লৈ যাত্ৰা

মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্রতিভা সন্ধান কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ ৫ গৰাকী শিক্ষার্থীয়ে কেম্ব্রিজ বিশ্ববিদ্যালয়লৈ যাত্ৰা কৰিছে। শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে এই ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত এইবাৰ ৫গৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে- দৰঙৰ জাহ্নবী প্ৰিয়া নাথ, ডিব্ৰুগড়...

September 24, 2024 9:15 PM

views 13

কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয় ২৭ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণাৰ নিৰ্দেশ প্রত্যাহাৰ

কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী আৰু বে-চৰকাৰী বিদ্যালয় ২৭ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা কৰি জাৰি কৰা নিৰ্দেশ প্রত্যাহাৰ কৰা হৈছে। বতৰ পূৰ্বৰ তুলনাত কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশ প্রত্যাহাৰ কৰা হয়। অৱশ্যে বিদ্যালয় পুৱা চাৰে ৭ বজাৰ পৰা দুপৰীয়া চাৰে ১২ বজালৈ খোলা ৰখাৰ নির্দেশ অব্যাহত থাকিব। উ...

September 24, 2024 9:14 PM

views 14

গুৱাহাটী প্ৰেছ ক্লাবত ২৬ ছেপ্টেম্বৰত শিল্পী সাহায্য নিধি অসমৰ ‘শিল্পপ্ৰাণ মাখন দেৱান স্মাৰক বঁটা’ প্ৰদান অনুষ্ঠান

শিল্পী সাহায্য নিধি অসমে অহা ২৬ ছেপ্টেম্বৰৰ বিয়লি ৩ বজাত গুৱাহাটী প্ৰেছ ক্লাবত ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শিল্পপ্ৰাণ মাখন দেৱান স্মাৰক বঁটা ২০২৪ প্ৰদান কৰিব। উল্লেখযোগ্য যে বিগত ৩০ বছৰে শিল্পী সাহায্য নিধিয়ে অসমৰ দুৰ্গত শিল্পী, কলা-কুশলীসকললৈ আৰ্থিক সাহায্য আগবঢ়াই আছে। এই বেলি মঞ্চ, চলচ...

September 24, 2024 9:12 PM

views 6

২০২৫ চনৰ হজৰ বাবে আৱেদন পত্র দাখিলৰ সময় ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি

২০২৫ চনৰ হজৰ বাবে আৱেদন পত্র দাখিল কৰাৰ প্ৰক্ৰিয়া অহা ৩০ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰা হৈছে। সেই অনুসৰি ৩০ ছেপ্টেম্বৰ বা তাৰ পূৰ্বে জাৰি হোৱা আৰু ২০২৬ চনৰ ১৫ জানুৱাৰীলৈ বৈধতা থকা পাৰপত্ৰ ধাৰকসকলে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত ভাৰতীয় হজ কমিটীৰ ৱেবছাইট WWW.HAJCOMMITEE.GOV.IN আৰু মোবাইল এপ হজ সুবিধাৰ জৰিয়তে অন...

September 24, 2024 9:11 PM

views 12

ডিফুত আৰোহন আঁচনিৰ অধীনত বিভিন্ন শিক্ষানুষ্ঠানৰ নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ভাব বিনিময় অনুষ্ঠান

কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত আজি ডিফুৰ আৱৰ্ত ভৱন প্ৰেক্ষাগৃহত আৰোহন আঁচনিৰ অধীনত বিভিন্ন শিক্ষানুষ্ঠানৰ নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ভাব বিনিময় অনুষ্ঠিত হয়। জিলা আয়ুক্তই উদ্বোধন কৰা এই সভাত নৱম, দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন কেৰিয়াৰ সম্পর্কত বক্তব্য প্...

September 24, 2024 9:09 PM

views 10

যোৰহাট জিলা প্ৰশাসন, যোৰহাট জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় ধঁপাতমুক্ত অভিযানৰ গণস্বাক্ষৰ কাৰ্যসূচী

যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় ধঁপাত মুক্ত অভিযানৰ গণস্বাক্ষৰ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা আযুক্তই উদ্বোধন কৰা এই কাৰ্যসূচীত বহুকেইগৰাকী প্রশাসনিক বিষয়াই স্বাক্ষৰ কৰে। উল্লেখযোগ্য যে, আজিৰ পৰা অহা ২৩ নৱেম্বৰলৈকে চলিবলগীয়া এই অভিযান বিভিন্ন বিভাগৰ চৌহদ, ...

September 24, 2024 9:07 PM

views 37

গোৱালপাৰাৰ লক্ষীপুৰ বনাঞ্চলিক কার্যালয়ৰ অন্তৰ্গত বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান

গোৱালপাৰা জিলাৰ লক্ষীপুৰ বনাঞ্চলিক কার্যালয়ৰ অন্তৰ্গত বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত আজি জিলা প্ৰশাসনৰ সহযোগত বন বিভাগে উচ্ছেদ অভিযান চলায়। অঞ্চলটোৰ ১১৮ হেক্টৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ৫৫ হেক্টৰ ভূমিত ৪৫০টা পৰিয়াল অবৈধভাৱে বসবাস কৰি আছিল। কিছুদিন পূর্বে বন বিভাগে অবৈধভাৱে বসবাস কৰা এই পৰিয়ালসমূহক উ...

September 24, 2024 9:02 PM

views 11

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত হেমন্ত ছোৰেন চৰকাৰে ভালেমান ঘোষণা কৰা বুলি বিজেপিৰ সহঃপ্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ

বিজেপিৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সহঃপ্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত হেমন্ত ছোৰেন চৰকাৰে ভালেমান ঘোষণা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। ৰাঁচীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীশৰ্মাই কয় যে, ৰাজ্যখনত বৰ্তমানৰ চৰকাৰখনে জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত সঁচাকৈ গুৰুত্ব আৰোপ ...

September 24, 2024 9:01 PM

views 11

কামৰূপৰ গৰৈমাৰীৰ এফ এ আহমেদ মহাবিদ্যালয়ত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ ‘জনসম্পৰ্ক ৰক্ষা’ কাৰ্যসূচী

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি কামৰূপ জিলাৰ গৰৈমাৰীৰ এফ এ আহমেদ মহাবিদ্যালয়ত ‘স্বচ্ছতাই সেৱা’ শীৰ্ষক দেশজোৰা অভিযানৰ অংশ হিচাপে ‘জনসম্পৰ্ক ৰক্ষা’ কাৰ্যসূচী গ্ৰহণ কৰে। উল্লেখযোগ্য যে, ‘স্বভাৱ স্বচ্ছতা, সংস্কাৰ স্বচ্ছতা’ শীৰ্ষক স্বচ্ছতা আৰু অনাময় কাৰ্যসূচীৰ দ্বাৰা ‘স্বচ্ছতাই সেৱা’ নামৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।