আঞ্চলিক সংবাদ

November 8, 2024 8:54 PM

views 14

ৰাজ্যৰ ট্রেডিং কেলেংকাৰিৰ প্ৰধান অভিযুক্ত বিশাল ফুকনৰ কেচ ডায়েৰী ১৪ নৱেম্বৰত দাখিল কৰিবলৈ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক ন্যায়ালয়ৰ নির্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ অন্যতম ট্রেডিং কেলেংকাৰিৰ প্ৰধান অভিযুক্ত বিশাল ফুকনৰ জামিন আবেদনৰ ভিত্তিত গোচৰৰ কেচ ডায়েৰী অহা ১৪ নৱেম্বৰত দাখিল কৰিবলৈ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক নির্দেশ দিছে। বর্তমান কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ জিম্মাত থকা ফুকনে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ...

November 8, 2024 8:50 PM

views 17

ষট পূজা উপলক্ষে কাইলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৮খন বিশেষ ৰে’লৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই ষট পূজা উপলক্ষে কাইলৈ ৮খন বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে। ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কাটিহাৰৰ পৰা মুজাফৰপুৰ, কাটিহাৰৰ পৰা দাওৰাম মাধপুৰা, কাটিহাৰৰ পৰা আনন্দবিহাৰ আৰু কাটিহাৰৰ পৰা মণিহাৰীলৈ চাৰিখন ৰে'লৰ ব্যৱস্থা কৰিছে। আনহাতে নিউ জলপাইগুৰিৰ পৰা পাটনালৈ, ফৰবেছগঞ্জৰ পৰা আগ্ৰা...

November 8, 2024 8:48 PM

views 14

যোৰাবাটত কেইবাটাও গৰুসহ ট্ৰাক জব্দ বশিষ্ঠ আৰক্ষীৰ, ৬জন সৰবৰাহকাৰী আটক

অসম আৰক্ষীয়ে ৰাজ্যখনত গৰুৰ চোৰাং সৰবৰাহ ৰোধ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে কামৰূপ মহানগৰৰ বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই যোৰাবাটৰ পৰা এখন ট্রাকেৰে মেঘালয়লৈ সৰবৰাহ কৰা অৱস্থাত কেইবাটাও গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে লগতে এই সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত ৬ জন লোকক আটক কৰে। ...

November 8, 2024 8:47 PM

views 17

গুৱাহাটীৰ শিক্ষক ভৱনত কাইলৈ ৰাজ্যৰ প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত তৰ্ক প্ৰতিযোগিতা

গুৱাহাটীৰ চানমাৰিৰ শিক্ষক ভৱনত কাইলৈ ৰাজ্যৰ প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ য়ে স্কুলীয়া শিক্ষাৰ মান উন্নত কৰিব শীর্ষক তর্ক প্রতিযোগিতাত ৰাজ্যৰ ভালেমান প্রতিযোগীয়ে অংশগ্ৰহণ কৰিব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা সন্মিলনীৰ মহাৰজত বৰ্ষৰ লগত সংগ...

November 8, 2024 8:45 PM

views 51

গুৱাহাটী প্ৰেছ ক্লাবত কাইলৈ লুইত-জিষ্ট কমিউনিকেচন এডুকেচনেল ট্ৰাষ্টৰ পিতৃ-মাতৃ বন্দনা সমাৰোহ

লুইত-জিষ্ট কমিউনিকেচন এডুকেচনেল ট্ৰাষ্টৰ উদ্যোগত কাইলৈ গুৱাহাটী প্ৰেছ ক্লাবত পিতৃ-মাতৃ বন্দনা সমাৰোহ অনুষ্ঠিত হ'ব। এই সমাৰোহ উপলক্ষে আই-পিতাইৰ মানসিক স্বাস্থ্য সজাগতা আৰু আমাৰ কৰ্তব্য শীর্ষক আলোচনাসভা আয়োজিত হ'ব। অনুষ্ঠানত ডেউকা শীর্ষক বার্ষিক মুখপত্ৰখনো উন্মোচন কৰা হ'ব। এই অনুষ্ঠান আয়োজন কৰাৰ বাব...

November 8, 2024 8:44 PM

views 15

দৰঙৰ ধূলাৰ এন চি গৰাপৰি গাঁৱত ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণত মহিলা আহত

দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত এন চি গৰাপৰি গাঁৱত ঢেকীয়াপতীয়া বাঘৰ আক্ৰমণত এগৰাকী মহিলা আহত হয়। পথাৰলৈ গৈ থকা অৱস্থাত মহিলাগৰাকীক ঢেকীয়াপতীয়া বাঘটোৱে আক্ৰমণ কৰে। আহত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। বাঘটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অ...

November 8, 2024 8:43 PM

views 8

বজালীৰ বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাষা গৌৰৱ সপ্তাহৰ অংশ হিচাপে বৰ্ণাঢ্য শোভাযাত্রা

বজালী জিলাৰ বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ভাষা গৌৰৱ সপ্তাহৰ অংশ হিচাপে বৰ্ণাঢ্য শোভাযাত্রা উলিয়ায়। এই শোভাযাত্রাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ বাবে সমগ্ৰ ৰাজ্যতে ৩ নৱেম্বৰৰ পৰা ৯ নৱ...

November 8, 2024 8:42 PM

views 20

আকাশবাণী গুৱাহাটীৰ কাইলৈৰ ‘দৃষ্টিপাত’ত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ উপদে...

November 8, 2024 7:00 PM

views 12

ভাৰতীয় ৰে’লৱেৰ উৎসৱৰ বতৰত ৪,৫২১খন ৰে’লেৰে প্রায় ৬৫ লাখ যাত্ৰীৰ যাতায়াত

ভাৰতীয় ৰে'লৱে উৎসৱৰ বতৰত ৪ হাজাৰ ৫২১ খন ৰে'লগাড়ীৰ জৰিয়তে প্রায় ৬৫ লাখ যাত্ৰীক যাতায়াত কৰোৱাইছে। ৰে'ল মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি ১ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈকে বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তলৈ ৬ কোটি ৮৫ লাখৰো অধিক যাত্ৰীয়ে ৰে'লযোগে নিজৰ গন্তব্য স্থানলৈ যাত্ৰা কৰে৷ ইপিনে উত্ত...

November 8, 2024 6:55 PM

views 22

ৰাজ্যৰ ৫টা সমষ্টিত হ’বলগীয়া উপ-নির্বাচনলৈ মাজত ৪টা দিন, বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান

ৰাজ্যৰ ৫টা সমষ্টিত হ'বলগীয়া উপ-নির্বাচনলৈ মাজত ৪টা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চিদলী আৰু বঙাইগাঁও বিধানসভা সমষ্টিত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। চিদলীৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।