আঞ্চলিক সংবাদ

November 10, 2024 6:54 PM

views 72

কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈ সত্ৰখনত পাঁচদিনীয়াকৈ পালনামৰ আয়োজন

মাজুলীৰ ঐতিহাসিক আউনীআটি সত্ৰত প্ৰতিষ্ঠাকালৰে পৰাই পাৰম্পৰিকভাৱে পালন কৰি অহা পালনাম মহোৎসৱৰ বাবে প্ৰস্তুতি চলি আছে। প্ৰতি বছৰে কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈ সত্ৰখনত পাঁচদিনীয়াকৈ পালনামৰ আয়োজন কৰা হয় যদিও চলিত বৰ্ষত আজিৰে পৰা অৰ্থাৎ ২৪ কাতিৰ পৰা এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ উদ্দেশ্যে ...

November 10, 2024 6:45 PM

views 21

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংঘটিত ৰাজনৈতিক হিংসাক মুখ্যমন্ত্রীৰ গৰিহণা

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কালি সংঘটিত ৰাজনৈতিক হিংসাৰ ঘটনা সন্দৰ্ভত আজি বিজেপিয়ে কংগ্ৰেছ দলৰ বিৰুদ্ধে অভিযোগ তুলি নগাঁৱৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছে। মন্ত্ৰী বিমল বৰা আৰু বিধায়ক ৰূপক শৰ্মাই এই পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে যোৱা নিশা চামগুৰিৰ পুঠিখাইটি...

November 10, 2024 6:42 PM

views 35

বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত আম আদমী পাৰ্টীয়ে গেৰাণ্টি কার্ড মুকলিৰে নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ ২৪ ঘণ্টা বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।  বিহালীত আম আদমী পাৰ্টীয়ে সমষ্টিটোৰ প্ৰাৰ্থী অনন্ত গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি গেৰাণ্টি ...

November 10, 2024 6:24 PM

views 36

ডিমা হাচাও জিলাৰ জাতিংগা পক্ষী উদ্যানলৈ ভালেসংখ্যক বিৰল প্ৰজাতিৰ পক্ষীৰ আগমন

বছৰি বহু পৰিভ্ৰমী পক্ষীৰ সমাগম ঘটা ডিমা হাচাও জিলাৰ জাতিংগা পক্ষী উদ্যানলৈ চলিত বছৰতো ভালেসংখ্যক বিৰল প্ৰজাতিৰ পক্ষীৰ আগমন ঘটিছে। কালি সামৰণি পৰা জাতিংগা মহোৎসৱৰ লগত সংগতি ৰাখি পৰিভ্ৰমী পক্ষী দৰ্শনৰ বাবে দেশ-বিদেশৰ ভালেসংখ্যক পর্যটকো জাতিংগা পক্ষী উদ্যানলৈ আহিছে। উল্লেখযোগ্য যে পক্ষী উদ্যানখনত এইবাৰ...

November 10, 2024 6:17 PM

views 12

কল্যাণকামী ৰাষ্ট্ৰ এখনৰ ক্ষেত্ৰত অসামৰিক সেৱা, চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰা এখন শক্তিশালী আৰু অতীব প্রয়োজনীয় সেতু বুলি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই অভিহিত কৰে

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই কল্যাণকামী ৰাষ্ট্ৰ এখনৰ ক্ষেত্ৰত অসামৰিক সেৱা চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰা এখন শক্তিশালী আৰু অতীব প্রয়োজনীয় সেতু বুলি অভিহিত কৰে। ৰাজ্যপালৰ প্ৰতিভা প্রোৎসাহন যোজনাৰ অধীনত ৰাজ্যখনৰ অসামৰিক সেৱা পৰীক্ষাসমূহৰ বাবে সাজু হোৱা নিৰ্বাচিত পৰীক্ষাৰ্থীসকলৰ কাৰণে ক...

November 10, 2024 6:12 PM

views 28

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি দিগন্ত ঘাটোৱালৰ হৈ বিহালী সমষ্টি...

November 10, 2024 11:36 AM

views 15

১৫ আৰু ১৬ নৱেম্বৰত নতুন দিল্লীত দুদিনীয়াকৈ বড়োলেণ্ড মহোৎসৱ

বিটিচি প্ৰশাসনৰ উদ্যোগত অহা ১৫ আৰু ১৬ নৱেম্বৰত নতুন দিল্লীত দুদিনীয়াকৈ বড়োলেণ্ড মহোৎসৱ অনুষ্ঠিত হ'ব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱত বড়ো সমাজৰ কলা- সংস্কৃতি আদি প্ৰদৰ্শন কৰা হ'ব। ১৫ নৱেম্বৰৰ কাৰ্যসূচীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অংশগ্ৰহণ কৰাৰ কথা। এই মহোৎ...

November 10, 2024 11:32 AM

views 36

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা এই ৰাসলীলা বা ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত উৎসাহ উদ্দীপনা সৃষ্টি হৈছে। অহা ১৫ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত ৰাস মহোৎসৱ উদযাপিত হ'ব। মাজুলীৰ দক্ষিণপাট সত্...

November 10, 2024 11:30 AM

views 29

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নির্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নির্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। কাইলৈ এই প্ৰচাৰ অভিযানৰ অন্ত পৰাৰ পূৰ্বে দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ ভোটাৰৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি দিগন্ত ঘাটোৱালৰ হৈ বিহালী সমষ্টিত প্ৰচাৰ চলাব। কালি...

November 10, 2024 11:26 AM

views 38

অসম তথা উত্তৰ পূৰ্বাঞ্চলত জৈৱ ইন্ধনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে আৰু ইয়াৰ দ্বাৰা নতুন প্ৰজন্মই স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হ’ব পাৰেঃ ড° অৰূপ কুমাৰ মিশ্ৰ

ভাৰতে সৌৰ সহযোগিতাৰ পাছতে জৈৱ ইন্ধনৰ সহযোগিতাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বক সজাগ কৰাৰ প্ৰয়াস কৰিব। অসম তথা উত্তৰ পূৰ্বাঞ্চলতো জৈৱ ইন্ধনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে আৰু ইয়াৰ দ্বাৰা নতুন প্ৰজন্মই স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হ'ব পাৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত প্র...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।