আঞ্চলিক সংবাদ

October 5, 2024 9:40 AM October 5, 2024 9:40 AM

views 17

ৰাজ্যত আগন্তুক ৫ দিনৰ বাবে বতৰ অপৰিৱৰ্তিত হৈ থাকিব

ৰাজ্যত আগন্তুক পাঁচ দিনৰ বাবে বতৰ অপৰিৱৰ্তিত হৈ থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতর্কতা জাৰি কৰিছে। এই দিনকেইটাত গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত কম-বেছি পৰিমাণে বৰষুণ হ'ব বুলি ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। ৰাজ্যৰ কিছু কিছু ঠাইত মজলীয়াৰ পৰা ধাৰাষাৰ আৰু দুই-এঠাইত গাজনি-ঢেৰেকনিৰ...

October 5, 2024 9:37 AM October 5, 2024 9:37 AM

views 21

নেৰানেপেৰা বৰষুণৰ ফলত দক্ষিণ শালমাৰাৰ মানকাচাৰত কৃত্রিম বানৰ সৃষ্টি

ৰাজ্যত কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত দক্ষিণ শালমাৰা জিলাৰ মানকাচাৰত কৃত্রিম বানৰ সৃষ্টি হৈছে। মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে কালাপানী-দিয়াৰা আৰু কালাপানী বাঘাপাৰা সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ বিস্তৰ ক্ষতি-সাধন হৈছে।

October 5, 2024 9:34 AM October 5, 2024 9:34 AM

views 18

দ্বিতীয় পৰ্যায়ত ১৮ খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হ’ব

প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি দ্বিতীয় পৰ্যায়ত ১৮ খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হ'ব। আজি জালুকবাৰী, নতুন গুৱাহাটী, দিছপুৰ, ডিমৰীয়া, অভয়াপুৰী, ৰহা, লামডিং, লাহৰিঘাট, জাগীৰোড, ঢেকীয়াজুলী, ডুমডুমা, নাহৰকটীয়া, দুলিয়াজান, তিখং, নাজিৰা, ডিমৌ, মাহমৰা আৰু লক্ষিপুৰত সমজিলাৰ কাৰ...

October 5, 2024 9:30 AM October 5, 2024 9:30 AM

views 17

গোলাঘাট জিলা দিৱস উপলক্ষে জিলা প্ৰশাসনৰ ভিন্ন কার্যসূচী

গোলাঘাট জিলাত আজি দিনজোৰা কাৰ্যসূচীৰে জিলা দিৱস উদযাপন কৰা হ'ব। গোলাঘাট জিলা দিৱস উপলক্ষে জিলা প্ৰশাসনে কেইবাটাও কার্যসূচী গ্ৰহণ কৰিছে। আজি পুৱা গোলাঘাট জিলাৰ আৱতৰ্ভৱন চৌহদত অনুষ্ঠিত পতাকা উত্তোলন কাৰ্যসূচীত বিত্তমন্ত্রী অজন্তা নেওগে অংশগ্ৰহণ কৰে। জিলা দিৱস উপলক্ষে প্ৰাচীৰ পত্রিকা উদ্বোধন কৰাৰ লগতে ...

October 5, 2024 9:27 AM October 5, 2024 9:27 AM

views 12

কাইলৈৰ পৰা নিযুত মইনা আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ

■ ৰাজ্যত কাইলৈৰ পৰা নিযুত মইনা আঁচনিৰ ধন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া সভাত নিযুত মইনা আঁচনিৰ শুভাৰম্ভ কৰা হ'ব বুলি কালি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল যোগে জানিবলৈ দিয়ে। খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কাইলৈ মু...

October 4, 2024 7:42 PM October 4, 2024 7:42 PM

views 10

১৪টাকৈ জিলা মেলেৰীয়া বিষয়া পদৰ নিযুক্তি বাতিলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ আমোলৰ ১৪ টাকৈ জিলা মেলেৰীয়া বিষয়া পদৰ নিযুক্তি বাতিলৰ নিৰ্দেশ দিছে। এগৰাকী বঞ্চিত প্ৰাৰ্থীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়া...

October 4, 2024 7:38 PM October 4, 2024 7:38 PM

views 14

ধুবুৰীত নাবাৰ্ডৰ নৱনিৰ্মিত জিলা কাৰ্যালয়ৰ আনুষ্ঠানিক উদ্বোধন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি ধুবুৰীত নাবাৰ্ডৰ নৱনিৰ্মিত জিলা কাৰ্যালয়টোৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে কার্যালয় মুকলি কৰি অনাগত দিনত নাবার্ডে জিলাখনৰ কৃষিখণ্ড তথা গ্ৰাম্য উদ্যোগৰ সৈতে জড়িতসকলক বিভিন্ন সহায়-সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।

October 4, 2024 7:33 PM October 4, 2024 7:33 PM

views 6

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বে-দখলকাৰীৰ কবলত পৰা প্ৰায় ২২ হাজাৰ বিঘা ভূমি উচ্ছেদ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বে-দখলকাৰীৰ কবলত পৰা প্ৰায় ২২ হাজাৰ বিঘা ভূমি উচ্ছেদ কৰিছে বুলি সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া বন্যপ্রাণী সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা বুলি প্ৰকাশ কৰাৰ লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান এতিয়া কাজিৰঙা আৰু বুঢ়া চা...

October 4, 2024 7:18 PM October 4, 2024 7:18 PM

views 5

যোৰহাট জিলা তাৰকাগৃহত হোৱা অনুষ্ঠানত মন্ত্ৰী বিমল বৰাৰ অংশগ্ৰহণ

সেৱা পষেকৰ লগত সংগতি ৰাখি যোৰহাট জিলা তাৰকাগৃহৰ প্ৰেক্ষাগৃহত আজি এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই ভাষণ দিয়ে। এই সভাত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতাৰ লগতে ...

October 4, 2024 6:57 PM October 4, 2024 6:57 PM

views 6

আজি আৰু কাইলৈ ৰাজ্যৰ ২১খন জিলাত ৩৯খন সম-জিলাৰ কাৰ্যালয় মুকলি

প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি আৰু কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হৈছে। এই প্রশাসনিক সংস্কাৰমূলক ব্যৱস্থাৰ দ্বাৰা এতিয়াৰে পৰা সাধাৰণ নাগৰিকে ভূমি ৰাজহ দণ্ডাধীকাৰ, উন্নয়ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ, খাদ্য আৰু অসামৰিক যোগান, আবকাৰী আদি ব...