আঞ্চলিক সংবাদ

October 9, 2024 6:52 PM October 9, 2024 6:52 PM

views 7

অহা ১৩ অক্টোবৰত বিভিন্ন জিলাত সুৰা নিষিদ্ধ ঘোষণা

ৰাজহুৱা শান্তি-শৃংখলা বৰ্তাই ৰখাৰ লক্ষ্যৰে অসম আবকাৰী আইনৰ অধীনত অহা ১৩ অক্টোবৰত বিভিন্ন জিলাত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। বৰপেটা জিলাতো ২৪ ঘণ্টাৰ বাবে সুৰা নিষিদ্ধ কৰা হৈছে। ১৩ অক্টোবৰত পালন কৰিবলগীয়া শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি আৰু বিজয়া দশমীৰ বাবে এই নিৰ্দেশনা ২৪ ঘণ্টাৰ বাবে বাহাল থাকিব। এ...

October 9, 2024 6:49 PM October 9, 2024 6:49 PM

views 10

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনা

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ ভিন ভিন বিষয় লৈ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে...

October 8, 2024 7:09 PM October 8, 2024 7:09 PM

views 3

পূব মাজুলী মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন

জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত পূব মাজুলী মহাবিদ্যালয় আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। মহিলা সৱলীকৰণ তথা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ৫ গৰাকী মহিলা আৰু কিশোৰীক এই অনুষ্ঠানত সম্বর্ধনা জনোৱা হয়। বেটী বাচাঅ', বেটী পঢ়াঅ' এই আঁচনিৰ অধীনত আয়োজিত এই কাৰ্যসূচীত ভালকেগৰাকী বিশি...

October 8, 2024 7:07 PM October 8, 2024 7:07 PM

views 6

ডিব্ৰুগড়ত ৰিক্সা চালক, ঠেলা চালকৰে মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত বিনিময়

কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰিক্সা চালক, ঠেলা চালকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। অন্তোদয়া আঁচনিৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সম বিকাশ আৰু সম মর্যাদা নিশ্চিত কৰাটো বিজেপি চৰকাৰৰ মূল লক্ষ্য বুলি তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰিক্সা চালক, ঠেলা চা...

October 8, 2024 7:03 PM October 8, 2024 7:03 PM

views 5

চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীক ২০% পূজাৰ বনাচ আগবঢ়োৱাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকলক ২০ শতাংশ পূজাৰ বনাচ আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। ইয়াৰ দ্বাৰা ৰাজ্যৰ ৮ শতাধিক চাহ বাগিচাৰ ১০ লাখৰো অধিক শ্রমিক-কৰ্মচাৰীয়ে উপকৃত হ'ব। এই বনাচ আদায়ৰ বাবে ৰাজ্য চৰকাৰে ৭৮ কোটিৰো অধিক টকা ব্যয় কৰিব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে।

October 8, 2024 7:00 PM October 8, 2024 7:00 PM

views 11

শাৰদীয় দুর্গা পূজাৰ প্ৰাক্ মুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আনন্দমুখৰ পৰিৱেশ

শাৰদীয় দুর্গা পূজাৰ প্ৰাক্ মুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ'ব। এইবাৰ দেৱী দুৰ্গাৰ দোলাত আগমন ঘটিছে আৰু ঘোঁৰাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। বিগত কিছুদিন ধৰি ৰাজ্যত বৰষুণ হোৱাৰ পৰিপ্ৰেক...

October 8, 2024 6:57 PM October 8, 2024 6:57 PM

views 9

২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীত ২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিছে। এই উপলক্ষে বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে। কানাড়া ছবি কান্তাৰাত কৰা অনবদ্য অভিনয়ৰ বাবে ঋষভ ছেট্রিক ...

October 8, 2024 6:54 PM October 8, 2024 6:54 PM

views 7

অনলাইন ট্রেডিং প্রবঞ্চনাৰ গোচৰসমূহ চি বি আইক অৰ্পণ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চি বি আইক অনলাইন ট্রেডিং প্রবঞ্চনাৰ গোচৰ অৰ্পন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন থানাত পঞ্জীয়নভুক্ত অনলাইন ব্যৱসায়ৰ সৈতে জড়িত ৪১ টা গোচৰ চি বি আইলৈ হস্তান্তৰ কৰা হৈছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, যো...

October 8, 2024 6:45 PM October 8, 2024 6:45 PM

views 11

গল্পকাৰ পাপৰি বৰ্মনলৈ ৩০ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান

২০২৪ বৰ্ষৰ ৩০ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা ‘পৰুৱা পোহনীয়া’ শীৰ্ষক ছুটি গল্প সংকলনৰ বাবে তৰুণ প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ পাপৰি বৰ্মনলৈ আগবঢ়োৱা হৈছে। সাহিত্যিক সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা অসমীয়া ভাষাৰ প্ৰতিভাশালী তৰুণ লেখক-লেখিকাক উদ্গানি যোগোৱাৰ বাবে ...

October 8, 2024 6:42 PM October 8, 2024 6:42 PM

views 6

গুৱাহাটীত ৰাষ্ট্ৰীয় ডাক সপ্তাহ উদযাপন

অসম ডাক পৰিমণ্ডলে ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে কালিৰেপৰা ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন কৰিছে। অহা ১১ অক্টোবৰলৈ চলিবলগীয়া ডাক সপ্তাহ সন্দৰ্ভত আজি অসম পৰিমণ্ডলৰ ডাক সেৱাৰ সঞ্চালক অভিষেক জৈনে গুৱাহাটীত এখন সংবাদমেলত সবিশেষ প্ৰকাশ কৰে। তেওঁ কয় যে ডাক সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যজুৰি বিভিন্ন কাৰ...