আঞ্চলিক সংবাদ

November 18, 2024 12:18 PM

views 29

মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত পঃৰাগ উৎসৱ উদযাপনৰ লাইখুঁটা স্থাপন

শিৱসাগৰ জিলাৰ দিচাংমুখৰ বলমা মিচিং গাঁৱত মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত পঃৰাগ উৎসৱ উৎসৱ উদযাপনৰ কালি লাইখুঁটা স্থাপন কৰা হয়। উৎসৱ উদযাপন সমিতিৰ সম্পাদক কাতিৰাম মিলিয়ে আঁত ধৰা অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি ৰামচন্দ্ৰ মিলিয়ে লাইখুঁটা স্থাপন কৰে। অনুষ্ঠানত অঞ্চলটোৰ সমূহ ৰাইজ উপস্থিত থাকে। অহা ১৭, ১৮ আৰু ...

November 18, 2024 12:17 PM

views 13

অসমীয়া সাহিত্য আৰু সংস্কৃতি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিব লাগে বুলি ড° সূর্যকান্ত হাজৰিকাৰ মন্তব্য

অসমীয়া সাহিত্য আৰু সংস্কৃতি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰিব লাগে বুলি অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত হাজৰিকাই মন্তব্য প্ৰকাশ কৰিছে। কালি দেৰগাঁও সাহিত্য সভাৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ সভাপতিগৰাকীয়ে এইদৰে কয়। ড° হাজৰিকাই তেওঁৰ ভাষণত কৃষিমন্ত্ৰী অতুল বৰাক এখন...

November 18, 2024 12:13 PM

views 26

মণিপুৰত অনির্দিষ্ট কালৰ বাবে জাৰি কৰা কার্ফিউ অব্যাহত

সান্ধ্য আইনৰ কৱলত থকা মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে যদিও ভিতৰি ভিতৰি উত্তেজনা অব্যাহত আছে। অৱশ্যে ৰাজ্য চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পাৰ্যমানে চেষ্টা অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰে ভালেমান স্পৰ্শকাতৰ অঞ্চলত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী নিয়োগ ক...

November 18, 2024 12:10 PM

views 23

আকাশবাণীৰ পাব্লিক স্পীকত আজি ধ্ৰুৱজ্যোতি সেনগুপ্ত আৰু মলি সেনগুপ্তৰ সৈতে আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত জীৱিত থকাৰ ডিজিটেল প্রমাণপত্র এই সন্দৰ্ভত পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগৰ যুটীয়া সচিব ধ্ৰুৱজ্যোতি সেনগুপ্ত আৰু প্ৰতিৰক্ষা লেখা বিভাগৰ যুটীয়া মহানিয়ন্ত্ৰক মলি সেনগুপ্তৰ সৈতে হোৱা এটা বিশেষ আলোচনা সম্প্ৰচাৰ ...

November 18, 2024 12:04 PM

views 19

এন বীৰেন সিঙৰ নেতৃত্বৰ মণিপুৰ চৰকাৰৰ প্ৰতি নেছনেল পিপলছ্ পার্টিৰ সমর্থন প্রত্যাহাৰ

এন বীৰেন সিঙৰ নেতৃত্বৰ মণিপুৰ চৰকাৰৰ প্ৰতি নেছনেল পিপলছ্ পার্টিয়ে সমর্থন প্রত্যাহাৰ কৰিছে। এন পি পিৰ ৰাষ্ট্ৰীয় সভাপতি কনবাড কে চাংমাই বিজেপিৰ সভাপতি জে পি নাড্ডাক এন পি পিৰ এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। একাদশ মণিপুৰ বিধানসভাত থকা ৭ গৰাকী এন পি পি বিধায়কে মণিপুৰৰ বিজেপিৰ নেতৃত্ব চৰকাৰক সমর্থন দিছ...

November 18, 2024 12:02 PM

views 15

মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অমিত শ্বাহৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি পর্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে একেটা বিষয় লৈ আজি আন এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰাৰ কথা। গৃহমন্ত্ৰীগৰাকীয়ে কালিৰ বৈঠকত কয় যে মণিপুৰলৈ শান্তি-শৃংখলা ওভতাই অনাৰ উদ্দেশ্যে নিৰাপ...

November 17, 2024 7:48 PM

views 21

কেন্দ্ৰীয় চৰকাৰৰ নিৰপেক্ষ বিশেষজ্ঞ দলৰ দ্বাৰা জলজীৱন আঁচনিৰ ক্ষেত্রভিত্তিক নিৰীক্ষণৰ কাম আৰম্ভ

কেন্দ্ৰীয় চৰকাৰে নিৰপেক্ষ বিশেষজ্ঞ দলৰ দ্বাৰা জলজীৱন আঁচনিৰ ক্ষেত্রভিত্তিক নিৰীক্ষণৰ কাম আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ অধীনত মাদ্ৰাছৰ আই আই টিৰ বিশেষজ্ঞ এটা দলে আজি নগাঁও জিলাৰ বহুকেইখন আঁচনি নিৰীক্ষণ কৰে। জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত নগাঁও সংমণ্ডলৰ জুৰিয়া, দলংঘাট, ৰূপহী, পাখিমৰীয়া আৰ...

November 17, 2024 7:21 PM

views 19

হাউলীৰ বি এইচ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ যাদৱেন্দ্ৰ বিশ্বাসৰ ৭৫ বছৰ বয়সত মৃত্যু

বৰপেটা জিলাৰ হাউলীৰ বি এইচ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ যাদৱেন্দ্ৰ বিশ্বাসৰ আজি ৭৫ বছৰ বয়সত মৃত্যু হয়। কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বিশ্বাসৰ মৃত্যু হয়। বৰপেটা ৰোডৰ বাবুপাৰাৰ বাসিন্দা বিশ্বাস বি এইচ মহাবিদ্যালয়ৰ অর্থনীতি বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত হৈ থাকি পাছলৈ তেও...

November 17, 2024 6:56 PM

views 13

শিৱসাগৰৰ নামতিত অনুষ্ঠিত ভাৰোত্তোলনৰ বিশেষ বাছনি শিবিৰত ভাৰোত্তোলক মীৰাবাঈ ছানু সমল ব্যক্তি হিচাপে অংশগ্ৰহণ

শিৱসাগৰ জিলাৰ নামতিত দুদিনীয়া অনুষ্ঠিত ভাৰোত্তোলনৰ বিশেষ বাছনি শিবিৰৰ আজি সামৰণি পৰে । এই বাছনি শিবিৰত টকিঅ' অলিম্পিক ৰূপৰ পদকজয়ী ভাৰোত্তোলক মীৰাবাঈ ছানুৱে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলা ভাৰোত্তোলন সন্থাৰ উদ্যোগত আৰু অসম ভাৰোত্তোলন সন্থাৰ সহযোগত অনুষ্ঠিত এই শিবিৰত ৰাজ্যখনৰ তিনিশতাধি...

November 17, 2024 6:50 PM

views 14

মৰিগাঁওৰ আঁহতগুৰিত ৰজত কমল বঁটাপ্ৰাপক চলচ্চিত্ৰ পৰিচালক, অভিনেতা হেমেন দাসৰ প্রথম মৃত্যুবার্ষিকী পালন

মৰিগাঁও জিলাৰ আঁহতগুৰিত আজি ৰজত কমল বঁটাপ্ৰাপক চলচ্চিত্ৰ পৰিচালক, অভিনেতা হেমেন দাসৰ প্রথম মৃত্যুবার্ষিকী পালন কৰা হয়। এই উপলক্ষে প্রয়াত শিল্পীগৰাকীৰ আঁহতগুৰিৰ নিজা বাসভৱনত স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। এই সভাখনত কটন বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰববী অধ্যাপক ড° অকুণ্ঠিতা বৰঠ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।