আঞ্চলিক সংবাদ

November 8, 2024 11:45 AM November 8, 2024 11:45 AM

views 11

বৰ্ণাঢ্য কাৰ্যসূচীৰ কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ১৯৯৮ চনৰ ৯ নৱেম্বৰত কলাক্ষেত্র আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। কাইলৈ পুৱা কলাক্ষেত্ৰৰ কীৰ্তনঘৰত নাম-প্ৰসংগ আৰু আয়তীসকলৰ দিহানামেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। দিনৰ ভাগত বৰ...

November 8, 2024 11:35 AM November 8, 2024 11:35 AM

views 4

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত তেল খননৰ প্ৰস্তাৱ নাকচ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত তেল খননৰ প্ৰস্তাৱ নাকচ কৰিছে। মন্ত্ৰালয়ে গোচৰৰ মাজতে কালি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰি তেল খননৰ প্ৰস্তাৱ বাতিল কৰাৰ কথা ব্যক্ত কৰে। উল্লেখযোগ্য যে ২০২০ চনৰ ১১ মে'ত পৰিবেশ, বন আৰু জলবায...

November 8, 2024 12:24 PM November 8, 2024 12:24 PM

views 16

ৰাজ্যৰ ৫টা সমষ্টিৰ উপ-নির্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অভিযান

ৰাজ্যৰ ৫টা সমষ্টিত হ'বলগীয়া উপ-নির্বাচনলৈ মাজত ৪টা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চিদলী আৰু বঙাইগাঁও বিধানসভা সমষ্টিত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'ব। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ ...

November 7, 2024 7:59 PM November 7, 2024 7:59 PM

views 17

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ’ব। অনুষ্ঠানত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ...

November 7, 2024 7:52 PM November 7, 2024 7:52 PM

views 12

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শনিবাৰৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শনিবাৰৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ১৯৯৮ চনৰ ৯ নৱেম্বৰত কলাক্ষেত্র আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। পৰহিলৈৰ পুৱা কলাক্ষেত্ৰৰ কীৰ্তনঘৰত নাম-প্ৰসংগ আৰু আয়তীসকলৰ দিহানামেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। দিনৰ ভাগত...

November 7, 2024 7:48 PM November 7, 2024 7:48 PM

views 6

সত্ৰীয়া সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিলৈ সদৌ অসম সত্ৰ মহাসভাৰ বিভিন্ন বঁটা

সত্ৰীয়া সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ সদৌ অসম সত্ৰ মহাসভাই বিভিন্ন বঁটা আগবঢ়াইছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত মহাসভাৰ নেতৃবৃন্দই কয় যে, মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীক সত্ৰ বৈভৱ বঁটা,...

November 7, 2024 8:02 PM November 7, 2024 8:02 PM

views 14

বোকাখাত সম-জিলাৰ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহ উদযাপন অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ

কৃষি মন্ত্ৰী অতুল বৰাই আজি বোকাখাত সম-জিলাৰ উদ্যোগত আয়োজিত ভাষা গৌৰৱ সপ্তাহ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত সভাত মন্ত্ৰীগৰাকীয়ে অসমীয়া ভাষা সাহিত্যৰ ভেঁটি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি থৈ যোৱা অসমীয়া জাতীয় জীৱনৰ মনিষী, পণ্ডিত, গৱেষক আৰু পুৰোধা ব্যক্তিসকললৈ শ্ৰদ্ধা জনায়। তেওঁ অ...

November 7, 2024 7:39 PM November 7, 2024 7:39 PM

views 12

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উপ-সঞ্চালক হিচাপে ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰৰ যোগদান

ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে আজি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উপ-সঞ্চালক হিচাপে যোগদান কৰিছে। শ্ৰী বৰঠাকুৰে আকাশবাণী গুৱাহাটীৰ লগতে কেন্দ্রীয় চলচ্চিত্ৰ প্ৰমাণন পৰিষদৰ গুৱাহাটীস্থিত কাৰ্যালয়তো আঞ্চলিক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিব। আজি কাৰ্যালয়ত যোগদান কৰাৰ পাছত ...

November 7, 2024 7:14 PM November 7, 2024 7:14 PM

views 10

ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে বাক্সা জিলাৰ দৰঙাত ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি

প্রতিবেশী ৰাষ্ট্ৰ ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে আজি বাক্সা জিলাৰ দৰঙাত এটা ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি কৰা হয়। ভূটান সীমান্তৰ পৰা ৭০০ মিটাৰ নিলগত অৱস্থিত এই ভূ-বন্দৰটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সূদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যপ...

November 7, 2024 7:03 PM November 7, 2024 7:03 PM

views 8

যোৰহাট জিলা আয়ুক্তৰ সভাকক্ষত আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিষয়াসকলৰ বাবে প্রশিক্ষণ তথা সামর্থ বিকাশ কার্যসূচী

যোৰহাট জিলা আয়ুক্তৰ সভাকক্ষত আজি জিলাখনৰ আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিষয়াসকলৰ বাবে প্রশিক্ষণ তথা সামর্থ বিকাশ কার্যসূচী অনুষ্ঠিত হয়। বিশ্ব বেংকৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত দুৰ্ঘটনাৰ গোচৰত, দুৰ্ঘটনাৰ পিছৰ তদন্ত কিদৰে আগবাঢ়িব লাগে সেই বিষয়ে কাৰিকৰী বিশেষজ্ঞসকলে প্ৰশিক্ষণ প্ৰদান কৰে।