আঞ্চলিক সংবাদ

January 2, 2025 4:43 PM

views 25

দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত আকাশবাণীৰ সঞ্চালকপ্ৰধান প্ৰজ্ঞা পালিৱাল

আকাশবাণীৰ সঞ্চালকপ্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাল গৌড় দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে। তেওঁ আজি গুৱাহাটীত আকাশবাণী আৰু দূৰদৰ্শনৰ বিষয়াবৰ্গৰ সৈতে মাধ্যম দুটাৰ কাম- কাজৰ পৰ্যালোচনা কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে কোকৰাঝাৰৰ নতুন ...

January 2, 2025 4:40 PM

views 25

গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এখন নতুন জন শতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ সিদ্ধান্ত ভাৰতীয় ৰে’লৱেৰ

ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰে'ল যোগাযোগ অধিক সুচল কৰাৰ বাবে ভাৰতীয় ৰে'লৱেই গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এখন নতুন জন শতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। ৰে’ল বিভাগৰ সূত্ৰই জনোৱা মতে, সপ্তাহত দুবাৰকৈ চলাচল কৰিবলগীয়া এই ৰে'লগাড়ীখনে পুৱা ৯ বাজি ৫০ মিনিটত গুৱাহাটীৰ পৰা যাত্ৰা আৰ...

January 1, 2025 9:15 PM

views 19

গুৱাহাটীৰ কইনাধৰাত নতুন দিনৰ আলাপ অনুষ্ঠান, সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সম্পাদকৰ সৈতে মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ

নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত নতুন দিনৰ আলাপ নামেৰে এটা অনুষ্ঠানৰ আয়োজন কৰে। ইয়াত ৰাজ্যখনৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সম্পাদকৰ সৈতে মুখ্যমন্ত্ৰীয়ে মুকলি বাৰ্তালাপত ভাগ লয়। এই অনুষ্ঠানত উপস্থিত থকা আকাশবাণীৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন ব...

January 1, 2025 9:13 PM

views 21

গুৱাহাটীৰ শিলপুখুৰীৰ শান্তিস্থলত গোপীনাথ বৰদলৈৰ আবক্ষ প্ৰতিমূৰ্তি উন্মোচন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনা ভাৰতৰত্ন সন্মানেৰে সন্মানিত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ গুৱাহাটীৰ শিলপুখুৰীত অৱস্থিত সমাধিক্ষেত্ৰ শান্তিস্থলত ১ কোটি ২৬ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা বৰদলৈ দেৱৰ এটা আবক্ষ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে...

January 1, 2025 9:11 PM

views 15

গুৱাহাটীৰ পল্টন বজাৰৰ ৰে’ল ষ্টেচনৰ সমীপৰ জি এছ ৰোডত অত্যাধুনিক পদপথ সেতু উদ্বোধন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনা পুৱাৰ ভাগতে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰে'ল ষ্টেচনৰ সমীপৰ জি এছ ৰোডৰ ওপৰত প্ৰায় ১৬ কোটি ৬৭ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা অত্যাধুনিক পদপথ সেতুখন উদ্বোধন কৰে। গুৱাহাটী ৰে'ল ষ্টেচনলৈ যাবলগীয়া পথচাৰীসকলৰ যাত্ৰা সুগম কৰিবলগীয়া এই সেতুখ...

January 1, 2025 9:09 PM

views 13

অসম চৰকাৰৰ কৰ্মচাৰী-পৰিয়ালৰ নিৰাপত্তাৰ বাবে অভিলাষী বীমা আঁচনিৰ শুভাৰম্ভ

অসম চৰকাৰৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ নিৰাপত্তাৰ বাবে অসম চৰকাৰে প্ৰৱৰ্তন কৰা এখন অভিলাষী বীমা আঁচনিৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। আজি খানাপাৰাৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ...

January 1, 2025 9:07 PM

views 10

ৰাজ্যৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিকৰণৰ উদ্দেশ্যে ‘স্বাগত সতীৰ্থ’ প’ৰ্টেল মুকলি

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিকৰণ প্ৰক্ৰিয়া সৰল কৰাৰ উদ্দেশ্যে ‘স্বাগত সতীৰ্থ’ শীর্ষক এটা প'ৰ্টেল আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। আজি গুৱাহাটীৰ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই প'ৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে। কৰ্...

January 1, 2025 9:05 PM

views 12

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত ৩৫০ কোটি টকা ব্যয় সাপেক্ষ অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানাত ৩৫০ কোটি টকা ব্যয় সাপেক্ষ অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰ জৰিয়তে এজোপাও গছ নকটাকৈ ৰাজ্যিক চিৰিয়াখানাৰ নতুন ৰূপ দিয়া হ'ব। এই প্ৰকল্পৰ জৰিয়তে বয়োজ্যেষ্ঠজনৰ বাবে চিৰিয়াখানা ভ্ৰমণৰ সময়ত হুইল চেয়াৰৰ ব...

January 1, 2025 9:01 PM

views 27

প্রধানমন্ত্রী ফচল বীমা যোজনা আৰু বতৰভিত্তিক শস্য বীমা আঁচনিৰ সুবিধা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ অব্যাহত ৰখাৰ সিদ্ধান্ত

কেন্দ্রীয় মন্ত্রীসভাই আজি প্রধানমন্ত্রী ফচল বীমা যোজনা আৰু নতুন ৰূপত সজাই তোলা বতৰভিত্তিক শস্য বীমা আঁচনিৰ সুবিধা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে সাংবা...

January 1, 2025 8:59 PM

views 28

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈৰ পৰা পাঁচদিনীয়াকৈ কলাক্ষেত্ৰ ৰামধেনু উৎসৱ

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে কলাক্ষেত্ৰ ৰামধেনু উৎসৱৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ প্ৰথম দিনা কাইলৈ চৰকাৰী চাৰু-কাৰু আৰু কলা মহাবিদ্যালয়ৰ শিক্ষার্থীসকলে চিত্র ভাস্কৰ্য প্ৰদৰ্শন কৰিব। এই উৎসৱৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে বৰঢোলৰ অনু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।