আঞ্চলিক সংবাদ

December 9, 2024 7:40 PM December 9, 2024 7:40 PM

views 5

সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয় উদ্বোধনৰ লগতে কেইবাটাও প্রকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

সৰুপথাৰ সমজিলাত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ১৯ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও প্রকল্পৰ উন্নীতকৰণ আৰু কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুসৰি মুখ্যমন্ত্ৰীয়ে প্ৰায় ১৫ কোটি টকা ব্যয়সাপেক্ষে নির্মিত এশখন বিছনাযুক্ত সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়খন উদ্বোধন কৰে। এই চিকিৎসালয়খনত ৯ট...

December 9, 2024 7:38 PM December 9, 2024 7:38 PM

views 4

গোলাঘাটত আয়োজিত অসম নেপালী সাহিত্য সভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীক ‘কৰ্মযোগী’ উপাধি প্ৰদান

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি গোলাঘাট জিলাৰ সৰুপথাৰত আয়োজিত অসম নেপালী সাহিত্য সভাৰ অধিৱেশন আৰু সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অসম নেপালী সাহিত্য সভাই মুখ্যমন্ত্রীক ‘কর্মযোগী’ উপাধি প্ৰদান কৰে। শিৱাজী ৰায় সমন্বয় ক্ষেত্ৰত আয়োজিত এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নেপাল, ভূট...

December 9, 2024 7:36 PM December 9, 2024 7:36 PM

views 6

মৰিগাঁৱৰ জোনবিলৰ পাৰত ১৬-১৮ জানুৱাৰীলৈ ‘জোনবিল মেলা’

মৰিগাঁও জিলাৰ জাগীৰোডৰ ইতিহাস প্রসিদ্ধ জোনবিলৰ পাৰত অহা ১৬ৰ পৰা ১৮ জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলাৰ আয়োজন কৰা হৈছে। গোভা দেওৰজাৰ ৰাজপৰিষদ, জোনবিল মেলা উন্নয়ন সমিতি আৰু তিৱা ৰাজদৰবাৰে অলপতে গোভা দেওৰজাৰ নখোলা ৰাজভৱনত অনুষ্ঠিত দৰবাৰত এই সিদ্ধান্ত গ্ৰহণ কৰে। তিৱা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ তথা পাহাৰ-ভৈয়...

December 9, 2024 7:34 PM December 9, 2024 7:34 PM

views 8

সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ লাইখুঁটা স্থাপন

সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ লাইখুঁটা আজি শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত স্থাপন কৰা হয়। গায়ন-বায়ন, বিহু, সর্বধর্ম প্রার্থনা, মহিলাৰ দিহানামৰ মাজেৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই লাইখুঁটা স্থাপন কৰে। উল্লেখযোগ্য যে অহা ২৭ আৰু ২৮ জানুৱাৰীত সংগঠনটোৰ দ্বিতীয় সর্ববৃহৎ সাংগঠনিক সাধাৰণ সভাখন অনুষ্ঠিত হ...

December 9, 2024 7:32 PM December 9, 2024 7:32 PM

views 4

বিটিআৰ প্ৰশাসনৰ ডক্টৰেল ফেল’শ্বিপ আঁচনিৰ অধীনত আজিৰে পৰা প্ৰাৰ্থীসকলৰ পৰীক্ষণ আৰম্ভ

বড়ো জনগোষ্ঠীৰ প্ৰথমগৰাকী পি এইচ ডি ডিগ্ৰীধাৰী ড০ বাশীৰাম বড়োৰ সোঁৱৰণত বিটিআৰ প্ৰশাসনে আৰম্ভ কৰা ডক্টৰেল ফেল'শ্বিপ আঁচনিৰ অধীনত আজিৰে পৰা প্ৰাৰ্থীসকলৰ পৰীক্ষণ অনুষ্ঠিত হৈছে। এই ফেল'শ্বিপৰ বাবে আবেদন লাভ কৰা ১১১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৮৯ গৰাকী যোগ্য বিবেচিত হৈছিল। যোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত ৪৫ গৰাকী প্...

December 9, 2024 7:27 PM December 9, 2024 7:27 PM

views 4

ধুবুৰীত গৌৰীপুৰ আৰক্ষীৰ অভিযানত চাইবাৰ অপৰাধী আটক

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে আজি অভিযান চলাই এটা চাইবাৰ অপৰাধীক কৰায়ত্ব কৰে। আৰক্ষীয়ে অপৰাধীটোৰ পৰা ১৫ খন এটিএম কার্ড জব্দ কৰে। আটকাধীন লোকজন ধুবুৰীৰ বাইল্লাৰ চৰ এলেকাৰ আবু বক্কৰ ছিদ্দিকী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

December 9, 2024 2:27 PM December 9, 2024 2:27 PM

views 15

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীকত’ যক্ষ্মা মুক্ত ভাৰত সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত যক্ষ্মা মুক্ত ভাৰত সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যক্ষ্মা বিভাগৰ ডি ডি জি অধ্যাপক ঊর্বশী বি সিং আৰু অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ পালমুনাৰী চিকিৎসা বিভাগৰ অধ্যাপক ডা০ বিজয় হাড্ডাৰ সৈত...

December 9, 2024 2:10 PM December 9, 2024 2:10 PM

views 13

অসম আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে আজি পাতলীয়া বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে আজি পাতলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। অহা ২৪ ঘণ্টাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে আজি ঘন কুঁৱলী পৰাৰো সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশৰ ওখ পাহাৰীয়া ঠাইসমূহত তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ ...

December 9, 2024 1:56 PM December 9, 2024 1:56 PM

views 11

গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড প্রতিযোগিতাত মহিলাৰ ডাবলছৰ খিতাপ বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টৰ

ভাৰতীয় বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টৰ যুটীয়ে কালি গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ খিতাপ দখল কৰে। যুটীটোৱে কেৱল ৪৩ মিনিটতে চীনৰ প্ৰতিদ্বন্দ্বী লী হুৱা ঝৌ আৰু ৱাং জী মেঙক ২১-১৮, ২১–১২ পোনপটীয়া গেমত পৰাস্ত কৰে। পেৰিছ অলিম্পিকত দেখুওৱা বেয়া প্ৰদৰ্শ...

December 9, 2024 1:45 PM December 9, 2024 1:45 PM

views 11

শ্রীভূমি জিলাৰ অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত প্ৰায় ৫ কোটি টকা মূল্যৰ কাহৰ ঔষধ জব্দ

শ্রীভূমি জিলাৰ চূড়াইবাৰী আৰক্ষীয়ে কালি অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই প্ৰায় ৫ কোটি টকা মূল্যৰ কাহৰ ঔষধ জব্দ কৰে। এখন পিঁয়াজভর্তি ট্রাকত কলকতাৰ পৰা অসম হৈ ত্ৰিপুৰালৈ এই কাহৰ ঔষধখিনি কঢ়িয়াই নি থকা অৱস্থাত আৰক্ষীয়ে ঔষধখিনি জব্দ কৰে। ২৯৪ টা বাকচত এই ঔষধখিনি ট্রাকখনত কঢ়িয়াই অনা হৈছিল...