আঞ্চলিক সংবাদ

January 10, 2025 8:39 PM

views 8

গুৱাহাটী বন্যপ্রাণী সংমণ্ডলৰ গণনা অনুসৰি দীপৰ বিলত আছে ১০৫টা প্ৰজাতিৰ ১২,২৪৫টা চৰাই

গুৱাহাটী মহানগৰীৰ সমীপৰ জৈৱ বৈচিত্ৰ্যৰে ভৰা দীপৰ বিলত শেহতীয়া গণনা অনুসৰি ১০৫টা প্ৰজাতিৰ ১২ হাজাৰ ২৪৫ টা চৰাই থকাৰ সম্ভেদ পোৱা গৈছে। গুৱাহাটী বন্যপ্রাণী সংমণ্ডলে এছীয় জলজ চৰাই গণনা ২০২৫ৰ অধীনত কালি পুৱা দীপৰ বিলৰ ৰামচাৰ খণ্ডত চলোৱা এই গণনাত এই বিশালসংখ্যক জলজ চৰাইৰ উপস্থিতি ধৰা পৰে। দীপৰ বিলৰ জৈৱ ...

January 10, 2025 8:38 PM

views 7

দৰঙৰ মঙলদৈ আৰু খাৰুপেটিয়া পৌৰসভাত ৰূপায়ণ হৈ থকা আঁচনি পৰিদৰ্শন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী তুষণ চাহুৰ

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী তুষণ চাহুৱে আজি দৰং জিলা ভ্ৰমণ কৰি মঙলদৈ আৰু খাৰুপেটিয়া পৌৰসভা এলেকাত ৰূপায়ণ হৈ থকা কেইবাখনো আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে খাৰুপেটিয়াত আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে নগৰীয়া জীৱিকা অভিযানৰ অধীনত গোটসম...

January 10, 2025 8:37 PM

views 11

মহিলাৰ এদিনীয়া ক্রিকেট শৃংখলাত আয়াৰলেণ্ডক ৬ উইকেটত পৰাস্ত ভাৰতৰ

ৰাজকোটৰ সৌৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েচন ষ্টেডিয়ামত আয়াৰলেণ্ডৰ বিৰুদ্ধে মহিলাৰ এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত আজি ভাৰতে আয়াৰলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। ভাৰতে ২৩৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৩৪ অভাৰ ৩টা বলতে প্ৰতিকা ৰাৱাল আৰু তেজল হাছাবানিছৰ দুৰ্দান্ত বেটিঙৰ সহায়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত...

January 10, 2025 8:36 PM

views 17

উমৰাংছ’ৰ অবৈধ কয়লা খনিৰ দুৰ্ঘটনা সম্পৰ্কত দুজনক গ্ৰেপ্তাৰ, উদ্ধাৰ কৰিব পৰা নাই আবদ্ধ শ্ৰমিকক

যোৱা সোমবাৰে উমৰাংছ'ৰ তিনকিলোৰ কয়লা খনিত হঠাতে সোমোৱা পানীৰ বাবে সংঘটিত দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানৰ আজি পঞ্চম দিনাও খনিৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ সন্ধান উলিয়াব পৰা হোৱা নাই। এই উদ্ধাৰ কাৰ্যত সহায়ৰ বাবে নাগপুৰৰ পশ্চিম ক'ল ফিল্ড লিমিটেডৰ পৰা অহা দলেও অভিযানত নামি পৰিছে। দলটোৱে অত্যাধুনিক পানী নিষ্কাশন যন্ত...

January 10, 2025 8:34 PM

views 7

শোণিতপুৰৰ গৰৈমাৰী মৌজাৰ খলিহামাৰি গাঁৱৰ দেৱেন্দ্ৰনগৰত অৱস্থিত ফায়াৰিং ৰেঞ্জক সংৰক্ষিত এলেকা হিচাপে ঘোষণা

শোণিতপুৰৰ জিলা দণ্ডাধীশে আজি এটা নির্দেশ যোগে জিলাখনৰ গৰৈমাৰী মৌজাৰ খলিহামাৰি গাঁৱৰ দেৱেন্দ্ৰ নগৰত অৱস্থিত ফায়াৰিং ৰেঞ্জক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছে। সশস্ত্র সীমা বাহিনী চমুকৈ এছ এছ বিৰ অধীনৰ এই অঞ্চলটোত বাহিনীটোৰ জোৱান, বিষয়া, জিলা প্ৰশাসনৰ দ্বাৰা কৰ্তৃত্বপ্রাপ্ত আৰক্ষীৰ লোকৰ বাহিৰে সৰ্বসা...

January 10, 2025 8:33 PM

views 19

তিনিচুকীয়া, ডিগবৈ, ডুমডুমা, ৰূপাই চাইদিঙত সাংসদ গৌৰৱ গগৈৰ দলীয় কর্মকৰ্তাৰ সৈতে পঞ্চায়ত নির্বাচন সম্পৰ্কত আলোচনা

যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে আজি তিনিচুকীয়া জিলাৰ ডিগবৈ, ডুমডুমা, তিনিচুকীয়া আৰু ৰূপাই চাইদিং ভ্ৰমণ কৰি দলীয় কর্মকৰ্তাসকলৰ সৈতে সমাগত পঞ্চায়ত নির্বাচন সম্পৰ্কত আলোচনা কৰে। পাছত ডিগবৈত তেওঁ উমৰাংছ' ঘটনাত চৰকাৰৰ ভূমিকাৰ প্ৰতিবাদত আয়োজন কৰা এটা প্ৰতিবাদী কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। সাংবাদিকৰ সৈতে হোৱা ...

January 10, 2025 8:32 PM

views 20

‘দৈনিক জনমভূমি’ কাকতৰ শিৱসাগৰৰ সংবাদদাতা পদ্মলোচন খনিকৰলৈ ‘কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা’

দৈনিক জনমভূমি কাকতৰ শিৱসাগৰৰ সংবাদদাতা পদ্মলোচন খনিকৰক ২০২৪ বৰ্ষৰ কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে। ১৯৯৭ চনৰ পৰা বিভিন্ন বাতৰি কাকতত সংবাদদাতাৰূপে কাম কৰি অহা খনিকৰে ইয়াৰ আগতে সংবাদ বন্ধুকে ধৰি আন কেইবাটাও বঁটা লাভ কৰিছে। দৈনিক জনমভূমিৰ প্ৰতিষ্ঠাপক কনক চন্দ্ৰ শৰ্মাৰ স্মৃতিত প্...

January 10, 2025 8:30 PM

views 15

শিৱসাগৰত লালিগুৰ বিক্ৰীত নিষেধাজ্ঞা জিলা আয়ুক্তৰ

শিৱসাগৰ জিলা আয়ুক্তই জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত লালিগুৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। অৱশ্যে জিলা দণ্ডাধীশ, অতিৰিক্ত জিলা দণ্ডাধীশ আৰু পশু চিকিৎ‍সা বিষয়াৰ পূৰ্বৰ অনুমতি সাপেক্ষে পশু খাদ্যৰ বাবে লালিগুৰ ক্ৰয় কৰিব পাৰিব। এই নিৰ্দেশনা অহা দুমাহলৈ বাহাল থাকিব। কোনো ব্যক্তিয়ে এই...

January 10, 2025 8:29 PM

views 15

যোৰহাটৰ মুক্তিযোদ্ধা খৰ্গেশ্বৰ গগৈক ১০৬সংখ্যক জন্মদিনত ‘শতায়ু সৌৰভ’ উপাধি প্ৰদান

যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত সন্মিলনৰ সভাপতি তথা মুক্তিযোদ্ধা খৰ্গেশ্বৰ গগৈৰ ১০৬ সংখ্যক জন্মদিন উপলক্ষে আজি তেওঁৰ বাসগৃহত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে তেওঁক শতায়ু সৌৰভ উপাধি প্ৰদান কৰা হয়। জিলাখনৰ বহুকেইটা সংগঠন আৰু প্ৰতিষ্ঠানে মুক্তিযোদ্ধাগৰাকীক শৰাই, চ...

January 10, 2025 8:28 PM

views 17

বড়ো সাহিত্য সভাত আজি অবড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ-অভিজ্ঞতা, বড়ো ভাষাৰ মর্যাদা সম্পর্কে আলোচনা-চক্র

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত অ-বড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ, অভিজ্ঞতা, বড়ো ভাষাৰ মর্যাদা সম্পর্কে এখন আলোচনা চক্র অনুষ্ঠিত হয়। বড়ো সাহিত্য সভাৰ সভাপতি ড০ সূৰথ নাৰ্জাৰীৰ সঞ্চালনাত হোৱা এই আলোচন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।