আঞ্চলিক সংবাদ

December 11, 2024 8:09 PM December 11, 2024 8:09 PM

views 4

গুৱাহাটীৰ বেতকুছিৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা প্ৰায় ২৩৯.৫ গ্রাম হেৰ’ইন জব্দ, এজনক গ্ৰেপ্তাৰ

বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে আজি গোপন সূত্ৰৰ পম খেদি মহানগৰীৰ বেতকুছিৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা প্ৰায় ২৩৯ দশমিক ৫ গ্রাম হেৰ’ইন জব্দ কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই হেৰ’ইনখিনিৰ মূল্য প্রায় ২ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। টাস্ক ফ’ৰ্চে এই ঘটনা সংক্ৰান্তত নুৰুল হক নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

December 11, 2024 1:53 PM December 11, 2024 1:53 PM

views 10

হংকঙৰ কাম-কাজত হস্তক্ষেপক লৈ আমেৰিকাৰ জোৱানসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত চীনৰ

চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র মাও নিঙে কয় যে হংকঙৰ কাম-কাজত হস্তক্ষেপক লৈ চীনে আমেৰিকাৰ জোৱানসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। শেহতীয়াকৈ আমেৰিকাই হংকঙৰ প্ৰশাসনিক আৰু চৰকাৰী বিষয়াসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰতিক্ৰিয়াৰূপে বেইজিঙত অনুষ্ঠিত সংবাদমেলত মুখপাত্ৰগৰ...

December 11, 2024 1:36 PM December 11, 2024 1:36 PM

views 12

সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীৰ যুটীয়া অভিযানত মাদক দ্ৰব্যসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কালি এজন মাদক দ্ৰব্যৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে সৰবৰাহকাৰীজনৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে লোকজনৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে বুলি প্ৰকাশ কৰিছে। ধৃত লোকজনৰ বিৰুদ্ধে সৰ্থেবাৰীৰ থানাত আৰক্ষীয়ে ...

December 11, 2024 1:30 PM December 11, 2024 1:30 PM

views 10

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বিশ্বনাথ জিলাত কাইলৈৰ পৰা ২৬ ডিচেম্বৰলৈ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান ৰূপায়ণ কৰা হ’ব

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বিশ্বনাথ জিলাত কাইলৈৰ পৰা ২৬ ডিচেম্বৰলৈ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান ৰূপায়ণ কৰা হ'ব। ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ নিৰ্মূলকৰণ আঁচনিৰ অধীনত জিলা স্বাস্থ্য বিভাগ আৰু বিশ্বনাথ শাখা স্বাস্থ্য অভিযানৰ অধীনত এই অভিযান ৰূপায়ণ কৰা হ'ব। জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে কালি এখন সংবাদ...

December 11, 2024 1:20 PM December 11, 2024 1:20 PM

views 13

শিশুৰ যৌন নিৰ্যাতনৰ ঘটনাত POCSO আইনৰ অধীনত অভিযুক্তক চিৰাঙৰ জিলা আৰু ছেচন ন্যায়াধীশৰ ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়

চিৰাঙৰ জিলা আৰু ছেচন ন্যায়াধীশে কালি এটি কন্যা শিশুৰ যৌন নিৰ্যাতনৰ ঘটনাত POCSO আইনৰ অধীনত চলোৱা গোচৰত অভিযুক্তক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। অভিযুক্ত জিলাখনৰ বাসুগাঁও চহৰৰ ব্যৱসায়ী বাবুল দাসক কালি আদালতে কাৰাদণ্ড বিহাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহে। উল্লেখযোগ্য যে চলিত বছৰৰ ২ মাৰ্চত ব...

December 11, 2024 1:18 PM December 11, 2024 1:18 PM

views 18

মিজোৰামৰ চেৰশ্বিপ জিলাত কালিৰেপৰা আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতা আৰু এৰ’স্পর্ট মহোৎসৱ

মিজোৰামৰ চেৰশ্বিপ জিলাত কালিৰেপৰা আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতা আৰু এৰ’স্পর্ট মহোৎসৱ অনুষ্ঠিত হৈছে। শুকুৰবাৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত দক্ষিণ কোৰিয়া, নেপাল, কাজাখাস্তান আৰু ইন্দোনেছিয়াৰ পাইলটসকলে অংশগ্ৰহণ কৰাৰ কথা। ৰাজ্যখনৰ জলপুই অৱতৰণক্ষেত্ৰত হ'বলগীয়া সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ...

December 11, 2024 12:53 PM December 11, 2024 12:53 PM

views 8

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালিৰে পৰা ৩ দিনীয়াকৈ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ প্ৰতিযোগিতা অনুষ্ঠিত

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালিৰে পৰা তিনিদিনীয়াকৈ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই খেল মহাৰণ প্ৰতিযোগিতাত তামুলপুৰ বিধানসভা সমষ্টিৰ প্ৰায় ২ হাজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ভৱানীপুৰৰ বিধায়কে হাতত অগ্নিশিক্ষা লৈ কালি খেল মহাৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

December 11, 2024 12:41 PM December 11, 2024 12:41 PM

views 11

মঙলবাৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ স্থিতিস্থাপক ভৱিষ্যতৰ বাবে পৰৱৰ্তী প্ৰজন্মক সৱলীকৰণ শীৰ্ষক কৰ্মশালাৰ আয়োজন

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত কালিৰেপৰা দুদিনীয়াকৈ স্থিতিস্থাপক ভৱিষ্যতৰ বাবে পৰৱৰ্তী প্ৰজন্মক সৱলীকৰণ শীৰ্ষক কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অগ্নি নির্বাপন, ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ব্যৱস্থাপনা আৰু উদ্ধাৰ অভিযানত সক্রিয়ভাৱে অংশগ্ৰহণ কৰ...

December 11, 2024 10:35 AM December 11, 2024 10:35 AM

views 14

২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ কালি সামৰণি

নাগালেণ্ডৰ কিচামা গাঁৱত অনুষ্ঠিত ২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ কালি সামৰণি পৰে। এই উপলক্ষে কালি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী আৰু মহোৎসৱৰ আয়োজক টেমজেন ইন্নাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ লগতে অভ্যাগতসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। কালি...

December 11, 2024 10:31 AM December 11, 2024 10:31 AM

views 3

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২৬,৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজিৰেপৰা ২৬ হাজাৰ ৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা আগবঢ়োৱা হ'ব। এই কাৰ্যসূচীৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলক সামৰি লোৱা হ'ব। আনহাতে ৬০ বাণীকান্ত কাকতি বঁটা প্ৰদান আঁচনিৰ অধীনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃৰ্তিত...