আঞ্চলিক সংবাদ

December 13, 2024 8:54 PM December 13, 2024 8:54 PM

views 3

বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত চৰকাৰী ভূমিত বেদখল কৰি থকা ৪৪টা পৰিয়ালক উচ্ছেদ গোৱালপাৰা জিলা প্ৰশাসনৰ

গোৱালপাৰা জিলা প্ৰশাসনে আজি বালিজান ৰাজহ চক্ৰৰ অন্তৰ্গত পঞ্চৰত্নত চৰকাৰী ভূমিত বেদখল কৰি থকা ৪৪টা পৰিয়ালক উচ্ছেদ কৰে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা মতে, এই পৰিয়ালসমূহক প্রশাসনে কেইবাবাৰো আঁতৰি যাবলৈ জাননী দিছিল যদিও, তেওঁলোক আঁতৰি নোযোৱাত প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰিবলৈ বাধ্য হয়। গোৱালপাৰা জিল...

December 13, 2024 7:36 PM December 13, 2024 7:36 PM

views 2

শ্রীভূমি জিলাৰ নীলমণি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল আৰু স্কুটি বিতৰণ

শ্রীভূমি জিলাৰ নীলমণি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চৰকাৰে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল আৰু স্কুটি বিতৰণ কৰে। এই অনুষ্ঠানত পশুপালন, পশু চিকিৎসা, মীন আৰু কৃষি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে এই বঁটাৰ জৰিয়তে সকলো শ্ৰেণীৰ ...

December 13, 2024 7:30 PM December 13, 2024 7:30 PM

views 8

ৰে’লযাত্ৰাক অধিক সুৰক্ষিত আৰু নিৰাপদৰ বাবে ৩১ টা ষ্টেছনত ক্লেপ টাইপ লকিঙৰ সৈতে থিক ৱেৱ চুইচ পইণ্ট মেচিন স্থাপন উত্তৰ পূৱ সীমান্ত ৰে’লৱে

উত্তৰ পূৱ সীমান্ত ৰে’লৱে ৰে’লযাত্ৰাক অধিক সুৰক্ষিত আৰু নিৰাপদ কৰি তোলাৰ বাবে সংমণ্ডলটোৰ ৩১ টা ষ্টেছনত ক্লেপ টাইপ লকিঙৰ সৈতে থিক ৱেৱ চুইচ পইণ্ট মেচিন স্থাপন কৰিছে। উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই কয়, যে এই সংমণ্ডলৰ অন্তৰ্গত কেইবাটাও খণ্ডত চিগনেলিং প্রণালী উ...

December 13, 2024 6:41 PM December 13, 2024 6:41 PM

views 11

কোকৰাঝাৰত বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটিকে ধৰি অন্যান্য সাহায্য সামগ্ৰী আৰু নগদ ধন বিতৰণ প্রমোদ বড়োৰ

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে আজি কোকৰাঝাৰত বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটিকে ধৰি অন্যান্য সাহায্য সামগ্ৰী আৰু নগদ ধন বিতৰণ কৰে। মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ১১,৫০৪ খন চাইকেল নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হয়। বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৩৭৩ খন স্কুটি আৰু আ...

December 13, 2024 6:34 PM December 13, 2024 6:34 PM

views 9

ৰাজ্যজুৰি খেল মহাৰণৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ৰাজ্যজুৰি খেল মহাৰণৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। কাৰ্বি আংলং জিলাৰ বোকাজান বিধানসভা সমষ্টিত আজিৰে পৰা ১৫ ডিচেম্বৰলৈ চলিবলগীয়া বিধানসভা সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণ অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমীনে শুভাৰম্ভ কৰে। যোৰহাট জিলাৰ মৰিয়নিতো খেল মহাৰণৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে।

December 13, 2024 6:32 PM December 13, 2024 6:32 PM

views 25

নগাঁও চহৰৰ সমীপৱৰ্তী ধেপাজান কুটাইনি অঞ্চলত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আজাজুল হক নামৰ এজন যুৱকক আটক

নগাঁও জিলাৰ মৰিকলং আৰক্ষীয়ে কালি নিশা নগাঁও চহৰৰ সমীপৱৰ্তী ধেপাজান কুটাইনি অঞ্চলত অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছসহ আজাজুল হক নামৰ এজন যুৱকক আটক কৰে। আৰক্ষীয়ে ধৃত যুৱকজনৰ পৰা তিনিটা ড্ৰাগছ ভৰ্তি কণ্টেনাসহ প্রায় ৮৫৩ টা নিষিদ্ধ টেবলেট আৰু নগদ ধন জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

December 13, 2024 6:30 PM December 13, 2024 6:30 PM

views 13

হৃদৰোগজনিত ৰোগত বিশিষ্ট কবি, সু-লেখিকা মীৰা ঠাকুৰৰ দেহাৱসান

বিশিষ্ট কবি, সু-লেখিকা মীৰা ঠাকুৰে যোৱা নিশা হৃদৰোগজনিত ৰোগত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। তেজপুৰত জন্মগ্ৰহণ কৰা মীৰা ঠাকুৰে যোৰহাটৰ দেৱী চৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ কিছুদিন ডিফু চৰকাৰী উচ্চতৰ মাধ্য...

December 13, 2024 6:28 PM December 13, 2024 6:28 PM

views 9

বিশিষ্ট শিক্ষাবিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তথা শিক্ষা বিভাগৰ প্ৰাক্তন উপদেষ্টা ড° মিহিৰকান্তি চৌধুৰীৰ মৃত্যু

বিশিষ্ট শিক্ষাবিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তথা শিক্ষা বিভাগৰ প্ৰাক্তন উপদেষ্টা ড° মিহিৰকান্তি চৌধুৰীৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। খড়গপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, জাৰ্মানীৰ ব'চামৰ ৰুৰ বিশ্ববিদ্যালয় আৰু কল্যাণী বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰা ...

December 13, 2024 6:26 PM December 13, 2024 6:26 PM

views 6

বৰাগাঁৱত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযানত ৭ জন অভিযুক্তক আটক

গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনা সন্দৰ্ভত আজি পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই ৭ জন অভিযুক্তক আটক কৰিছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই প্ৰকাশ কৰা অনুসৰি ৫ দিন পূর্বে বৰাগাঁৱৰ দূৰ্গা মন্দিৰ প্ৰাংগনত ১৮ বছৰৰ পৰা ২৩ বছৰ বয়সীয়া এই বিকৃত মানসিকতাৰ যুৱককেইজনে ৰাস চাই উভতি অহা ...

December 13, 2024 6:24 PM December 13, 2024 6:24 PM

views 15

প্ৰথমবাৰৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগৰ বিশেষভাৱে গণিতৰ শিক্ষকৰ পদ সৃষ্টি

ৰাজ্যৰ শিক্ষা বিভাগে প্ৰথমবাৰৰ বাবে বিশেষভাৱে গণিতৰ শিক্ষকৰ পদ সৃষ্টি কৰিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, আগতে ৰাজ্যৰ বিদ্যালয়সমূহত বিজ্ঞান বিষয়ৰ শিক্ষক নিয়োগ কৰা হৈছিল আৰু তেওঁলোককে গণিতৰ শিক্ষা প্ৰদানৰো দায়িত্ব দিয়া হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে চৰকাৰে এহেজাৰ ৭৬০ টা...