আঞ্চলিক সংবাদ

December 20, 2024 12:18 PM December 20, 2024 12:18 PM

views 28

ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সৈতে পৰিচয় কৰোৱাৰ লক্ষ্যৰে ২৪ ফেব্ৰুৱাৰীত সৰুসজাইত ‘ঝুমুইৰ বিনন্দিনী’ অনুষ্ঠান

ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলৰ বৰ্ণাঢ্য সংস্কৃতিৰ অন্যতম ঝুমুৰ নৃত্যক বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত অহা বছৰৰ ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পত ঝুমুইৰ বিনন্দিনী শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত কালি সাংস্কৃতিক মন্ত্ৰী বিমল ব...

December 20, 2024 12:15 PM December 20, 2024 12:15 PM

views 6

বনভোজৰ বতৰত নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ ৰাজ্যবাসীলৈ পৰিবহণ বিভাগৰ এলানি পৰামৰ্শ

বনভোজৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যবাসীৰ নিৰাপত্তা সু-নিশ্চিত কৰিবলৈ পৰিবহণ বিভাগে জনসাধাৰণক পথ সুৰক্ষাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে আৰু এলানি পৰামৰ্শ প্ৰকাশ কৰিছে। ভ্ৰমণৰ বাবে সুৰাপান নকৰা চালকক নিযুক্তি, বিজুতিবিহীন বাহন ব্যৱহাৰ, ছীট বেল্ট আৰু হেলমেট পৰিধান, নিৰাপদে পার্কিং পৰিকল্পনা আদি নিশ্চ...

December 20, 2024 12:14 PM December 20, 2024 12:14 PM

views 7

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে ৫ জানুৱাৰীত লিখিত পৰীক্ষা

অসম আৰক্ষীৰ ২০২ টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ-নিয়ন্ত্রক পদৰ বাবে অহা ৫ জানুৱাৰীত লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব'ৰ্ডে কালি এই কথা ঘোষণা কৰিছে। এই অনুসৰি লিখিত পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলে ২৩ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা www.slprbassam.in ৱ...

December 20, 2024 12:12 PM December 20, 2024 12:12 PM

views 9

ভাৰতৰ ৰিছা ঘোষৰ মহিলা টি-২০ বিশ্বকাপত দ্ৰুততম অর্ধশতৰান সংগ্ৰহৰ নতুন বিশ্ব অভিলেখ

ভাৰতৰ ৰিছা ঘোষে মহিলা টি-২০ বিশ্বকাপত দ্ৰুততম অর্ধশতৰান সংগ্ৰহৰ নতুন বিশ্ব অভিলেখ স্থাপন কৰিছে। যোৱা নিশা মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত মহিলাৰ টি-টুৱেণ্টি শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ৰিছা ঘোষে ১৮টা বলত অর্ধশতৰান সংগ্ৰহ কৰে। কালিৰ খেলখনত ভাৰতে ৱেষ্টইণ্ডিজক ৬০ ...

December 20, 2024 12:09 PM December 20, 2024 12:09 PM

views 19

ৰাজ্যত অহা ২৪ ঘণ্টাত বতৰ ফৰকাল, ভিন্ন স্থানত পাতলীয়াৰ পৰা মজলীয়া কুঁৱলী পৰাৰ সম্ভাৱনা

বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত অসমত সামগ্রিকভাৱে বতৰ ফৰকাল থাকিব আৰু বিভিন্ন স্থানত পাতলীয়াৰ পৰা মজলীয়া কুঁৱলী পৰাৰ সম্ভাৱনা আছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্রা আছিল ২৬ দশমিক ২ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্ৰা আছিল ১২ দশমিক ২ ডিগ্রী চেলছিয়াছ। আ...

December 20, 2024 12:08 PM December 20, 2024 12:08 PM

views 10

মুম্বাইত অনুষ্ঠিত গ’ল্ডেন জুৰি চলচ্চিত্ৰ মহোৎসত ৰাজেন দাস পৰিচালিত ‘আইৰণ গাৰ্লছ’ৰ শ্রেষ্ঠ চলচ্চিত্ৰৰ পুৰস্কাৰ

মুম্বাইত অনুষ্ঠিত গ’ল্ডেন জুৰি চলচ্চিত্ৰ মহোৎসত ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ আইৰণ গাৰ্লছে শ্রেষ্ঠ চলচ্চিত্ৰৰ পুৰস্কাৰ লাভ কৰিছে। বলীউডৰ বহুসংখ্যক চলচ্চিত নির্মাতা, শিল্পীৰ উপস্থিতিত কালি মহোৎসৱৰ সামৰণী অনুষ্ঠানত পৰিচালক ৰাজেন দাসে এই বঁটা গ্ৰহণ কৰে। ৰাজেন দাসে এই বঁটা অসমৰ সমূহ ওজাপালি-দেওধন...

December 20, 2024 12:00 PM December 20, 2024 12:00 PM

views 2

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে চৰ্চা’ৰ অষ্টম সংস্কৰণ অহা মাহত অনুষ্ঠিত হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যতিক্ৰমী মত বিনিময় অনুষ্ঠান পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অহা মাহত অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে মাই গভ পৰ্টেলত পঞ্জীয়ন আৰম্ভ হৈছে আৰু ১৪ জানুৱাৰী পঞ্জীয়নৰ অন্তিম দিন। পৰীক্ষা পে চর্চা কাৰ্যসূচীয়ে ছাত্র-ছাত্রী, শিক্ষক তথা অভিভাৱকসকলৰ পৰীক্ষাৰ চাপ হ্ৰাস কৰি জী...

December 20, 2024 11:57 AM December 20, 2024 11:57 AM

views 3

আকাশবাণীত অহা ২৯ ডিচেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ ১৮০০ ১১ ৭৮০০ টোল ফ্ৰী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। নমো ...

December 19, 2024 8:16 PM December 19, 2024 8:16 PM

views 10

দক্ষিণ শালমৰা মানকাচৰৰ সাহাপাৰাত সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া স্বাস্থ্য শিবিৰ

দক্ষিণ শালমৰা মানকাচৰৰ সাহাপাৰাত থকা সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰত আজি ৪৫ নম্বৰ বেটেলিয়নে দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে। এই শিবিৰত সীমান্তৱৰ্ত্তী গাঁৱৰ ৫০০ৰো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয় । সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ সৈতে সীমান্ত সুৰক্ষ...

December 19, 2024 8:13 PM December 19, 2024 8:13 PM

views 8

ওদালগুৰিৰ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান অনুষ্ঠান আৰু ৯৮ সংখ্যক ওপজা দিন পালন

ওদালগুৰি জিলাৰ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত আজি সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান অনুষ্ঠান আৰু তেওঁৰ ৯৮ সংখ্যক ওপজা দিন পালন কৰা হয়। প্রয়াত মহন্তই স্থাপন কৰা সত্ৰসমূহৰ ভিতৰত বৰঙাজুলি সত্ৰত মাত্ৰ বড়ো জনগোষ্ঠীৰ সত্ৰাধিকাৰ আছিল। পুৱাৰ ভাগৰ অনুষ্ঠানৰ পাছত পুৰী প্ৰকল্পৰ সভানেত্রী কণ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।