আঞ্চলিক সংবাদ

December 22, 2024 11:34 AM December 22, 2024 11:34 AM

views 8

বাংলাদেশৰ সৈতে সীমা সমস্যা নিষ্পত্তি হোৱাৰ পাছত উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সৈতে সংযোগ কৰাৰ লক্ষ্যত অতি সোনকালে উপনীত হোৱাটো সম্ভৱ হ’ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য

বাংলাদেশৰ সৈতে সীমা সমস্যা নিষ্পত্তি হোৱাৰ পাছত উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সৈতে সংযোগ কৰাৰ লক্ষ্যত অতি সোনকালে উপনীত হোৱাটো সম্ভৱ হ'ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে । কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ ফলত অঞ্চলটোত বিকাশৰ গতি ত্বৰা...

December 22, 2024 11:11 AM December 22, 2024 11:11 AM

views 5

লখিমপুৰ আৰু ওদালগুৰি জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ বঁটা আৰু আর্থিক সাহায্য প্ৰদান অনুষ্ঠান

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি লখিমপুৰ আৰু ওদালগুৰি জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত বঁটা প্ৰদান কৰাৰ লগতে আর্থিক সাহায্য প্রদান কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত লখিমপুৰ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰা হ'ব। এই উপ...

December 22, 2024 11:06 AM December 22, 2024 11:06 AM

views 3

বাল্য বিবাহৰ বিৰুদ্ধে  ৰাজ্য চৰকাৰৰ তৃতীয় পৰ্যায়ৰ অভিযান আৰম্ভ

ৰাজ্য চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে তৃতীয় পৰ্যায়ৰ অভিযান আৰম্ভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত যোৱা নিশা এই অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । এই সন্দৰ্ভত ৩৩৫টা গোচৰ ৰুজু হোৱাৰ লগতে ৪১৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। গ্ৰেপ্...

December 21, 2024 8:11 PM December 21, 2024 8:11 PM

views 7

পকচ’ আদালতৰ বিশেষ ন্যায়াধীশ ৰঞ্জু মেধিক বাধ্যতামূলক অৱসৰ প্ৰদান

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগে শোণিতপুৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ তথা পকচ’ আদালতৰ বিশেষ ন্যায়াধীশ ৰঞ্জু মেধিক বাধ্যতামূলক অৱসৰ প্ৰদান কৰিছে। ইতিমধ্যে নিলম্বিত হৈ থকা শ্ৰীমেধিক ৫৫ বছৰ বয়সত আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ ন্যায়িক বিভাগে অৱসৰ প্ৰদান কৰে। অৱশ...

December 21, 2024 8:09 PM December 21, 2024 8:09 PM

views 12

কোকৰাঝাৰত মেলেৰিয়াত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱা অঞ্চলসমূহ হটস্পট হিচাপে ঘোষণা

কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত মেলেৰিয়াত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই অঞ্চলসমূহক হটস্পট হিচাপে ঘোষণা কৰিছে। জিলাখনৰ লুংচুং, সৰলপাৰা আৰু উল্টাপানীকে ধৰি অঞ্চলসমূহক হটস্পট হিচাপে চিনাক্ত কৰা হৈছে। ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰে জিলাখনত এই ৰোগ...

December 21, 2024 8:07 PM December 21, 2024 8:07 PM

views 9

৬৫ হাজাৰ লোকক অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত পানী সংযোগ প্ৰদান কৰা হ’ব বুলি জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ

গুৱাহাটী জল বোৰ্ডৰ অধীনত মহানগৰৰ ৬৫ হাজাৰ লোকক অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত পানী সংযোগ প্ৰদান কৰা হ'ব বুলি গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। বিভাগীয় মন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণৰ পাছতে আজি তেওঁ জ্যেষ্ঠ সম্পাদক আৰু সাংবাদিকসকলৰ সৈতে বাৰ্তালাপ শীৰ্ষক এটা অনুষ্ঠানত ভাগ লৈ ...

December 21, 2024 8:01 PM December 21, 2024 8:01 PM

views 14

অহা ১৯ জানুৱাৰীত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক পদৰ বাবে টেট পৰীক্ষা

ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক পদৰ বাবে টেট তথা নিযুক্তি পৰীক্ষা অহা ১৯ জানুৱাৰীত অনুষ্ঠিত হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে অহা ২৯ ডিচেম্বৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে হ'বলগীয়া টেট তথা নিযুক্তি পৰীক্ষা পিছুৱাবলৈ শিক্ষা বিভাগক দিয়া নিৰ্দেশৰ পাছতে বিভাগ...

December 21, 2024 7:56 PM December 21, 2024 7:56 PM

views 3

গণ শিল্পী সূৰ্য দাসৰ দেহাৱসান

মানুহ দেখিছো আজি, বহুত মানুহ, শীৰ্ষক গীতটিৰে অগণন শ্রোতা-জনতাৰ হৃদয়ত স্থান লাভ কৰা গণ শিল্পী সূৰ্য দাসৰ অন্ত্যোষ্টিক্রিয়া কিছু সময় পূৰ্বে নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয়। নগাঁও জিলাৰ ধৰ্মতুলত আজি পুৱা দেহাৱসান ঘটা গণ শিল্পী সূৰ্য দাসৰ নশ্বৰ দেহ গুৱাহাটীৰ গণেশ মন্দিৰ পথৰ বাসগৃহলৈ অনাৰ পাছত বহু লোকে...

December 21, 2024 7:52 PM December 21, 2024 7:52 PM

views 10

আকাশবাণীৰ দৃষ্টিপাতত আজি বিদেশ ভ্ৰমণৰ খুঁটি-নাটি শীৰ্ষক অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত বিদেশ ভ্ৰমণৰ খুঁটি-নাটি শীৰ্ষক এটা অনুষ্ঠান প্ৰচাৰ কৰিব। ফোন-ইন এই অনুষ্ঠানত ভ্রমণ পৰিচালনাৰ সৈতে জড়িত দুগৰাকী উদ্যমী প্রজ্ঞাস্মিতা বৰা আৰু প্ৰিয়ংকা গোস্বামী সমল ব্যক্তিৰূপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প...

December 21, 2024 7:20 PM December 21, 2024 7:20 PM

views 9

অসম পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহৰ পর্যালোচনা ৰণজিৎ‍ কুমাৰ দাসৰ

ৰাজ্যখনলৈ অহা দেশী-বিদেশী পৰ্যটকসকলৰ সুবিধা হোৱাকৈ পৰ্যটক গৃহ বা হোম ষ্টে সমূহৰ বাবে মান সম্পন্ন বিধি যুগুত কৰিবলৈ পৰ্যটন বিভাগক বিভাগীয় মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে নিৰ্দেশ দিছে। তদুপৰি পৰ্যটন ক্ষেত্ৰত বৰ্তমানে ৰূপায়ণ হৈ থকা বিভিন্ন প্ৰকল্পৰ কাম বিভিন্ন সময়ত সম্পূৰ্ণ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। মন্...