আঞ্চলিক সংবাদ

December 21, 2024 7:56 PM December 21, 2024 7:56 PM

views 3

গণ শিল্পী সূৰ্য দাসৰ দেহাৱসান

মানুহ দেখিছো আজি, বহুত মানুহ, শীৰ্ষক গীতটিৰে অগণন শ্রোতা-জনতাৰ হৃদয়ত স্থান লাভ কৰা গণ শিল্পী সূৰ্য দাসৰ অন্ত্যোষ্টিক্রিয়া কিছু সময় পূৰ্বে নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয়। নগাঁও জিলাৰ ধৰ্মতুলত আজি পুৱা দেহাৱসান ঘটা গণ শিল্পী সূৰ্য দাসৰ নশ্বৰ দেহ গুৱাহাটীৰ গণেশ মন্দিৰ পথৰ বাসগৃহলৈ অনাৰ পাছত বহু লোকে...

December 21, 2024 7:52 PM December 21, 2024 7:52 PM

views 10

আকাশবাণীৰ দৃষ্টিপাতত আজি বিদেশ ভ্ৰমণৰ খুঁটি-নাটি শীৰ্ষক অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত বিদেশ ভ্ৰমণৰ খুঁটি-নাটি শীৰ্ষক এটা অনুষ্ঠান প্ৰচাৰ কৰিব। ফোন-ইন এই অনুষ্ঠানত ভ্রমণ পৰিচালনাৰ সৈতে জড়িত দুগৰাকী উদ্যমী প্রজ্ঞাস্মিতা বৰা আৰু প্ৰিয়ংকা গোস্বামী সমল ব্যক্তিৰূপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প...

December 21, 2024 7:20 PM December 21, 2024 7:20 PM

views 9

অসম পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহৰ পর্যালোচনা ৰণজিৎ‍ কুমাৰ দাসৰ

ৰাজ্যখনলৈ অহা দেশী-বিদেশী পৰ্যটকসকলৰ সুবিধা হোৱাকৈ পৰ্যটক গৃহ বা হোম ষ্টে সমূহৰ বাবে মান সম্পন্ন বিধি যুগুত কৰিবলৈ পৰ্যটন বিভাগক বিভাগীয় মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে নিৰ্দেশ দিছে। তদুপৰি পৰ্যটন ক্ষেত্ৰত বৰ্তমানে ৰূপায়ণ হৈ থকা বিভিন্ন প্ৰকল্পৰ কাম বিভিন্ন সময়ত সম্পূৰ্ণ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। মন্...

December 21, 2024 7:18 PM December 21, 2024 7:18 PM

views 11

অহা মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পক্ষী গণনা আৰম্ভ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অহা মাহত পক্ষী গণনা আৰম্ভ হ'ব। স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ বিষয়ে তথ্য সংগ্ৰহ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে এই গণনা কৰা হয়। উল্লেখযোগ্য যে, সম্প্ৰতি কাজিৰঙাৰ নদী, বিল, জলাশয়সমূহত ভালেমান পৰিভ্ৰমী পক্ষীৰ আগমন হৈছে। সেয়েহে এই গণনাত বিভিন্ন প্ৰজাতিৰ পক্ষীৰ বিষয়ে তথ্য লাভ...

December 21, 2024 7:15 PM December 21, 2024 7:15 PM

views 7

পথ পৰিবহন আৰু ঘাইপথ বিভাগৰ শীর্ষ বিষয়াৰ সৈতে অজয় টামটাইৰ বৈঠক

পথ পৰিবহন আৰু ঘাইপথ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অজয় টামটাই আজি নগাঁও জিলাত বিভিন্ন বিভাগৰ শীর্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ বিভাগীয় আঁচনিসমূহৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয়। জিলাখনত ৰূপায়িত এম জি এনৰেগা, প্রধানমন্ত্রী আবাস যোজনা, অমৃত সৰোবৰকে ধৰি বিভিন্ন আঁচনি সমূহ সফলভাৱে ৰূপায়ণৰ বাবে শীর্ষ বিষয...

December 21, 2024 7:11 PM December 21, 2024 7:11 PM

views 14

আগৰতলাত অমিত শ্বাহৰ সভাপতিত্বত উত্তৰ-পূব পৰিষদৰ ৭২ সংখ্যক পূৰ্ণাংগ বৈঠক অনুষ্ঠিত

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ ৭২ সংখ্যক পূৰ্ণাংগ বৈঠকত সভাপতিত্ব কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবৰ উন্নয়নত প্ৰভূত গুৰুত্ব প্ৰদান কৰা হৈছে। যোৱা ১০ বছৰ উত্তৰ-পূবৰ সামগ্রিক উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বুলি...

December 21, 2024 7:09 PM December 21, 2024 7:09 PM

views 5

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কেইবাখনো জিলাত বিভিন্ন আঁচনিৰ বঁটা আৰু আর্থিক সাহায্য প্ৰদান

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ, ডিব্ৰুগড় আৰু নগাঁও জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ মাজত বিভিন্ন আঁচনিৰ অধীনত বঁটা প্ৰদান কৰাৰ লগতে আর্থিক সাহায্য প্ৰদান কৰা হৈছে। বৰপেটা জিলাত এই উপলক্ষে অনুষ্ঠিত বিশেষ কার্যসূচীত পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ...

December 21, 2024 12:48 PM December 21, 2024 12:48 PM

views 7

গুৱাহাটী পৌৰ নিগমৰ তিনিমহীয়া স্বচ্ছতা অভিযান কাৰ্যসূচী অব্যাহত

গুৱাহাটীক এখন স্বচ্ছ আৰু সেউজ মহানগৰ হিচাপে গঢ়ি তোলাৰ বাবে গুৱাহাটী পৌৰ নিগমে প্ৰথমবাৰৰ বাবে তিনিমহীয়া স্বচ্ছতা অভিযান কাৰ্যসূচী অব্যাহত ৰাখিছে। স্বচ্ছ ঘৰ, স্বচ্ছ পদূলি, স্বচ্ছ গুৱাহাটীৰ সংকল্প লৈ আৰম্ভ কৰা এই অভিযান কাৰ্যসূচীত গুৱাহাটী পৌৰ নিগমে ৬টা সংমণ্ডলত ৬০০ ৰো অধিক ছাফাই কৰ্মীৰ সহযোগত অভিযান...

December 21, 2024 12:42 PM December 21, 2024 12:42 PM

views 5

ৰাজ্যত প্রধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীলৈ কাইলৈ আৰু ২৮ ডিচেম্বৰত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত প্রধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকললৈ কাইলৈ আৰু অহা ২৮ ডিচেম্বৰত নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। নতুনকৈ ৰেচন কাৰ্ড প্ৰাপ্ত প্ৰতিটো পৰিয়ালে ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়াকৈ চাউল লাভ কৰিব। হিতা...

December 21, 2024 12:38 PM December 21, 2024 12:38 PM

views 8

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ বিভিন্ন পদক্ষেপ গ্ৰহণ

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ, ডিব্ৰুগড় আৰু নগাঁও জিলাত জনসাধাৰণৰ মাজত বিভিন্ন আঁচনিৰ অধীনত ধন বিতৰণ আৰু সাহাৰ্য্য প্ৰদান কৰা হ'ব। লখিমপুৰৰ চকুলিভৰীয়াত থকা লখিমপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰৰ সমীপত আয়োজন কৰিবলগীয়া অনুষ্ঠানত শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই মু...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।