আঞ্চলিক সংবাদ

December 25, 2024 7:49 PM December 25, 2024 7:49 PM

views 5

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ নিৰ্মীয়মান দলঙৰ সমীপত বাঘৰ আক্ৰমণত এজন যুৱক আহত

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ নিৰ্মীয়মান দলঙৰ সমীপত আজি পুৱা বাঘৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাবে আহত হয়। সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসাধীন হৈ থকা যুৱকজন ভৰলুমুখৰ উদয় ঘোষ বুলি জানিব পৰা গৈছে ।

December 25, 2024 7:44 PM December 25, 2024 7:44 PM

views 3

বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে গোলাঘাট জিলাৰ বন সংমণ্ডলৰ ব্যতিক্ৰমী প্ৰচেষ্টা

গোলাঘাট জিলাৰ বন সংমণ্ডলে বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক সহজে ক্ষতিপূৰণ প্ৰদানৰ উদ্দেশ্যে ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে ৷ ইয়াৰ অংশ হিচাপে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে মুকলি আবেদন গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট জিলা বন বিষয়া সুশীল কুমাৰ ঠাকুৰীয়া আৰু ৰাজহ চক্ৰ বিষয়া ৰনন্ময় ভদ্বাজে জিলাখনৰ ভি...

December 25, 2024 7:39 PM December 25, 2024 7:39 PM

views 15

কংগ্ৰেছে অকল ৰাজনৈতিক মুনাফাৰ বাবে বি আৰ আম্বেদকাৰৰ নাম ব্যৱহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ

কংগ্ৰেছে অকল ৰাজনৈতিক মুনাফাৰ বাবে বি আৰ আম্বেদকাৰৰ নাম ব্যৱহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে শাসনত থকা সময়ছোৱাত নেহৰু গান্ধী পৰিয়ালৰ নামত ভালেমান প্ৰতিষ্ঠানৰ নামকৰণ কৰিছে যদিও দলটোৱে আম্ব...

December 25, 2024 7:28 PM December 25, 2024 7:28 PM

views 16

নলবাৰী বিধানসভা সমষ্টি অধীনৰ খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দ্বাৰা উদ্বোধন

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি নলবাৰীৰ চৰকাৰী গৰ্ডন বিদ্যালয় খেলপথাৰত নলবাৰী বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধন কৰে। এই প্ৰতিযোগিতা নলবাৰী সমষ্টিৰ ডেৰ হাজাৰতকৈ অধিক ক্রীড়া প্রতিভাই অংশগ্ৰহণ কৰিছে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰ...

December 25, 2024 7:04 PM December 25, 2024 7:04 PM

views 4

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো বৰদিন পালন

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি খ্রীষ্টধর্মী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন ধৰ্মীয় ৰীতি- নীতি আৰু পৰম্পৰাৰ মাজেৰে উদযাপন কৰা হৈছে। এই উপলক্ষে গীৰ্জাঘৰসমূহ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰলৰ ধ্বনিৰে মুখৰিত হৈ উঠিছে। গুৱাহাটীৰ পাণবজাৰত থকা খ্ৰীষ্ট চার্চ, ব্যাপ্তিষ্ট চাৰ্চ, কাহিলীপাৰা, চানমাৰি, খানাপাৰা...

December 25, 2024 6:46 PM December 25, 2024 6:46 PM

views 4

অসম আৰক্ষীৰ প্রঘাট অভিযানৰ অধীনত দুজন জেহাদীক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে আজি দুজন জেহাদীক গ্ৰেপ্তাৰ কৰি সন্ত্ৰাসবাদী কার্যকলাপ ব্যৰ্থ কৰাৰ লগতে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্রী জব্দ কৰে। অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি এটা গোপন সূত্ৰৰ ভিত্তিত বিশেষ কার্যবাহিনীয়ে প্রঘাট অভিযানৰ অধীনত যোৱানিশা কোকৰ...

December 25, 2024 12:53 PM December 25, 2024 12:53 PM

views 1

কোচবিহাৰৰ মধুপুৰ সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ অনুষ্ঠিত

সাহিত্য বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে কোচবিহাৰৰ মধুপুৰ সত্ৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱ অনুষ্ঠিত হৈছে। মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেব গোস্বামীয়ে এই আলোচনাচক্ৰখন উদ্বোধন কৰে। এই আলোচনাচক্র উদ্বোধন কৰি দিয়া ভাষণত সত্ৰাধিকাৰগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্...

December 25, 2024 12:40 PM December 25, 2024 12:40 PM

views 5

২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ইংৰাজী ২০২৪ বৰ্ষৰ সমাপ্তি উপলক্ষে কেইটামান বিশেষ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে। সেই অনুসৰি অহা ২৮ ডিচেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত সমাজৰ নিঃস্ব, আৰ্তজন আৰু অমাতৰ হৈ নীৰৱে কাম কৰি যোৱা তিনিগৰাকী ব্যক্তিৰ বছৰটোৰ সামৰণিৰ উপলব্ধি প্ৰচাৰ কৰা হ'ব। ৩১ ডিচেম্বৰ...

December 25, 2024 12:35 PM December 25, 2024 12:35 PM

views 2

প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তী উপলক্ষে সমগ্র দেশতে সু-শাসন দিৱস পালন

দেশৰ প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জয়ন্তী উপলক্ষে আজি সমগ্র দেশতে সু-শাসন দিৱস পালন কৰা হৈছে। এই দিৱসৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশ ভ্ৰমণ কৰি খাজুৰাহোত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে ৰাষ্ট্ৰীয় দৃষ্টিভংগী পৰিকল্পনাৰ অধীনত দেশৰ প্...

December 25, 2024 12:25 PM December 25, 2024 12:25 PM

views 8

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জাৰৰ প্ৰকোপ বৃদ্ধি

বৰদিনৰ বতৰত জাৰৰ প্ৰকোপ বাঢ়ে বুলি চলি অহা কথাষাৰ এইবাৰো সঁচা প্ৰমাণিত হৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পুহ মাহৰ আজি ৯ তাৰিখে নিশাৰ তাপমাত্রা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। উজনি অসমৰ কেতবোৰ ঠাইত পুহৰ হাড় কঁপোৱা জাৰৰ আগমন ঘটিছে। উত্তৰ লখিমপুৰত কালি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সর্বনিম্ন তাপমাত্রা...