আঞ্চলিক সংবাদ

March 13, 2025 8:21 PM

views 41

ধেমাজিত ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত তিনিজন লোকক কাৰাদণ্ড

ধেমাজি জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতে আজি ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত এজন লোকক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। ন্যায়াধীশ কৌশিক হাজৰিকাৰ বিচাৰপীঠে আজি ধেমাজি বৰবাম দিহিঙীয়া গাঁৱৰ নিৰেন চুতীয়া নামৰ লোকজনক ৩০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা অনাদায...

March 13, 2025 8:19 PM

views 10

যোৰহাট সদৰ থানাৰ উপ-পৰিদৰ্শক ইন্দ্ৰেশ্বৰ সন্দিকৈ, কনিষ্টবল দীনেশ শীলক উৎকোচ লোৱাৰ অভিযোগত নিলম্বন

যোৰহাট সদৰ থানাৰ উপ-পৰিদৰ্শক ইন্দ্ৰেশ্বৰ সন্দিকৈ আৰু কনিষ্টবল দীনেশ শীলক উৎকোচ লোৱাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। উল্লেখযোগ্য যে ৮জন লোকক থানাৰ পৰা মুকলি কৰিবৰ বাবে এই দুয়োগৰাকী আৰক্ষীৰ লোকে ৮ হাজাৰ টকা উৎকোচ বিচাৰি হাতে-লোটে ধৰা পৰা পাছত তেওঁলোকক নিলম্বন কৰা হয় ৷

March 13, 2025 8:17 PM

views 16

গোলাঘাটত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

গোলাঘাটত হ'বলগীয়া অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ একবিংশতিতম কেন্দ্রীয় দ্বিবার্ষিক অধিৱেশন উপলক্ষে আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত লাইখুঁটা স্থাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাইকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে। ইয়াৰ পাছতে অধিৱেশনৰ শীৰ্ষ গীতটো মুকলি ...

March 13, 2025 8:15 PM

views 21

ৰাজ্যৰ প্ৰান্ত প্রান্তে আজি পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে দৌল উৎসৱ আৰম্ভ

ৰাজ্যৰ প্ৰান্ত প্রান্তে আজিৰে পৰা পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। পৰস্পৰক আবিৰৰ সানি ফাকুৱা উদযাপন কৰিবলৈও সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। বৰপেটা সত্ৰত আজি সন্ধিয়া গন্ধযাত্ৰাৰে ...

March 13, 2025 8:13 PM

গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ‘নতুন ফৌজদাৰী আইন- ইয়াৰ লক্ষ্য আৰু প্ৰত্যাহ্বান’ শীৰ্ষক আলোচনা-চক্র

গুৱাহাটী বাৰ কাউন্সিলৰ সহযোগত উকিল সন্থাই আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদৰ প্ৰেক্ষাগৃহত নতুন ফৌজদাৰী আইন- ইয়াৰ লক্ষ্য আৰু প্ৰত্যাহ্বান শীৰ্ষক এখন আলোচনাচক্র অনুষ্ঠিত কৰে। গুৱাহাটী উকিল সন্থাৰ সভাপতি বিৰাজ কুমাৰ চৌধুৰীৰ সভাপতিত্বত আয়োজিত আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি গুৱাহা...

March 13, 2025 11:50 AM

views 100

বতৰৰ বতৰা:

বতৰৰ বতৰা: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আজি বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩১ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৯ ডিগ্রী ছেলছিয়াছৰ আশে-পাশে থাকিব বুলি বৰঝাৰৰ আঞ্চলিক বতৰ...

March 13, 2025 11:46 AM

views 31

লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ আজি ফাইনেল খেল

■ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ ফাইনেলত আজি উত্তৰ-পূব সীমান্ত ৰে'লৱে ক্ৰীড়া সন্থা নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবে মঙলবাৰে গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত শ্বিলং লাজং ফুটবল ক্লাবক ১-০ গলত পৰা...

March 13, 2025 11:41 AM

views 30

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পাইছে

■ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পোৱা বুলি ৱেলফেয়াৰ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ সহযোগত বন বিভাগে কৰা জৰীপত প্ৰকাশ পাইছে। এই জৰীপ অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত হাতীৰ সংখ্যা পূৰ্বৰ ১৯৬ৰ পৰা ৩৪৮লৈ বৃদ্ধি হৈছে। একেদৰে উদ্যানখনত ৮টাকৈ দুষ্প্রাপ্য বন মেকুৰীৰ অৱস্থিতিৰ কথা গম পোৱা গৈছে...

March 13, 2025 11:37 AM

views 16

শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ কাম ২০২৬ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপালৰ নিৰ্দেশ

■ ডিব্ৰুগড় জিলাৰ চাবুৱাত নিৰ্মাণৰত শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ কাম অহা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষণ প্রসাদ আচার্যই নির্দেশ দিছে। ৰাজ্যপালগৰাকীয়ে কালি উত্তৰ-পূবৰ প্ৰথমখন ৰাজ্যিক ক্রীড়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰি লেহেমীয়া গ...

March 13, 2025 11:31 AM

views 29

গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত শনিবাৰে গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলৰ ‘গান্ধাৰীৰ অভিশাপ’ নামৰ ভাওনা পৰিৱেশন

■ গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে অহা ১৫ মার্চ শনিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্রাম প্ৰাংগণত সন্ধিয়া ৬ বজাত গান্ধাৰীৰ অভিশাপ নামৰ এখনী ভাওনা পৰিৱেশন কৰিব। গণেশ গগৈৰ শকুনিৰ প্ৰতিশোধৰ আধাৰত মাতৃভাষাত ৰচিত এই ভাওনাখনৰ পৰিকল্পনা ঋতুপৰ্ণ দাসৰ আৰু পৰিচালনা ড০ দীপেন দাস...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।