আঞ্চলিক সংবাদ

March 17, 2025 12:45 PM

views 25

লখিমপুৰ জিলাৰ নাওবৈচা পকনীয়া ঘাটত সোৱণশিৰিৰ ভয়াৱহ খহনীয়া

লখিমপুৰ জিলাৰ নাওবৈচা পকনীয়া ঘাটত সোৱণশিৰিৰ খহনীয়াই অঞ্চলটোৰ জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। খহনীয়াৰ ফলত নাওবৈচা আৰু লখিমপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পমুৱা খাবলু, নামেচুক, কাৱৈভুৰুকা আৰু পকনীয়া ঘাটৰ বিস্তীর্ণ কৃষিভূমি, বাসগৃহ আদি নৈৰ বুকুত জাহ হৈছে। খহনীয়াৰ ফলত পাভ বনাঞ্চ...

March 17, 2025 12:42 PM

views 5

গুৱাহাটীৰ সৰুসজাই ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা ২৩ বছৰ অনূৰ্ধ্ব প্ৰথম ৰাষ্ট্ৰীয় বাস্কেট বল প্রতিযোগিতা

অসম বাস্কেট বল সংস্থাই ভাৰতীয় বাস্কেট বল ফেডাৰেচনৰ সহযোগত আজিৰে পৰা সৰুসজাই ইনড'ৰ ষ্টেডিয়ামত ২৩ বছৰ অনূৰ্ধ্ব প্ৰথম ৰাষ্ট্ৰীয় বাস্কেট বল প্রতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাখনৰ আজি সন্ধিয়া উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ২৪ মাৰ্চত এই প্ৰত...

March 17, 2025 12:41 PM

views 15

বেংককত অনুষ্ঠিত বিংশ বিশ্ব মুৱাইথাই ফেডাৰেচন চেম্পিয়নশ্বিপত অসমৰ লোপামুদ্ৰা বৰাৰ ৰূপৰ পদক অৰ্জন

থাইলেণ্ডৰ বেংককত যোৱা ৯ মাৰ্চৰ পৰা অনুষ্ঠিত বিংশ বিশ্ব মুৱাইথাই ফেডাৰেচন চেম্পিয়নশ্বিপৰ ১৮ বছৰ অনূর্ধ্ব ৪৫ কিলোগ্রাম শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ লোপামুদ্ৰা বৰাই ৰূপৰ পদক লাভ কৰিছে। গোলাঘাট জিলাৰ সৰুপথাৰৰ ক্ৰীড়াবিদগৰাকীৰ এই সাফল্যত ৰাজ্যবাসীয়ে সন্তোষ প্রকাশ কৰিছে।

March 17, 2025 12:39 PM

views 13

ইণ্টাৰনেচনেল মাষ্টাৰ্ছ লীগ টি-টুৱেণ্টী ক্রিকেট প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন শচীন তেণ্ডুলকাৰ নেতৃত্বাধীন ইণ্ডিয়া মাষ্টাৰ্ছ

শচীন তেণ্ডুলকাৰ নেতৃত্বাধীন ইণ্ডিয়া মাষ্টাৰ্ছে ইণ্টাৰনেচনেল মাষ্টাৰ্ছ লীগ টি-টুৱেণ্টী ক্রিকেট প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত কালি অনুষ্ঠিত প্রতিযোগিতাৰ চূড়ান্ত খেলখনত দলটোৱে ব্রায়ান লাৰা নেতৃত্বাধীন ৱেষ্ট ইণ্ডি...

March 17, 2025 12:37 PM

views 26

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সর্বোচ্চ ৩০ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ১৯ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী ...

March 17, 2025 12:06 PM

views 11

গোচৰৰ অভিযোগনামা দাখিলৰ ক্ষেত্ৰত অসমক অনুকৰণ কৰিবলৈ উত্তৰ-পূবৰ ৰাজ্যসমূহক গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান

অসম আৰক্ষীয়ে ৬৬ শতাংশ গোচৰৰ অভিযোগনামা নিৰ্ধাৰিত সময়ৰ ভিতৰত দাখিল কৰি প্ৰশংসনীয় উদাহৰণ দাঙি ধৰা বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মত প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহকো অসমক অনুকৰণ কৰিবলৈ আহ্বান জনাইছে। গুৱাহাটীত কালি বিয়লি অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ...

March 17, 2025 12:05 PM

views 16

মাদক দ্রব্য সৰবৰাহকাৰীক ৰেহাই দিয়া নহ’ব বুলি সামাজিক মাধ্যমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে শেহতীয়াকৈ গুৱাহাটী আৰু ইম্ফলত এটা আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ পৰা ৮৮ কোটি টকাৰ নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে চাৰিজন মাদক দ্রব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগৰ উদ্ধৃতিৰে মাদক দ্রব্য সৰবৰাহকাৰীক ৰেহাই দিয়া নহ'ব বুলি সামাজিক মাধ্যম যোগে স্পষ্ট কৰিছে। এই সফল অভিযানৰ ব...

March 17, 2025 12:04 PM

views 10

২০২৬-২৭ বৰ্ষৰ ভিতৰত ৭৫০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য এপিডিচিএলৰ

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এপিডিচিএল) ২০২৬-২৭ বৰ্ষৰ ভিতৰত ৭৫০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এছিয়ান ডেভেলপমেণ্ট বেংকে এই সৌৰশক্তি উৎপাদন প্ৰকল্পৰ দ্বাৰা ৰাজ্যখনৰ নৱীকৰণযোগ্য শক্তি সামর্থ বৃদ্ধিৰ বাবে বিত্তৰ যোগান ধৰিব। এপিডিচিলে অসম বিদ্যুৎ নিয়ামক আয়োগৰ ৰাজ্যিক উপদেষ্টা ...

March 17, 2025 12:02 PM

views 25

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আজি বৈধ মনোনয়ন-পত্রৰ তালিকা প্ৰকাশ

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্রসমূহ আজি পৰীক্ষা কৰি বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ কৰা হ'ব। প্ৰাৰ্থীসকলে ১৯ মাৰ্চৰ বিয়লি ৩ বজালৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু একেদিনাই বিয়লি নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰা হ'ব। অহা ২ এপ্...

March 17, 2025 12:00 PM

views 14

গুৱাহাটীৰ সৰুসজাইত অহা অক্টোবৰত ১০ হাজাৰৰো অধিক শিল্পীৰ বাগৰুম্বা আৰু বাৰদৈ ছিখিলা নৃত্য প্ৰদৰ্শন

বিহু আৰু ঝুমুৰক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে ৰাজ্য চৰকাৰে গুৱাহাটীত বৃহৎ কাৰ্যসূচীৰ আয়োজন কৰাৰ পাছত এইবাৰ বড়োসকলৰ বাগৰুম্বা আৰু বাৰদৈ ছিখিলাক অনুৰূপ ধৰণেৰে তুলি ধৰাৰ বাবে চৰকাৰে চিন্তা-চৰ্চা কৰিছে। সেই অনুসৰি অহা অক্টোবৰত গুৱাহাটীৰ সৰুসজাইত ১০ হাজাৰৰো অধিক শিল্পীক লৈ ৰাজ্য চৰকাৰে বাগৰুম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।