আঞ্চলিক সংবাদ

March 22, 2025 12:08 PM

views 27

অসম বিধানসভাত কালি মুঠ ১৫ খন বিধেয়ক উত্থাপন

 অসম বিধানসভাত কালি মুঠ চাৰিখন নতুন বিধেয়ক আৰু ১১খন সংশোধনী বিধেয়ককে ধৰি ১৫ খন বিধেয়ক উত্থাপন কৰা হয়। আমাৰ পূৰ্বৰ বাতৰিতে কোৱা হৈছে যে - শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ নতুনকৈ উন্নীত কৰা বঙাইগাঁও বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ...

March 22, 2025 12:05 PM

views 19

অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান পূৰ্ণ গতিত চলি আছে। গোৱালপাৰা জিলাৰ ১৯টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলে নিজ নিজ সমষ্টিত ভোটদাতাসকলক আকৰ্ষিত কৰিব বাবে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। দক্ষিণ দূধনৈৰ বিজেপি সমর্থিত ৰাভা-হাছং যৌথ সংগ্রম সম...

March 22, 2025 11:57 AM

views 32

মৰাণ জনগোষ্ঠীৰ বিভিন্ন দাবী আৰু সমস্যা সন্দৰ্ভত ৬ টা সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত মৰাণ জনগোষ্ঠীৰ বিভিন্ন দাবী আৰু সমস্যা সন্দৰ্ভত জনগোষ্ঠীটোৰ ৬ টা সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ, মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন, শুকানগুৰিত বদৌচা কলাক্ষেত্র নির্মাণ, সুকীয়া ভূমি নীতি, ডিব্ৰুগড়ত মৰাণ জ...

March 22, 2025 11:55 AM

views 15

অহা ১ জুলাইৰ পৰা গুৱাহাটী মহানগৰীৰ জল বোর্ডে সামৰি লোৱা অঞ্চলসমূহত গুৱাহাটী পৌৰ নিগমৰ পানী যোগান বন্ধ

গুৱাহাটী মহানগৰীৰ জল বোর্ডে সামৰি লোৱা অঞ্চলসমূহত অহা ১ জুলাইৰ পৰা গুৱাহাটী পৌৰ নিগমে পানী যোগান বন্ধ কৰিব। গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই এখন জাননী যোগে এই কথা প্ৰকাশ কৰিছে। সেই অনুসৰি জল বোৰ্ডৰ অধীনত পানী সংযোগৰ বাবে পৌৰ নিগমৰ ৰেচন কার্ড থকা গ্রাহকসকলে ৩০ দিনৰ ভিতৰত আবেদন কৰিলে তেওঁলোকৰ বাবে পানী সংয...

March 22, 2025 11:51 AM

views 18

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি পৰিবেশ প্ৰদূষণ – নতুন ভাবুকি শীর্ষক বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত পৰিবেশ প্ৰদূষণ - নতুন ভাবুকি শীর্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিবেশিকা অৰুণিমা গোস্বামীয়ে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত মেডিচিন বিভাগৰ বিশিষ্টা চিকিৎসক ডাঃ ৰুণজুন টেৰণপী আৰু পৰিবেশ কর্মী মুবিনা...

March 21, 2025 8:03 PM

views 44

হোজাইৰ কাকী ডিমৰু পথাৰ সমন্বয় ক্ষেত্ৰত ডিমৰু মহোৎসৱ আৰম্ভ

হোজাইৰ কাকী ডিমৰু পথাৰ সমন্বয় ক্ষেত্ৰত আজি ডিমৰু মহোৎসৱ আৰম্ভ হৈছে। ডিমৰু অঞ্চলৰ জনগোষ্ঠীসমূহৰ কলা-সংস্কৃতিৰ প্ৰদৰ্শনেৰে আৰম্ভ হোৱা ডিমৰু মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মূল তোৰণ আৰু বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰা হয়। কাকী বনাঞ্চলত ২৩ টা জাতি-জনগোষ্ঠী সমন্বয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত ডিমৰু মহোৎসৱত কৃ...

March 21, 2025 8:01 PM

views 15

মণিপুৰৰ উগ্ৰপন্থী সংগঠন কাংলেইপাক কমিউনিষ্ট সংগঠনৰ দুজন সদস্যক আটক গুৱাহাটী আৰক্ষীৰ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই মণিপুৰৰ উগ্ৰপন্থী সংগঠন কাংলেইপাক কমিউনিষ্ট সংগঠনৰ দুজন সদস্যক আটক কৰে। আৰক্ষীয়ে মহানগৰৰ আই এছ বি টিৰ পৰা সংগঠনটোৰ জ্যেষ্ঠ কামাণ্ডাৰ টেকছা ইবমছা সিং আৰু মাৰণা সংগ্রাহক মেইচনাম বংগুচৌবা সিঙক আটক কৰে। উগ্ৰপন্থী গোটটোৰ সদস্য দুজন মণিপুৰত ধন দাবী আৰু অস্ত...

March 21, 2025 7:59 PM

views 31

তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ সংখ্যক ত্রি-বার্ষিক কেন্দ্রীয় অধিৱেশন আৰম্ভ

তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ সংখ্যক ত্রি-বার্ষিক কেন্দ্রীয় অধিৱেশন আজি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঔজাৰীৰ স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ ক্ষেত্ৰত আৰম্ভ হৈছে। আজি পুৱাৰ ভাগত তিৱাসকলৰ ঐতিহ্যমণ্ডিত গোভা ৰজা দীপসিং দেওৰজাই অধিৱেশনস্থলীৰ মূল দ্বাৰ উন্মোচন কৰে। তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী...

March 21, 2025 7:56 PM

views 18

যোৰহাট জিলাআয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত

যোৰহাট জিলাআয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ বিশিষ্ট নাগৰিকসকললৈ প্ৰেৰণ কৰা বিহু শুভেচ্ছা বিতৰণ সন্দৰ্ভত আৰু সমাগত পঞ্চায়ত নিৰ্বাচনৰ বিভিন্ন দিশ সম্পর্কে বিতংভাৱে আলোচনা কৰা হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগ...

March 21, 2025 7:54 PM

views 28

শ্লীলতাহানিৰ অভিযোগত এন আই টি শিলচৰৰ এগৰাকী অধ্যাপকক নিলম্বন

এন আই টি শিলচৰৰ ইলেকট্রিকেল ইঞ্জিয়াৰিং বিভাগৰ প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰীৰ শ্লীলতাহানিৰ অভিযোগত বিভাগটোৰ এগৰাকী অধ্যাপকক নিলম্বন কৰা হৈছে। অভিযোগ অনুসৰি অধ্যাপকগৰাকীয়ে ছাত্ৰীগৰাকীক অনুচিতভাৱে স্পৰ্শ কৰাৰ চেষ্টা চলায় । পাছত ছাত্ৰীগৰাকীয়ে এই কাণ্ডৰ বিষয়ে অন্যান্য ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰোৱাৰ পাছত ত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।