আঞ্চলিক সংবাদ

February 20, 2025 9:05 PM February 20, 2025 9:05 PM

views 10

গোৱালপাৰাৰ বৰজুলিত আৰক্ষীৰ অভিযানত নিচাযুক্ত সামগ্ৰী জব্দ

গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত বৰজুলিত আজি আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত সামগ্ৰী জব্দ কৰে। অভিযানত আৰক্ষীয়ে নিষিদ্ধ কফ ছিৰাপৰ বটলসহ দুজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটক কৰা দুয়োজনক জেৰা অব্যাহত ৰাখিছে।

February 20, 2025 9:04 PM February 20, 2025 9:04 PM

views 9

ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ওপজা দিন উপলক্ষে কথাশিল্পীগৰাকীৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

বিশিষ্ট কথাশিল্পী, চলচ্চিত্র নির্মাতা, নাট্যকাৰ, পৰিচালক ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ওপজা দিন উপলক্ষে আজি কথাশিল্পীগৰাকীৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। সুক্ষ্ম অনুভূতি সম্পন্ন ৰচনাৰে পঢ়ুৱৈৰ চেতনাক স্পন্দিত কৰা শ‍ইকীয়াই কবিতা, নাটক, গল্প, উপন্যাস, প্রবন্ধ, সমালোচনা, শিশু সাহি...

February 20, 2025 9:00 PM February 20, 2025 9:00 PM

views 10

অসম চৰকাৰে ই-ষ্টাম্পসমূহত আৰোপ কৰা সেৱাকৰ আৰু জি এছ টিসহ ষ্টাম্পসমূহ স্বীকৃত কেন্দ্ৰৰ পৰাহে ক্ৰয় কৰিবলৈ আহ্বান জনাইছে

অসম চৰকাৰে ই-ষ্টাম্পসমূহত আৰোপ কৰা সেৱাকৰ আৰু জি এছ টিসহ এই ষ্টাম্পসমূহ স্বীকৃত কেন্দ্ৰৰ পৰাহে ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এটা বিবৃতিযোগে এই বিষয়ে প্ৰকাশ কৰিছে। এই অনুসৰি ৫০ টকা পৰ্যন্ত ষ্টাম্পত অতিৰিক্ত দহ টকা, ৯৯ টকা পৰ্যন্ত ১৫, ৯৯ৰ পৰা ৪৯৯ টকা পৰ্...

February 20, 2025 8:58 PM February 20, 2025 8:58 PM

views 11

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু শিমলুগুৰি ডিব্ৰুগড় খণ্ডৰ ৰেলৱে বৈদ্যুতিকৰণ প্ৰকল্পৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই কথা প্ৰকাশ কৰিছে। যোৱা ৩১ জানুৱাৰীত মৰি...

February 20, 2025 8:57 PM February 20, 2025 8:57 PM

views 15

সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ দেহৰক্ষীক ৰূপহীহাটত একাংশ দুৰ্বৃত্তই শাৰিৰীকভাৱে অপদস্থ কৰে

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ দেহৰক্ষীক আজি নগাঁৱৰ ৰূপহীহাটত এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা অৱস্থাত একাংশ দুৰ্বৃত্তই শাৰিৰীকভাৱে অপদস্থ কৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। আক্ৰমণৰ ঘটনাৰ পাছতে সাংসদজনৰ নিৰাপত্তা বৃদ্ধি কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ ...

February 20, 2025 8:52 PM February 20, 2025 8:52 PM

views 14

২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণ আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত সংবাদমেলত এইকথা প্ৰকাশ কৰি কয়, যে প্রধানমন্ত্ৰীগৰাকীয়ে ২৫ ফেব্ৰুৱাৰীত বিনিয়োগ সন্মিলন...

February 20, 2025 8:29 PM February 20, 2025 8:29 PM

views 24

মানসিক চাপ আৰু আত্মহত্যাৰ দৰে নেতিবাচক প্ৰৱণতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিদ্যালয় পৰ্যায়ৰ পৰা নিয়মিতভাৱে কাউঞ্চেলিং বা পৰামৰ্শদানৰ ব্যৱস্থা কৰিব

পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে বাঢ়ি অহা মানসিক চাপ আৰু আত্মহত্যাৰ দৰে নেতিবাচক প্ৰৱণতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিদ্যালয় পৰ্যায়ৰ পৰা নিয়মিতভাৱে কাউঞ্চেলিং বা পৰামৰ্শদানৰ ব্যৱস্থা কৰিব৷ বিধায়ক মৃনাল শ‍ইকীয়াই ৰাজ্যত আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱা বুলি স্বাস্থ্যমন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰাৰ পাছত স্বাস্থ্য...

February 20, 2025 7:25 PM February 20, 2025 7:25 PM

views 10

‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ভিন্ন জিলাৰ পৰা শিল্পীৰ দল গুৱাহাটীলৈ ৰাওনা

গুৱাহাটীৰ সৰুসজাইত অহা ২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া ‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে চৰাইদেউ জিলাৰ পৰা শিল্পীৰ দল ৰাওনা হৈছে। আজি পুৱা মৰাণ মহাবিদ্যালয় আৰু সোণাৰি ৰাজহুৱা খেলপথাৰৰ পৰা শিল্পীৰ দলটো বাছযোগে গুৱাহাটীলৈ ৰাওনা হয়। এই উপলক্ষে জিলা আয়ুক্ত ডাঃ নেহা যাদৱে অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যে...

February 20, 2025 7:16 PM February 20, 2025 7:16 PM

views 11

ৰাজ্য চৰকাৰে ২০২৫-২৬ বৰ্ষত ২৫০ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিবঃ শিক্ষামন্ত্রী

ৰাজ্য চৰকাৰে ২০২৫-২৬ বৰ্ষত ২৫০ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি বিধানসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে উচ্চ প্রাথমিক বিদ্যালয়সমূহকো এই শৈক্ষিক বর্ষতে উচ্চ মাধ্যমিক পর্যায়লৈ উন্নীত কৰাৰ পৰিকল্পন...

February 20, 2025 6:54 PM February 20, 2025 6:54 PM

views 14

ৰাজ্যৰ স্বাস্থ্য বিভাগে শীঘ্ৰে চিকিৎসালয়সমূহত স্থায়ী চিকিৎসক নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিব

ৰাজ্যৰ স্বাস্থ্য বিভাগে শীঘ্ৰে চিকিৎসালয়সমূহত স্থায়ী চিকিৎসক নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিব। স্বাস্থ্যমন্ত্রী অশোক সিংহালে আজি অসম বিধানসভাৰ শূন্যকালত এটা প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্রকাশ কৰে। তেঁও কয়, যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহকে ধৰি চিকিৎসালয়সমূহত প্ৰায় এহেজাৰ ছশ চিকিৎসকৰ...