আঞ্চলিক সংবাদ

April 9, 2025 10:58 AM

views 38

২৫ হাজাৰ অনুকম্পামূলক নিযুক্তি বন্ধৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত প্ৰতি বিবেচনাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

■ ৰাজ্যত ২৫ হাজাৰ অনুকম্পামূলক নিযুক্তি বন্ধ কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা লেখ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে ৬ মাহৰ ভিতৰত এনে নিযুক্তিৰ আবেদনসমূহ বিবেচনা কৰিবলৈ কালি চৰকাৰক নির্দেশ দিয়ে। উল্লেখযোগ্য যে যোৱা বছৰৰ ১৮ ছেপ্তেম্বৰত ৰা...

April 9, 2025 10:42 AM

views 30

অসম দেশৰ দ্রুত বিকশিত ৰাজ্যৰ তালিকাৰ তৃতীয় স্থানত উপনীত হৈছেঃ মুখ্যমন্ত্রী

● অসম দেশৰ দ্রুত বিকশিত ৰাজ্যৰ তালিকাৰ তৃতীয় স্থানত উপনীত হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ২০২৪-২৫ বৰ্ষত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ স্থিৰ মূল্যত ৭.৯ শতাংশ হৈছে বুলি সামাজিক মাধ্যমযোগে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই পৰিসংখ্যাই অসমৰ উন্নয়নক নতুন গতি দিবলৈ...

April 9, 2025 1:43 AM

views 31

ধুবুৰীৰ ভোলানাত মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত ছাত্র দিৱস উপলক্ষে বক্তৃতানুষ্ঠান সম্পন্ন

ধুবুৰীৰ ভোলানাত মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত আজি ছাত্র দিৱস উপলক্ষে এটি বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। ছাত্র নেতা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন্দ্রজিৎ শর্মাই উপেন্দ্ৰ নাথ ...

April 9, 2025 1:12 AM

views 21

কলকাতাৰ পৰা প্রসাধন সামগ্রী কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা এখন ট্রাক চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটাত উদ্ধাৰ

কলকাতাৰ পৰা প্রসাধন সামগ্রী কঢ়িয়াই গুৱাহাটী অভিমুখে আহি থকা এখন ট্রাক চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটাত উদ্ধাৰ কৰা হয়। এই ট্রাকখন ৰুণিখাটাৰ খাইছুবাৰীৰ চোমখৰ বসুমতাৰীৰ বাসগৃহত উদ্ধাৰ হয়। আৰক্ষীয়ে চোমখৰ বসুমতাৰীক চোমখৰ বসুমতাৰী গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ট্রাকখনৰ পৰা সামগ্ৰীসমূহ চুৰি...

April 9, 2025 1:07 AM

views 31

ফাঁচিবজাৰত হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অভিযানত ৬৫০ খন মেচিনত বোৱা গামোচা জব্দ

বহাগ বিহুলৈ কেইটামান দিন বাকী থকা অৱস্থাত হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে আজি ফাঁচিবজাৰত অভিযান চলাই ৬৫০ খন মেচিনত বোৱা গামোচা জব্দ কৰে। গুৱাহাটীৰ উপৰি ৰাজ্যৰ আন দুটা স্থানত চলোৱা অভিযানতো বহিঃৰাজ্যৰ পৰা অহা বৃহৎ পৰিমাণৰ গামোচা জব্দ কৰা বুলি জানিব পৰা গৈছে।

April 9, 2025 1:02 AM

views 36

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহে বৈঠক অনুষ্ঠিত কৰি এই নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছে। ইপিনে, ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্রস্তুতি ...

April 9, 2025 12:55 AM

views 15

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বানমুক্ত গুৱাহাটী অভিযান সম্পর্কে মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত মঙলবাৰে বিয়লি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বানমুক্ত গুৱাহাটী অভিযান সম্পর্কে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত যোৱা কেইটামান সপ্তাহত গুৱাহাটীৰ নলা, নৰ্দমা আৰু নৈসমূহৰ গেড আঁতৰোৱাৰ নিৰীক্ষণৰ বাবে অভিযন্তা, বিষয়া, পাৰি...

April 9, 2025 12:48 AM

views 19

ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্রীয় সংঘৰ ৩২ সংখ্যক পৰিচালনা পৰিষদ আৰু ১৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ শুভাৰম্ভ ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্যই আজি গুৱাহাটীত ভাৰতীয় তথ্য আয়োগৰ ৰাষ্ট্রীয় সংঘৰ ৩২ সংখ্যক পৰিচালনা পৰিষদ আৰু ১৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয়, যে আয়োগৰ এই অনুষ্ঠান কেৱল সংঘৰ আনুষ্ঠানিক সমাবেশেই নহয়, বৰঞ্চ ভাৰতীয় গণতন্ত্ৰৰ স্বচ্ছ সংস্কৃতিৰ গ...

April 8, 2025 8:58 PM

views 28

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন পৰিয়ালসহ প্রাক্তন ক্রিকেট তাৰকা শচীন তেণ্ডুলকাৰৰ

প্রাক্তন ক্রিকেট তাৰকা শচীন তেণ্ডুলকাৰে পত্নী অঞ্জলি আৰু কন্যা ছাৰাৰ সৈতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে পৰিয়ালসহ কাজিৰঙালৈ অহা কিংবদন্তী খেলুৱৈগৰাকীয়ে আজি পুৱা বাগৰি বনাঞ্চলত জীপ ছাফাৰিৰ আনন্দ লয়। বাগৰি বনাঞ্চল পৰিদৰ্শন কৰি কাজিৰঙাৰ সৌন্দৰ্যত অভিভূত হোৱা বুলি তেণ্...

April 8, 2025 8:57 PM

views 15

ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই ৩জন অধিবক্তাৰ বিৰুদ্ধে তৰা ফৌজদাৰী মানহানি গোচৰৰ ৰায় সংৰক্ষণ

ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই তিনিজন অধিবক্তাৰ বিৰুদ্ধে তৰা ফৌজদাৰী মানহানি গোচৰৰ ৰায় আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে সংৰক্ষিত ৰাখিছে। দীর্ঘসময় ধৰি চলা শুনানিৰ অন্তত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ উন্নী কৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে এই ৰায় সংৰক্ষিত ৰাখে ।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।