আঞ্চলিক সংবাদ

March 6, 2025 11:40 AM March 6, 2025 11:40 AM

views 13

আজিৰে পৰা বঙাইগাঁও জিলা কৃষি বিষয়া কাৰ্যালয়ৰ চৌহদত দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলাৰ আয়োজন

■ বঙাইগাঁও জিলা কৃষি বিভাগৰ কৃষি প্রযুক্তি ব্যৱস্থাপনা অভিকৰণৰ উদ্যোগত জিলা কৃষি বিষয়া কাৰ্যালয়ৰ চৌহদত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত কৃষক প্ৰশিক্ষাৰ্থীৰ পঞ্জীয়ন, প্ৰদৰ্শনী আৰু কৃষি সামগ্ৰী বিতৰণ, ৰেচম সম্পর্কীয় প্রশিক্ষণ, উদ্যান শস্য, পশুপালন, শস্য বিজ্ঞান আ...

March 6, 2025 11:27 AM March 6, 2025 11:27 AM

views 7

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ আন্তৰ্জাতিক নাৰী দিৱস বিশেষ ‘দৃষ্টিপাত

■ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা তিনিগৰাকী নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰা...

March 6, 2025 11:21 AM March 6, 2025 11:21 AM

views 11

আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে ড০ বিভাষ দেৱক নিযুক্তি

■ ড০ বিভাষ দেৱক আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ড০ দেৱৰ বৰাক উপত্যকাত উচ্চ শিক্ষাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁৰ নেতৃত্বতেই মহাবিদ্যালয়খনত জৈৱ প্ৰযুক্তি বিভাগ আৰম্ভ...

March 6, 2025 11:15 AM March 6, 2025 11:15 AM

views 15

মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে বহুকেইখন উদ্ভাৱনীমূলক আঁচনি গ্ৰহণ কৰিছেঃ মুখ্যমন্ত্ৰী

■ ৰাজ্যৰ মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে বহুকেইখন উদ্ভাৱনীমূলক আঁচনি গ্ৰহণ কৰিছে। মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত অসম, দেশৰ বাবে অন্যতম পথ প্ৰদৰ্শক হিচাপে পৰিগণিত হৈছে আৰু চৰকাৰৰ ধবজাবাহী আঁচনিসমূহৰ ভিতৰত কমেও ২৫ লাখ মহিলাক আর্থিক সাহায্য প্রদান কৰা হৈছে বুলি অসমৰ মুখ্যমন্ত্ৰী হিম...

March 6, 2025 11:08 AM March 6, 2025 11:08 AM

views 13

অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ৪ টাকৈ ভূমিকম্পৰ জোকাৰণি

■ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যক কালি ৪ টাকৈ ভূমিকম্পই জোকাৰি যায়। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে কালি দিনৰ ১১ বাজি ৬ মিনিটত প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ১০ ছেকেণ্ডৰ বাবে হোৱা এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্রাবল্য আছিল ৫.৭। ভূমিকম্পটোৰ অভিকেন্দ্ৰ মণ...

March 6, 2025 11:01 AM March 6, 2025 11:01 AM

views 16

অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছেঃ অতুল বৰা

● অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যৰ দখলত আছে বুলি সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি বিধানসভাত প্ৰকাশ কৰে। ৰাজ্যখনৰ সৰ্বাধিক ৫৯,৪৯০ হেক্টৰ ভূমি নাগালেণ্ডৰ দখলত আছে। একেদৰে অৰুণাচল প্রদেশে ১৬,১৪৪, মেঘালয়ে ৩,৪৪১ আৰু মিজোৰামে ৩,৬৭৫ হেক্টৰ ভূমি দখল কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে...

March 6, 2025 10:47 AM March 6, 2025 10:47 AM

views 8

কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত ২৬৭টা এন্দুৰৰ গাঁতসদৃশ কয়লা খনি আছেঃ কৌশিক ৰায়

● অসম চৰকাৰে ২০২২ বৰ্ষৰ পৰা চলিত বছৰলৈ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অবৈধভাৱে খনন আৰু সৰবৰাহ কৰা ২৫ হাজাৰ ৬৩১ টন কয়লা জব্দ কৰিছে। বিধানসভাত কালি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত খনি আৰু খনিজাত দ্রব্য বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই বিষয়ে প্রকাশ কৰে। আন এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকী...

March 6, 2025 10:40 AM March 6, 2025 10:40 AM

views 21

অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদৰ ফলাফল দিনৰ ১১ বজাত ৱেৱছাইটযোগে ঘোষণা হ’ব

অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্রক পদৰ লিখিত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব। www.slprbassam.in ৱেৱছাইটযোগে দিনৰ ১১ বজাত ফলাফল উপলব্ধ হ'ব। অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদে জাৰি কৰা এখন জাননী অনুসৰি প্ৰাৰ্থীসকলে সংশ্লিষ্ট...

March 5, 2025 12:52 PM March 5, 2025 12:52 PM

views 10

অসম সহ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আজি ভূমিকম্পৰ জোকাৰণি অনুভূত

অসম সহ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আজি পুৱা প্ৰায় ১১ বাজি ৬ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্রাবল্য আছিল ৫ দশমিক ৭। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূকম্পন বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে মণিপুৰৰ ছংদাঙৰ পৰা ২৯ কিলোমিটাৰ নিলগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। ম্যানমাৰতো এই ভ...

March 5, 2025 12:51 PM March 5, 2025 12:51 PM

views 11

প্রশ্নোত্তৰ শিতানেৰে অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি সপ্তম দিনৰ কাৰ্যক্ৰমণিকা আৰম্ভ

অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি সপ্তম দিনৰ কাৰ্যক্ৰমণিকা প্রশ্নোত্তৰ শিতানেৰে আৰম্ভ হয়। প্রশ্নোত্তৰ কালত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই ৰাজ্যত যোৱা ৩১ জানুৱাৰী পৰ্যন্ত ১ লাখ ৬৫ হাজাৰ ৯৯২জন বিদেশী নাগৰিক চিনাক্ত কৰা বুলি আৰু ইয়াৰে ৩০ হাজাৰ ১১৫জনক নিজ দেশলৈ ঘূৰাই পঠিওৱা বুলি প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।