আঞ্চলিক সংবাদ

March 20, 2025 7:04 PM March 20, 2025 7:04 PM

views 12

যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিশিৰ কুমাৰ বৰঠাকুৰৰ দেহাৱসান

যোৰহাট জিলাৰ মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ শিশিৰ কুমাৰ বৰঠাকুৰৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। যোৱা কিছুদিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা বৰঠাকুৰৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ। প্ৰাক্তন অধ্যক্ষগৰাকীৰ মৃত্যুত মৰিয়নি মহাবিদ্যালয...

March 20, 2025 7:03 PM March 20, 2025 7:03 PM

views 15

অসম দৰ্শন আঁচনিৰ অধীনত ২০২৫ বৰ্ষৰ বাজেটত ৪২০ কোটি টকা আবণ্টন

ৰাজ্য চৰকাৰে অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণৰ উদ্দেশ্যে প্ৰণয়ন কৰা বিস্তাৰিত অসম দৰ্শন আঁচনিৰ অধীনত ২০২৫ বৰ্ষৰ বাজেটত ৪২০ কোটি টকা আবণ্টন দিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই আঁচনিৰ অধীনত ৰাজ্যৰ ২৫ হাজাৰ নামঘৰক দুটা কিস্তিত ৩ লাখ টকাকৈ প্ৰদান ক...

March 20, 2025 7:01 PM March 20, 2025 7:01 PM

views 11

শিৱসাগৰ পলিটেকনিকৰ অংশকালীন প্রবক্তাসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

শিৱসাগৰ পলিটেকনিকৰ অংশকালীন প্রবক্তাসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আজি শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে এই প্ৰবক্তাসকলৰ ন্যায্য দাবী পূৰণ কৰিবলৈ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায় বুলি আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনাইছে।

March 20, 2025 7:00 PM March 20, 2025 7:00 PM

views 5

আজি বিশ্ব সাধু কোৱা দিৱস

আজি বিশ্ব সাধু কোৱা দিৱস। শিশুৰ সাধু শুনা আৰু সাধু কোৱাৰ অভ্যাস গঢ়ি তুলি এটা সুস্থ সামাজিক বাতাবৰণ সৃষ্টিৰ লক্ষ্যৰে ১৯৯১ চনৰ ২০ মাৰ্চত ছুইডেনত এই দিৱসৰ সূচনা হৈছিল। পৰৱৰ্তী সময়ত ই বিশ্ব সাধু কোৱা দিৱস হিচাপে স্বীকৃতি লাভ কৰে। আজিৰ দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তত ভিন ভিন ভাষাত প্ৰচলিত সাধু আৰু লোককথ...

March 20, 2025 6:56 PM March 20, 2025 6:56 PM

views 6

চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মহাবিদ্যালয় হিচাপে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল সন্মানিত

 ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালে মেডিকেল কলেজ ৰিছাৰ্চ কানেক্ট নামৰ সংস্থাৰ দ্বাৰা চলোৱা গৱেষণাত একেৰাহে দ্বিতীয় বছৰৰ বাবে চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী মহাবিদ্যালয় হিচাপে সন্মানিত হৈছে। আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত চিকিৎসা মহাবিদ্যালয়খনক এই সন্মান প্ৰদান কৰা হয়। মহ...

March 20, 2025 6:54 PM March 20, 2025 6:54 PM

views 6

অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা খালিস্তানী নেতা তথা সাংসদ অমৃত পাল সিঙৰ সাতজন সহযোগীক আজি ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ স্থানান্তৰ কৰা হৈছে। যোৱা ১৬ মাৰ্চৰ পৰা ডিব্ৰুগড়ত বাহৰ পাতি থকা ২৫ জনীয়া পঞ্জাৱ আৰক্ষীৰ দলে তেওঁলোকক আজি আইনী প্রক্রিয়া অনুসৰি পঞ্জাৱলৈ লৈ ...

March 20, 2025 6:24 PM March 20, 2025 6:24 PM

views 6

অহা ২৩ মাৰ্চত তিলোত্তমা বৰুৱা সোঁৱৰণী সদৌ অসম আন্তঃ শিক্ষানুষ্ঠানভিত্তিক তর্ক প্রতিযোগিতা

গুৱাহাটীৰ জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ত অহা ২৩ মাৰ্চত তিলোত্তমা বৰুৱা সোঁৱৰণী তৃতীয় বার্ষিক সদৌ অসম আন্তঃ শিক্ষানুষ্ঠানভিত্তিক ছাত্ৰীৰ বাবে তর্ক প্রতিযোগিতা অনুষ্ঠিত হ'ব। ধ্রুপদী ভাষাৰ স্বীকৃতি লাভৰ ফলত অসমীয়া ভাষা ভৱিষ্যতলৈ সুৰক্ষিত হৈছে এই বিষয়ত নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰলৈ সকলো ছাত্ৰীৰ...

March 20, 2025 6:22 PM March 20, 2025 6:22 PM

views 7

আকাশবাণীৰ দৃষ্টিপাতত অহা শনিবাৰে পৰিবেশ প্ৰদূষণ – নতুন ভাবুকি শীৰ্ষক বিশেষ আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত পৰিবেশ প্ৰদূষণ - নতুন ভাবুকি শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিবেশিকা অৰুণিমা গোস্বামীয়ে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত মেডিচিন বিভাগৰ বিশিষ্টা চিকিৎসক ডাঃ ৰুণজুন টেৰণপী আৰু পৰিবেশ কর্ম...

March 20, 2025 6:20 PM March 20, 2025 6:20 PM

views 15

আজি ৰাজ্যৰ বিভিন্ন জিলাত বিশ্ব মুখগহবৰৰ স্বাস্থ্য দিৱস পালন

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে হাতত লোৱা ৰাষ্ট্ৰীয় মুখগহবৰৰ স্বাস্থ্য কাৰ্যসূচীৰ অধীনত আজি ৰাজ্যৰ বিভিন্ন জিলাত বিশ্ব মুখগহবৰৰ স্বাস্থ্য দিৱস পালন কৰা হৈছে। এই উপলক্ষে গোৱালপাৰা জিলাৰ অসামৰিক চিকিৎসালয়ত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। চিকিৎসালয়খনৰ অধীক্ষক ডাঃ চিত্তৰঞ্জন হাজৰিকা আৰু উপ-অধীক্ষক ডাঃ অ...

March 20, 2025 6:19 PM March 20, 2025 6:19 PM

views 12

বজালীৰ বেলনা গাঁওলৈ ২০২৪ বৰ্ষৰ সংস্কাৰ ধবনি স্বচ্ছতা বঁটা

স্বচ্ছতা অভিযানক কাৰ্যকৰীকৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা বজালীৰ বেলনা গাঁওলৈ ২০২৪ বৰ্ষৰ সংস্কাৰ ধবনি স্বচ্ছতা বঁটা আগবঢ়োৱা হৈছে। কৃষিজীৱি গাঁওবাসীয়ে কঠোৰ পৰিশ্ৰম আৰু নিয়মানুৱৰ্তীতাৰ জৰিয়তে অতি কম দিনৰ ভিতৰত প্লাষ্টিক বৰ্জনৰ দৰে পদক্ষেপ গ্ৰহণ কৰি পৰিষ্কাৰ-পৰিচ্চন্নতাৰ ক্ষেত্ৰত ৰাজ্যজুৰি আদৰ্শ দ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।