আঞ্চলিক সংবাদ

January 4, 2026 8:58 PM

views 14

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলটো সম্পূৰ্ণৰূপে সাজু বুলি অসম প্রদেশ বিজেপিৰ ২০২৬ৰ বিধানসভা নির্বাচন প্ৰৱন্ধন সমিতিৰ আহ্বায়ক তথা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা মন্তব্য

অসম প্রদেশ বিজেপিৰ ২০২৬ৰ বিধানসভা নির্বাচন প্ৰৱন্ধন সমিতিৰ আহ্বায়ক তথা লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই সমাগত বিধানসভা নিৰ্বাচনৰ বাবে দলটো সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য কৰিছে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আজি এখন সংবাদমেলত শ্ৰীবৰুৱাই কয়, যে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টি আ...

January 4, 2026 8:54 PM

views 17

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ডিমৰীয়া বিধানসভা সমষ্টিৰ ২৪৭৬৬ গৰাকী মহিলাক উদ্যমিতা পুঁজিৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী পানীখাইটিত আয়োজিত এটা অনুষ্ঠানত ডিমৰীয়া বিধানসভা সমষ্টিৰ ২৪৭৬৬ গৰাকী মহিলাক উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। এই উপলক্ষে আয়োজিত জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন চৰকাৰী আঁচনিৰ লাভালাভ সন্দৰ্ভত অৱগত কৰে। ড° শৰ্...

January 4, 2026 8:44 AM

views 14

ন্যূনতম সমর্থন মূল্যত শালিধান ক্ৰয়ৰ বাবে যোৰহাটত ধান ক্রয় কেন্দ্ৰ মুকলি

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে ন্যূনতম সমর্থন মূল্যত শালিধান ক্ৰয়ৰ বাবে গ্রহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে যোৰহাটত কালি ধান ক্রয় কেন্দ্ৰ মুকলি কৰা হৈছে। জিলাখনৰ ন-কচাৰী, ঢেকৰগঢ়া আৰু মাধপুৰ হাঁহচৰাত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত এই কেন্দ্ৰ মুকলি কৰা হৈছে।...

January 4, 2026 8:41 AM

views 11

হোজাইৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা ভূমি দখল মুক্ত কৰাৰ বাবে প্রশাসনে চলোৱা উচ্ছেদ অভিযান শান্তিপূর্ণভাবে সম্পন্ন

হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা ভূমি দখল মুক্ত কৰাৰ বাবে প্রশাসনে চলোৱা উচ্ছেদ অভিযান শান্তিপূর্ণভাবে সম্পন্ন হয়। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাবে বাস কৰি থকা ১২৫০ টা পৰিয়ালৰ ভিতৰত ১০৯৮টা পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য লোৱা হৈছিল। এই অভিযানত ১০১৬ টা...

January 4, 2026 8:38 AM

views 17

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি জিলা প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ উদ্যোগত প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি ধেমাজি জিলা প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ উদ্যোগত অহা ৭ জানুৱাৰীত ধেমাজিত হ'বলগীয়া প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে সেইদিনা সমষ্ট...

January 4, 2026 8:31 AM

views 14

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৬০ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে যদিও এতিয়াও ১২ লাখ ভূমি দখলমুক্ত কৰিবলগা আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৬০ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে, যদিও এতিয়াও ১২ লাখ ভূমি দখলমুক্ত কৰিবলগা আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দুধনৈত কালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশ লৈ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰা...

January 4, 2026 8:07 AM

views 29

লামডিং-শিলচৰ ব্ৰডগজ ৰূপান্তৰ প্ৰকল্পই প্ৰগতিৰ মাধ্যমেৰে উচ্চ পৰ্যায়ৰ নিৰীক্ষণ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়ন তথা যোগাযোগ উন্নীতকৰণৰ প্ৰতি চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাক সূচায়

প্রধানমন্ত্ৰীৰ সক্ৰিয় প্ৰশাসন আৰু সময় নিৰ্ধাৰিত ৰূপায়নৰ ধবজাবাহী মঞ্চ প্ৰগতিয়ে ৫০ সংখ্যক বৈঠকৰ সফল আয়োজনেৰে গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনত আৰম্ভ কৰাৰে পৰা এই মঞ্চই প্রধানমন্ত্ৰীৰ পোনপটীয়া পৰ্যবেক্ষণৰ মাধ্যমেৰে গুৰুত্বপূৰ্ণ আন্তঃগাথনি প্রকল্প আৰু জনসাধা...

January 3, 2026 7:35 PM

views 21

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ৭ জন অভিযুক্তৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানী গ্রহণ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ৭ জন অভিযুক্তৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা ছেছন ন্যায়াধীশৰ আদালতত তৃতীয়টো শুনানী গ্রহণ কৰা হয়। শুনানী কালত কাৰাৰুদ্ধ ৭ গৰাকী অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ ভার্চুৱেল ব্যৱস...

January 3, 2026 7:25 PM

views 13

আকাশবাণীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ’ব

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰিত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইৰ সচিব দেৱজিৎ শ‍ইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। উদীয়মান খেলুৱৈৰ প্ৰশিক্ষণ বিষয়ক সাক্ষাৎ...

January 3, 2026 7:20 PM

views 22

বজালীৰ বাঘমাৰাৰ সমীপৰ গড়বজাৰত সংঘটিত পথ দুৰ্ঘটনাত ৪ গৰাকী শিক্ষার্থীসহ ৫ জন লোক আহত

বজালী জিলাৰ বাঘমাৰাৰ সমীপৰ গড়বজাৰত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত ৪ গৰাকী শিক্ষার্থীসহ ৫ জন লোক আহত হয়। গুৰুতৰভাৱে আহত হোৱা লোককেইজনক পাঠশালাৰ ছহিদ মদনৰাওতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে এজনক গুৱাহাটীলৈ আৰু আন ৩ জনক বৰপেটা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইপিনে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।