আঞ্চলিক সংবাদ

January 5, 2026 12:54 PM

views 32

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত আজি পুৱা ৪ বাজি ১৭ মিনিটত ৫.১ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰণি

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক আজি পুৱা ৪ বাজি ১৭ মিনিটত ৫ দশমিক ১ প্রাবল্যৰ মজলীয়া ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁও জিলাৰ ধিং অঞ্চলত ভূ-পৃষ্ঠৰ পৰা ৫০ কিলোমিটাৰ গভীৰত বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ জোকাৰণি বাংলাদেশ, ভূটান, নেপালতো অনুভূত হয়।

January 5, 2026 12:52 PM

views 22

ডিব্ৰুগড় জিলাত অনুষ্ঠিত মৃদংগিয়া গায়ন-বায়ন সংস্থাৰ দ্বিতীয় দ্বিবার্ষিক ৰাজ্যিক অধিৱেশনত সাংসদ সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ টিপমীয়া ধোৱাপথাৰ বৰনামঘৰ প্ৰাংগণত ৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত মৃদংগিয়া গায়ন-বায়ন সংস্থাৰ দ্বিতীয় দ্বিবার্ষিক ৰাজ্যিক অধিবেশনত কালি মুকলি সভাত কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। শ্ৰীসোণোৱালে মৃদংগ বায়নৰ জৰিয়তে অসমৰ সংস্কৃত...

January 5, 2026 12:50 PM

views 16

অহা ৩১ জানুৱাৰীৰ ভিতৰত সকলো ছাত্ৰ-ছাত্ৰীৰে APAAR পৰিচয়-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক নির্দেশ

ৰাজ্য চৰকাৰে অহা ৩১ জানুৱাৰীৰ ভিতৰত সকলো ছাত্ৰ-ছাত্ৰীৰে APAAR পৰিচয় পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক নির্দেশ দিছে। সমগ্ৰ শিক্ষা, অসমৰ মিছন সঞ্চালকৰ কাৰ্যালয়ে এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশত উল্লেখ কৰা অনুসৰি বিগত বৰ্ষৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ৭৯ শতাংশ ছাত্ৰ-ছাত্ৰীৰ APAAR পৰিচ...

January 5, 2026 12:49 PM

views 44

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি-কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে আজিৰেপৰা ৰাজ্যজুৰি দেৱাল লিখন কাৰ্যসূচীৰ আয়োজন কৰিছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ স...

January 4, 2026 9:23 PM

views 22

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় ডিব্ৰুগড়ত দুৰ্ঘটনাত পতিত হয়

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় আজি ডিব্ৰুগড়ত এটা দুৰ্ঘটনাত পতিত হয়। শ্ৰী সোণোৱাল ওপজা গাঁও বিন্ধাকটালৈ গৈ থকা অৱস্থাত চাবুৱাৰ হাতীআলি বাইপাছত দুৰ্ঘটনাটো সংঘটিত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী গৈ থকা অৱস্থাত কনভয়টোৰ এখন গাড...

January 4, 2026 9:21 PM

views 107

কাচাৰ জিলাৰ লক্ষীপুৰ ব্লকৰ আনাৰস খেতি আৰু প্ৰক্ৰিয়াকৰণ খণ্ডক নীতি আয়োগৰ গুৰুত্বপূৰ্ণ স্বীকৃতি প্ৰদান

নৱবৰ্ষৰ আৰম্ভণিতে কাচাৰ জিলাৰ লক্ষীপুৰ ব্লকৰ আনাৰস খেতি আৰু প্ৰক্ৰিয়াকৰণ খণ্ডক নীতি আয়োগে গুৰুত্বপূৰ্ণ স্বীকৃতি প্ৰদান কৰি আশা ব্যঞ্জক অধ্যায়ৰ আৰম্ভ কৰিছে। কৃষিভিত্তিক উদ্ভাৱন, দীৰ্ঘম্যাদী জীৱিকা সৃষ্টিৰ লগতে পৰিৱেশ অনুকূল উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি লক্ষীপুৰ ব্লকক এই স্বীকৃতি প্ৰদান কৰা হৈছে। এই ...

January 4, 2026 9:15 PM

views 56

গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ দ্বাদশ দিনাও গ্ৰন্থপ্ৰেমীৰ ভিৰ, বৰ্তমানলৈকে ৬ কোটি ৩০ লাখ টকাৰ কিতাপ বিক্ৰী

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্রন্থ মেলাত আজি শিশু দিন উদযাপন কৰা হয়। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত, কবি-সাহিত্যিক, পার্থসাৰথি মহন্তই এই শিশু দিন কার্যসূচী আনুষ্ঠানিকভাৱে ম...

January 4, 2026 9:08 PM

views 22

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ধেমাজিত কেইবাটাও পথৰ আধাৰশিলা স্থাপন

অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক অগ্ৰাধিকাৰ ভিত্তিক উন্নয়নৰ পুঁজিৰ অধীনত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে। ধেমাজি লক্ষীপথাৰ, বিষ্ণুপুৰ, হাতীগড়কে ধৰি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্রায় ৬ কোটি টকা ব্যয় সাপেক্ষে...

January 4, 2026 9:05 PM

views 26

জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মালৈ সদৌ অসম ছাত্ৰ সন্থাৰ জৰুৰী পত্ৰ প্ৰেৰণ

সদৌ অসম ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আজি এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে উল্লেখ কৰা অনুসৰি পত্ৰখনৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ এখন বিশেষ আদালতৰ ব্যৱস্থা ...

January 4, 2026 9:02 PM

views 16

স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে ধেমাজিৰ জোনাই সমষ্টিত ৩ খন নতুন প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৩ খন উপ স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে

স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি ধেমাজিৰ জোনাই সমষ্টিত ৩ খন নতুন প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৩ খন উপ স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যত তৃণমূল পৰ্যায়ত স্বাস্থ্য সেৱা উন্নত কৰি তোলাৰ লক্ষ্যৰে ২ কোটি ৪৩ লাখ টকা ব্যয় সাপেক্ষে এই প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।