আঞ্চলিক সংবাদ

January 9, 2026 1:53 PM

views 25

শিৱসাগৰৰ বগীদলত সংঘটিত পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু

শিৱসাগৰৰ বগীদ'লত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। চাইকেল আৰোহী জমিউদ্দিন আলী নামৰ লোকজনক ডাম্পাৰে মহতিয়াই নিয়াৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনাইছে। নিহত জমিউদ্দিন আলী বয়স আছিল ৬৮ বছৰ।

January 9, 2026 1:50 PM

views 12

জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন ঠাইত প্রতিষেধক প্রদান

জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন ঠাইত প্রতিষেধক প্রদান কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচীৰ অংশ হিচাপে ধুবুৰী জিলাত প্রাপ্তবয়স্কসকলৰ বাবে বিনামূলীয়াকৈ জাপানিজ এনকেফেলাইটিছৰ প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বি...

January 9, 2026 1:44 PM

views 24

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত উত্তীর্ণ ৪,৩৭৪ গৰাকী চতুৰ্থবৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান

ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, এ ডি আৰ ইত উত্তীর্ণ ৪ হাজাৰ ৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্ম...

January 9, 2026 12:57 PM

views 19

বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী ফৌথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভাৰ অধিৱেশন

চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী ফৌথাৰত আজিৰে পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভা ৬৫ সংখ্যক কেন্দ্রীয় অধিৱেশন অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যর্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰ্গয়াৰীয়ে ড° মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে। ইয়াৰ পাছতে পদ্মলোচন বড়...

January 9, 2026 12:55 PM

views 20

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ আৰম্ভ হৈছে। জিলা আয়ুক্ত ডাঃ নেহা যাদৱে পুৱা মহোৎসৱৰ মুখ্য তোৰণ উদঘাটন কৰে। উদযাপন সমিতিৰ সভাপতি তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোল...

January 9, 2026 12:46 PM

views 24

গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰমন্ত্ৰী সন্মিলনত জিলা আধাৰিত বস্ত্ৰ ৰূপান্তৰ উদ্যম মুকলি

কেন্দ্রীয় বস্ত্র মন্ত্রালয়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰমন্ত্ৰী সন্মিলনত জিলা আধাৰিত বস্ত্ৰ ৰূপান্তৰ উদ্যম মুকলি কৰে। বস্ত্ৰা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, দেশৰ বস্ত্ৰ খণ্ডৰ সৰ্বাত্মক আৰু নিৰন্তৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা এই কৌশলগত উদ্যম অধীনত জিলাসমূহক চেম্পিয়ন আৰু অভিলাষী...

January 9, 2026 12:45 PM

views 19

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ‘মহিলা সবলীকৰণৰ অৰ্থে গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ আঁচনিসমূহত আলোকপাত’ শীর্ষক বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাতত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ‘মহিলা সৱলীকৰণৰ অৰ্থে গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ আঁচনিসমূহত আলোকপাত' শীর্ষক এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাজ্যিক বিজেপিৰ মুখপাত্র কমল কুমাৰ মেধিয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব জিণ্টী ৰাণী ডেকাই। অনুষ্ঠানৰ পৰিকল্পনা আ...

January 9, 2026 12:24 PM

views 35

আজিৰে পৰা মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থ সংস্কৰণ

মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ চতুৰ্থ সংস্কৰণ আজি আৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানৰ পাছত নৱী মুম্বাইৰ ড০ ডি ৱাই পাটিল ষ্টেডিয়ামত হ'বলগীয়া এইবাৰৰ প্ৰথমখন খেলত ৰয়েলছ ছেলেঞ্জাৰ্ছ বাংগালুৰু, যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে সাত বতাজ আৰম্ভ হ'ব। উদ...

January 9, 2026 12:21 PM

views 20

গোৱালপাৰা জিলাত খেলৰ পৰিৱেশ গঢ়ি তুলি খেলুৱৈসকলক উৎসাহিত কৰিবলৈ জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ বিশেষ পদক্ষেপ

গোৱালপাৰা জিলাত খেলৰ পৰিৱেশ গঢ়ি তুলি খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। খেলুৱৈসকলে যাতে জিলাখনকৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে সেই উদ্দেশ্যে আগত ৰাখি ৪১ গৰাকী মহিলা ফুটবল খেলুৱৈক কালি জিলা আয়ুক্তগৰাকীয়ে বুট জোতা প্ৰদান কৰে। কল্যাণপুৰ হাইস্কুল খেলপথাৰ...

January 9, 2026 12:19 PM

views 46

ভোটাৰ তালিকাৰ খচৰাৰ পৰা সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰিবলৈ বুথ পৰ্যায়ৰ বিষয়াসকলক মুখ্যমন্ত্ৰীৰ নির্দেশ

ভোটাৰ তালিকাৰ খচৰাত সন্দেহজনক লোকৰ নাম দেখা মাত্ৰেই কৰ্তন কৰাৰ বাবে যিকোনো ভাৰতীয় নাগৰিকে আবেদন জনাব পাৰে আৰু এয়া অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। ভোটাৰ তালিকাৰ খচৰাক লৈ বিভিন্ন ৰাজনৈতিক দলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্ত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।