আঞ্চলিক সংবাদ

January 10, 2026 7:04 PM

views 37

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্রামাঞ্চলসমূহত জীয়ৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়ণৰ বাবে পিঠা-পনা প্রস্তুতৰ আয়োজন কৰিছে। উৰুকালৈ মাজত মাথো দুদিন বাকী...

January 10, 2026 7:03 PM

views 19

দেশৰ চহকী পৰম্পৰাত স্বাস্থ্যৰ ক্ষেত্ৰত সদায় সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যৰ প্রকাশ

দেশৰ চহকী পৰম্পৰাত স্বাস্থ্যৰ ক্ষেত্ৰত সদায় সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই প্রকাশ কৰিছে। গুৱাহাটীত আজি দ্বিতীয় উত্তৰ পূব স্বাস্থ্য যতন ব্যৱস্থাপনা সম্মিলন মুকলি কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে সুস্থ ব্যক্তিয়েহে সুস্থ সমাজৰ ভেটি গঢ়ে আৰু সমাজ সুস্থ হ'লে ৰাষ্টও সুস্থ হ...

January 10, 2026 7:00 PM

views 21

সৰুসজাইত বাগৰুম্বা প্রদর্শন কৰি বিশ্ব অভিলেখ গঢ়াৰ বাবে সম্প্রতি বিভিন্ন স্থানত প্রস্তুতি

গুৱাহাটীৰ সৰুসজাইত ১০ হাজাৰ শিল্পীয়ে বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগৰুম্বা প্রদর্শন কৰি বিশ্ব অভিলেখ গঢ়াৰ বাবে সম্প্রতি বিভিন্ন স্থানত প্রস্তুতি চলাই থকা হৈছে। কামৰূপৰ বকোত ৫৪৫ গৰাকী বড়ো সম্প্রদায়ৰ যুৱক-যুৱতীয়ে আখৰাত অংশগ্ৰহণ কৰে। বাক্সাৰ বৰমাজা বাথৌ মন্দিৰ খেলপথাৰত অনুষ্ঠিত বাগৰুম্বাৰ আখৰা আজি অন্ত পৰে...

January 10, 2026 6:59 PM

views 16

বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় বার্ষিক অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্য্যসূচীত স্মৃতিগ্রন্থ উন্মোচন

চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় বার্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্য্যসূচীত স্মৃতিগ্রন্থ উন্মোচনৰ লগতে বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰা হয়। আজিৰ অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লোৱাৰ পাছত শ্র...

January 10, 2026 6:53 PM

views 32

কাইলৈ উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন

উত্তৰ গুৱাহাটীৰ ৰংমহলত কাইলৈ সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত আইন মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্রী অর্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দী...

January 10, 2026 6:46 PM

views 23

দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো কাৰণতে দুর্নীতিক প্রশ্রয় দিয়া নাই আৰু আগলৈও এই ক্ষেত্ৰত চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰিব। ২০২৫ বৰ্ষত ৰা...

January 10, 2026 6:43 PM

views 17

১০ ফেব্ৰুৱাৰীৰ পূৰ্বে সকলো নিযুক্তি প্রক্রিয়া সম্পন্ন কৰা হব বুলি মুখ্যমন্ত্রী ঘোষণা

১০ ফেব্ৰুৱাৰীৰ আগতে সকলো নিযুক্তি সম্পন্ন হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুবা ক্রীড়া প্রকল্পত আজি অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা- এ.ডি. আৰ.ইত উত্তীর্ণ তৃতীয় বৰ্গৰ ৬ হাজাৰ ৩৪৭ গৰাকী প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা ক...

January 10, 2026 12:47 PM

views 18

ডিব্ৰুগড়ৰ টিপাম ফাঁকিয়াল নেপালী গাঁৱত আৰক্ষীৰ অভিযান মাদক দ্রব্য সৰবৰাহকাৰী আটক

ডিব্ৰুগড় আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত কালি নিশা জয়পুৰ আৰক্ষী থানাৰ অন্তৰ্গত টিপাম ফাঁকিয়াল নেপালী গাঁৱত অভিযান চলাই এজন মাদক দ্রব্য সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে সৰবৰাহকাৰীজনৰ পৰা ৫টা চাবোনৰ বাকচত ভৰাই অনা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰে। ধৃত লোকজন চন্দন বৰা বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় আৰক্ষী আৰু চি আ...

January 10, 2026 12:44 PM

views 23

বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিন

চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী ফৌথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিন। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালিৰে পৰা অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰথম দিনা বিটিচিৰ কাৰ্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যর্থনা সমি...

January 10, 2026 12:42 PM

views 20

বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিব

ৰাজ্য চৰকাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰিব। ভৈয়াম জনজাতিৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সাংবাদিকৰ আগত কালি এই কথা প্ৰকাশ কৰি কয়, যে এই প্রতিবেদনৰ কোনো সংশোধন নহয়। ইয়াৰ পৰিৱৰ্তে প্ৰতিবেদনখনত থকা দুই-এটা আসোঁৱাহ শুদ্ধ কৰি আৰু কেন্দ্ৰীয় ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।