আঞ্চলিক সংবাদ

July 18, 2025 1:14 PM July 18, 2025 1:14 PM

views 25

উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি

● ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত ...

July 18, 2025 10:53 AM July 18, 2025 10:53 AM

views 16

অধ্যাপক তথা ইংৰাজী আৰু অসমীয়া ভাষাৰ জনপ্ৰিয় লেখক আৰুণি কাশ্যপৰ সৈতে আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ আমেৰিকাৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক তথা ইংৰাজী আৰু অসমীয়া ভাষাৰ জনপ্ৰিয় লেখক আৰুণি কাশ্যপৰ সৈতে এটা কথোপকথন প্ৰচাৰ কৰিব। নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰিত হ'বলগীয়া এই কথোপকথনত লেখকগৰাকীৰ সৈতে অংশগ্রহণ কৰিব আকাশবাণী গুৱাহাট...

July 18, 2025 10:42 AM July 18, 2025 10:42 AM

views 20

সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰেচন লাভ কৰা ৩০ হাজাৰ ৪৬৭ গৰাকী হিতাধিকাৰীৰ নাম কৰ্তন

ৰাজ্যত চলিত বৰ্ষৰ প্ৰথম পাঁচ মাহত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ তথ্য ভাণ্ডাৰৰ পৰা সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰেচন লাভ কৰা ৩০ হাজাৰ ৪৬৭ গৰাকী হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। ইয়াৰ ফলস্বৰূপে অযোগ্য হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট ১৬ হাজাৰৰো অধিক ৰেচন কাৰ্ড বাতিল কৰা হৈছে। ৰাজ্যত সম্প্ৰতি ৭০ লাখৰো অধিক ৰেচন...

July 18, 2025 10:38 AM July 18, 2025 10:38 AM

views 11

ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি

● ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে। দৰং জিলাত কালি এই ৰোগত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ ফলত ৰাজ্যখনত চলিত বছৰত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ লৈ বৃদ্ধি হৈছে। নামনি অসমৰ চিৰাং, নলবাৰী, দৰঙৰ লগতে উজনি অসমৰ গোলাঘাট, ধেমাজি, শিৱসাগৰ আৰু শোণিতপুৰত ...

July 18, 2025 10:31 AM July 18, 2025 10:31 AM

views 16

উত্তৰ-পূৰ্বাঞ্চলৰ ২১ খন জিলা বৰষুণৰ ব্যাপক ঘাটি থকা জিলাৰূপে পৰিগণিত

● এইবাৰ বাৰিষা কালত উত্তৰ-পূৰ্বাঞ্চলৰ ২১ খন জিলা বৰষুণৰ ব্যাপক ঘাটি থকা জিলাৰূপে পৰিগণিত হৈছে। ইয়াৰে ভিতৰত অসমৰ ১৩ খন জিলা আছে। বতৰ বিজ্ঞান বিভাগে কোনো জিলাত স্বাভাৱিকতকৈ ৬০ পৰা ৯৯ শতাংশ কম বৰষুণ হ'লে ব্যাপক ঘাটি হোৱা জিলা বুলি গণ্য কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পহিলা জুনৰ পৰা ১৭ জুলাই সময়ছোৱাৰ ...

July 18, 2025 10:26 AM July 18, 2025 10:26 AM

views 13

উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি

■ ৰাজ্য চৰকাৰে স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। ইয়াৰ ভিতৰত কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰৱৰ্ত্তা পদত ২৩৬ গৰাকী, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্রশিক্ষক পদত ৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি...

July 18, 2025 10:22 AM July 18, 2025 10:22 AM

views 9

অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত বসবাস কৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰা হ’বঃ মুখ্যমন্ত্ৰী

গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত বসবাস কৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতেই সৰুপথাৰ সমজিলা প্ৰশাসন আৰু বন বিভাগ তৎপৰ হৈছে। ইতিমধ্যে ড্ৰোণৰ সহায়ত সীমান্ত এলেকাত স্থানীয় প্রশাসন, চি আৰ পি এফ আৰু বন বিভাগৰ...

July 18, 2025 10:17 AM July 18, 2025 10:17 AM

views 13

পাইকান সংৰক্ষিত বনাঞ্চলৰ হিংসাত্মক ঘটনাৰ তদন্ত কৰা হ’বঃ বনমন্ত্ৰীৰ ঘোষণা

● গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত বেতবাৰীত আৰক্ষী, বনৰক্ষী আৰু পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত লোকৰ মাজত লগা সংঘৰ্ষত কালি এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন ২৪জন লোক আহত হয়। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আমাৰ সংবাদদাতাৰ আগত প্ৰকাশ কৰা মতে পাইকানৰ উচ্ছেদিত এলেকালৈ যোৱা এটা পথ বন বিভাগৰ লোকে আৰক্ষীৰ...

July 17, 2025 9:26 PM July 17, 2025 9:26 PM

views 17

ধেমাজিত দলীয় কর্মকর্তাৰ সৈতে কৃষিমন্ত্রী অতুল বৰাৰ সাংগঠনিক সভা

কৃষিমন্ত্রী অতুল বৰাই ধেমাজিত আজি দলীয় কর্মকর্তা সকলৰ সৈতে এখন সাংগঠনিক সভাত অংশ লয়। তেওঁ তৃণমূল কর্মীসকলক দলটোৰ প্ৰধান চালিকা শক্তি বুলি অভিহিত কৰে। তৃণমূলৰ কৰ্মকৰ্তা সকলৰ সক্রিয় ভূমিকা আৰু উৎসর্গিত মনোভাৱে সকলোকে সবলভাৱে কাম কৰি যাবলৈ প্ৰেৰণা যোগাই আহিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সমাগত ব...

July 17, 2025 9:20 PM July 17, 2025 9:20 PM

views 4

মিছিং বানে কেবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস চিলাপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন

মিছিং জনগোষ্ঠীৰ অন্যতম সংগঠন মিছিং বানে কেবাঙৰ ১০১ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ধেমাজিৰ চিলাপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়। স্বচ্ছতা অভিযান, গছপুলি ৰোপণৰ লগতে ১০১ খন পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বিধায়ক ভূৱন পেগু, মিছিং স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়া আৰু দল-সংগঠ...