আঞ্চলিক সংবাদ

July 21, 2025 12:13 PM July 21, 2025 12:13 PM

views 3

কাছাৰৰ কালাইন সিন্দূৰা বনভোজথলীত পাহাৰৰ পৰা বৈ অহা নৈত পৰি এজন যুৱকৰ মৃত্যু, এজন সন্ধানহীন

কাছাৰৰ কালাইন সিন্দূৰা বনভোজথলীত পাহাৰৰ পৰা বৈ অহা নৈৰ পানীত পৰি এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন এজন যুৱক সন্ধানহীন হৈ আছে। জানিব পৰা মতে বদৰপুৰ আৰু ভাংগাৰ পৰা ৭ জন বন্ধু সিন্দূৰা বনভোজথলীলৈ আহিছিল। নৈত গা ধুবলৈ গৈ বদৰপুৰৰ বিশাল ঘোষ আৰু সৌভিক সৰকাৰ নামৰ দুজন যুৱক নিখোজ হৈ পৰে। দুয়োজন যুৱক নিখোজ হোৱা...

July 21, 2025 12:11 PM July 21, 2025 12:11 PM

views 4

আজিৰে পৰা দিল্লীৰ উদীয়মান যুৱ ফুটবল প্রতিযোগিতা অৰিয়েণ্টেল কাপৰ তৃতীয় সংস্কৰণ

দিল্লীৰ উদীয়মান যুৱ ফুটবল প্রতিযোগিতা অৰিয়েণ্টেল কাপৰ তৃতীয় সংস্কৰণ আজিৰে পৰা ড০ আম্বেদকাৰ ষ্টেডিয়ামত আৰম্ভ হ'ব। এই প্রতিযোগিতাত ৩৬টা দলে অংশগ্ৰহণ কৰিছে। ইয়াৰে ২৪টা দল ল'ৰাৰ আৰু ১২টা দল ছোৱালীৰ। উদ্বোধনী খেলত ল'ৰা শাখাত দ্বাৰকাৰ চৰকাৰী সহ-শিক্ষা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে, মাদাৰছ ইণ্টাৰনেশ্যনে...

July 21, 2025 12:10 PM July 21, 2025 12:10 PM

views 10

যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী হিচাপে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন

যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী হিচাপে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰে সৈতে সংগতি ৰাখি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কালিৰে পৰা ২৪ জুলাইলৈ ৪৮ সংখ্যক সদৌ অসম মুকলি ফিডে ৰেটিং দবা প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাত ৰাজ্যৰ ২৭খন জিলা ২৬৭গৰাকী প্ৰতিযোগীয়ে...

July 21, 2025 11:30 AM July 21, 2025 11:30 AM

views 4

আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন, কালি সৰ্বদলীয় বৈঠক সম্পন্ন

আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই অধিৱেশন ২১ আগষ্টলৈ চলিব। অধিৱেশনৰ কালছোৱাত উভয় সদনৰ মুঠ ২১ খন বৈঠক অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে অপাৰেচন সিন্দূৰৰ পাছত এয়া হৈছে সংসদৰ প্ৰথমখন অধিৱেশন। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কালি নতুন দিল্লীৰ সংসদ ভৱনত ৰাজ্যসভাৰ নেতা জগত প্ৰকাশ নাড্ডাৰ সভাপতিত্বত এখন...

July 21, 2025 11:28 AM July 21, 2025 11:28 AM

views 3

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ আশুতোষ কুমাৰৰ শপতগ্ৰহণ

পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। উল্লেখযোগ্য যে গুৱাহাটী উচ্...

July 21, 2025 11:26 AM July 21, 2025 11:26 AM

views 4

ৰাজ্যৰ ভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, কাকপথাৰত ছাত্ৰীৰ মৃত্যু

অসমৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। তিনিচুকীয়া জিলাৰ কাকপথাৰত এই ৰোগত আক্ৰান্ত হৈ কালি জয়শ্ৰী চাংমাই নামৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। কাকপথাৰ দপথাৰ মাজগাঁৱৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকী এই ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। জিলাখ...

July 20, 2025 7:58 PM July 20, 2025 7:58 PM

views 4

চিৰাং জিলা অংগনবাড়ী কর্মীসকলক স্মার্ট মোবাইল ফোন প্ৰদান কাৰ্যসূচী মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই শুভাৰম্ভ কৰে

চিৰাং জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আজি কাজলগাঁওস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই জিলাখনৰ অংগনবাড়ী কর্মীসকলক স্মার্ট মোবাইল ফোন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ মুঠ ১০২৯ গৰাকী অংগনবাড়ী কর্মীক স্মার্ট মোবাইল ফোন প্ৰদ...

July 20, 2025 7:51 PM July 20, 2025 7:51 PM

views 57

ৰাজ্যৰ কেইবাখনো জিলাত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে

ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ পৰিমাণ স্বাভাৱিক হাৰতকৈ কম হোৱাৰ ফলত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে। কৃষি মন্ত্ৰী অতুল বৰাই আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত এইদৰে প্ৰকাশ কৰি কয়, যে ইতিমধ্যে ওদালগুৰি, কামৰূপ, দৰং, গোলাঘাট, মাজুলীকে ধৰি বিভিন্ন জিলাৰ কৃ...

July 20, 2025 7:43 PM July 20, 2025 7:43 PM

views 3

অসম প্ৰকাশন পৰিষদে চানমাৰিস্থিত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱৰ সফল সামৰণি

অসম প্ৰকাশন পৰিষদে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা গুৱাহাটী শিশু মহোৎসৱৰ আজি সফল সামৰণি পৰে। এই মহোৎসৱৰ সময়ছোৱাত প্ৰতি দিনে শতাধিক শিশু চেমনিয়াৰ মাজত যোগাসন, কলা সংস্কৃতিৰ কৰ্মশালা, চলচ্চিত্ৰ প্ৰদৰ্শন আৰু গ্ৰন্থমেলাৰ আয়োজন কৰা হয়। আজিৰ সামৰণি অনুষ...

July 20, 2025 7:27 PM July 20, 2025 7:27 PM

views 3

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ আশুতোষ কুমাৰে সোমবাৰে শপতগ্ৰহণ কৰিব

পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আশুতোষ কুমাৰে কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা ১০ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'বলগীয়া এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ক...