আঞ্চলিক সংবাদ

January 17, 2026 12:39 PM

views 13

যোৰহাটৰ তৰাজান নিবাসী সৰবৰহী মহিলা মৃণালিনী গোস্বামীৰ দেহাৱসান

যোৰহাটৰ তৰাজান নিবাসী সৰবৰহী মহিলা মৃণালিনী গোস্বামীৰ যোৱা নিশা বাৰ্দ্ধক্যজনিক ৰোগত নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান কার্যবাহী সঞ্জয় গোস্বামী মাতৃ মৃণালিনী গোস্বামীৰ তৰাজান পূজা মন্দিৰ আৰু তৰাজান হস্তশিল্প অনুষ্ঠানৰ সৈতে জড়িত...

January 17, 2026 12:36 PM

views 20

মাজুলীত সোমবাৰে জাপানীজ এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ

মাজুলীত পৰহিলৈ জাপানীজ এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ হ'ব। ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ সকলো প্ৰাপ্তবয়স্ক লোকক সামৰি ল'বলগীয়া এই কাৰ্য্যসূচী ২১ দিন ধৰি চলিব। এই প্রতিষেধক প্রদান কাৰ্য্যসূচী সম্পূর্ণ বিনামূলীয়া, নিৰাপদ আৰু ফলপ্ৰসূ হোৱাৰ লগতে ই দীৰ্ঘকালীন সুৰক্ষা প্ৰদান কৰিব। জিলা স্বাস্থ্য আৰু...

January 17, 2026 12:34 PM

views 21

যোৰহাট সাহিত্য মঞ্চই যোৰহাট সাহিত্য উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে প্ৰদান কৰা সাহিত্য বঁটাসমূহ ঘোষণা

যোৰহাট সাহিত্য মঞ্চই যোৰহাট সাহিত্য উৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতিবছৰে প্ৰদান কৰা সাহিত্য বঁটাসমূহ ঘোষণা কৰিছে। বিশিষ্ট বিজ্ঞান লেখক, গল্পকাৰ, শিশু সাহিত্যিক,ঔপন্যাসিক অনন্ত কুমাৰ শৰ্মালৈ এইবছৰৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে। হস্ততাঁত বস্ত্রশিল্প আৰু ৰেচম বিভাগৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত বিশিষ্ট লেখক, শি...

January 17, 2026 12:32 PM

views 17

১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ অধিবেশন

অসম বিধানসভা সচিবালয়ে অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ অধিবেশন অনুষ্ঠিত কৰাৰ অনুমতি বিচাৰি ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছে। সেই অনুসৰি ৰাজ্যপালে অনুমতি দিলে চৰকাৰে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰিব বুলি বিধানসভা সচিবালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ...

January 16, 2026 8:09 PM

views 24

অসমৰ ৪ খন জিলাত অগ্নিবীৰত সূচীভুক্ত প্ৰাৰ্থীৰ বাবে নিযুক্তি ৰেলী ব্যৱস্থা

ভাৰতীয় সেনা বাহিনীয়ে অসমৰ ৪ খন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাওঁ আৰু মৰিগাওঁত অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ হিচাপে নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে সূচীভুক্ত কৰা প্ৰাৰ্থীসকলৰ বাবে নিযুক্তি ৰেলী ব্যৱস্থা কৰিছে। অহা ২২ ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ প্ৰাৰ্থীসকলৰ বাবে এই ৰেলী অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলাৰ মিছামা...

January 16, 2026 8:06 PM

views 13

সুৱনখাটাত চতুৰ্দশ ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু ৭৪ সংখ্যক মাঘমেলা আৰম্ভ

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটাত আজিৰে পৰা চতুৰ্দশ ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু ৭৪ সংখ্যক মাঘমেলা আৰম্ভ হৈছে। শান্তি আৰু সম্প্ৰীতিৰ বাণী লৈ ভূটান পাহাৰৰ পৰা কুৰ্মালাগাসকল ইতিমধ্যে ভাৰত-ভূটান বন্ধুত্ব মেলাস্থলীলৈ নামি আহিছে। বড়ো, ৰাভা, গোর্খা, চাওতালী, কোচ-ৰাজবংশীৰ লগতে ভূটীয়াসকলৰ পৰম্পৰা...

January 16, 2026 8:02 PM

views 15

মাজুলীত ১৯ জানুৱাৰীত জাপানী এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ

মাজুলী জিলাত অহা ১৯ জানুৱাৰীত জাপানী এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ হ'ব। প্রাপ্তবয়স্ক লোকসকলক সামৰি ল'বলগীয়া এই কাৰ্য্যসূচী ২১ দিন ধৰি চলিব। ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ সকলো যোগ্য প্রাপ্ত বয়স্কক এই অভিযানত অন্তর্ভুক্ত কৰা হ'ব। এই প্রতিষেধক প্রদান কাৰ্য্যসূচী সম্পূর্ণ বিনামূলীয়া, নিৰাপদ আৰু ...

January 16, 2026 8:00 PM

views 14

শিৱসাগৰত শিল্পী মানস ৰবীনৰ উদ্যোগত গঠন হোৱা ৰবীন আর্মীত পঞ্জীয়ন প্রক্রিয়া অনুষ্ঠিত

শিৱসাগৰ জিলাত আজি অসমীয়া যুৱক-যুৱতীক সংস্থাপনৰ লক্ষ্যৰে শিল্পী মানস ৰবীনৰ উদ্যোগত গঠন হোৱা ৰবীন আর্মীত পঞ্জীয়ন প্রক্রিয়া অনুষ্ঠিত হয়। শেহতীয়াকৈ শিল্পীগৰাকীয়ে মুকলি কৰা ৰবীন আৰ্মী এপৰ জৰিয়তে অসমীয়া যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ লগতে আত্ম-সংস্থাপনৰ পথ মুকলি কৰাৰ চেষ্টা কৰা হৈছে। শিৱসাগৰৰ ব'ৰ্ডিং খ...

January 16, 2026 7:56 PM

views 18

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱময় শতবৰ্ষৰ সামৰণি

বজালী জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱময় শতবৰ্ষৰ সামৰণি অনুষ্ঠান ৩ দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আয়োজন কৰা হৈছে। আজি প্ৰথম দিনা কার্যসূচীত ৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল ভৱন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। এই উদ...

January 16, 2026 7:52 PM

views 11

পলাশবাৰী আৰু কমলপুৰৰ আত্মসহায়ক গোটৰ সদস্যাসকলৰ মাজত ১০ হাজাৰ টকাকৈ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ পলাশবাৰী আৰু কমলপুৰ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যাসকলৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।