আঞ্চলিক সংবাদ

January 15, 2026 8:35 PM

views 31

অসমৰ তিনিটা প্রকল্পত বিশ্ব বেংকৰ অনুমোদন

বিশ্ব বেংকে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ উন্নয়ন, সকলো বতৰৰ অনুকূল আন্তঃগাঁথনি নির্মাণ আৰু সেৱা প্ৰদান প্ৰক্ৰিয়া সুচল কৰি তোলাৰ লগতে ৪০ লাখ শিক্ষার্থীৰ দক্ষতা বিকাশৰ উদ্দেশ্যে তিনিটা প্রকল্পত অনুমোদন জনাইছে। ভাৰতৰ বাবে থকা বিশ্ব বেংকৰ কাৰ্যবাহী সঞ্চালক প'ল প্রছিয়ে প্রকাশ কৰা মতে ৩৫ কোটি ডলাৰেৰে ৰূপায়ণ কৰ...

January 15, 2026 8:17 PM

views 26

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগ কৰ্মচাৰীৰ সহযোগত ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰ বিশেষ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰ দিনটো বিশেষভাবে আয়োজন কৰিছে। সেইদিনা নিশা ৮ বাজি ২ মিনিটৰ পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কর্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন ...

January 15, 2026 7:35 PM

views 30

পৰম্পৰাগত ৰীতি-নীতিৰে ৰাজ্যৰ বিভিন্ন ঠাইত ভোগালী বিহু পালনৰ লগতে থলুৱা খেল-ধেমালিৰ আয়োজন

পহিলা মাঘ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ, নামঘৰ আৰু অন্য ধৰ্মীয় উপাসনাস্থলীসমূহত অগণন লোকৰ সমাগম হয়। ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শৰাই আগবঢ়াই পূজা-অৰ্চনা কৰাৰ লগতে ঠায়ে ঠায়ে পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে মাঘ বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয...

January 15, 2026 7:19 PM

views 26

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। সেইদিনা বিয়লি প্রধানমন্ত্রীয়ে গুৱাহাটীত প্ৰায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। এই অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি চলি আছে। বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে এই নৃত্য পৰিৱেশন কৰিবলগীয়া শিল্পীসকল গুৱাহাট...

January 15, 2026 8:30 PM

views 21

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুদিগাঁৱত ৭০ মেগাৱাট ক্ষমতাসম্পন্ন  সৌৰ শক্তি প্ৰকল্প উদ্বোধন কৰে

ৰাজ্যত সম্প্ৰতি ৬৮০ মেগাৱাট সৌৰ শক্তি উৎপাদন হয় বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুদিগাঁৱত ৭০ মেগাৱাট ক্ষমতাসম্পন্ন এটা সৌৰ শক্তি প্ৰকল্পৰ উদ্বোধন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰকল্পটোৱে ৰ...

January 15, 2026 10:25 AM

views 37

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধন বিতৰণৰ প্ৰক্ৰিয়া ৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্রকাশ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধন বিতৰণৰ প্ৰক্ৰিয়া ৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি প্রকাশ কৰিছে। ডিফুত কালি ২৫ হাজাৰ মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। মুখ্যমন্ত্রী ড° শ...

January 15, 2026 9:50 AM

views 51

আজি পহিলা মাঘ, ৰাজ্যৰ বিভিন্ন ধর্মীয় স্থানত ভক্তপ্ৰাণ ৰাইজৰ সমাগম, বৰপেটাত আজি মাঘ বিহু

আজি পহিলা মাঘ। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰ, নামঘৰকে ধৰি ধৰ্মীয় স্থানসমূহত ভক্তপ্রাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত আজি ভোগালী বিহুৰ অন্তিম দিন হিচাপে পালন কৰা হৈছে। ভোগৰ উৎসৱৰ সৈতে সংগতি ৰাখি পৰম্পৰাগত খেল-ধেমালিৰো আয়োজন কৰা হৈছে। উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰংমহলত মাঘ বিহু উপলক্...

January 15, 2026 9:43 AM

views 63

প্রথিতযশা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ দেহাৱসান

অসমৰ প্রথিতযশা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্রদীপ বৰুৱাৰ নশ্বৰ দেহ আজি পুৱা চিকিৎসালয়ৰ পৰা তেওঁৰ বাসভৱনলৈ অনা হয়। গুণগ্রাহীসকলে তেওঁৰ বাসগৃহতে, প্রয়াত সাংবাদিক, সাহিত্যিক গৰাকীক শ্রদ্ধা তর্পন কৰিব পাৰিব বুলি পৰিয়ালৰ তৰফৰ পৰা জানিবৰ পৰা গৈছে। পুৱা ১১ বজাত নবগ্রহ শ্মশানত তেওঁৰ শে...

January 14, 2026 10:06 PM

views 64

অসমৰ প্ৰথিতযশা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ দেহাৱসান

অসমৰ প্ৰথিতযশা সাংবাদিক, বিশিষ্ট লেখক, প্রান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাৰ আজি গুৱাহাটীৰ ডাউন টাউন হাস্পতালত বার্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ বয়স হৈছিল ৮৭ বছৰ। ১৯৩৮ চনত ডিব্ৰুগড়ত জন্মলাভ কৰা প্ৰদীপ বৰুৱাই গুৱাহাটীৰ ডনবস্কো বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু কটন কলেজৰ পৰা স্নাতক ...

January 14, 2026 9:30 PM

views 28

চাহ জনগোষ্ঠীসকলৰ অন্যতম প্রধান উৎসৱ টুচু পূজাৰ সামৰণি

মকৰ সংক্ৰান্তিৰ সৈতে সংগতি ৰাখি পালন কৰা চাহ জনগোষ্ঠীসকলৰ অন্যতম প্রধান উৎসৱ টুচু পূজাৰ আজি সামৰণি পৰে। পুহ মাহত আৰম্ভ হোৱা বাবে এই উৎসৱক পৌৰ পৰব বুলিও জনা যায়। শস্যৰ দেৱী টুচুৰ আৰাধনাৰে ডিব্ৰুগড় জিলাৰ চাহ জনগোষ্ঠীৰ লোকসকলে আজি টুচু পূজা পালন কৰে। যোৰহাট জিলাৰ চেনিমৰা, সৰুচৰাই, দকলঙীয়াৰ দৰে বাগান...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।