আঞ্চলিক সংবাদ

October 11, 2025 7:45 PM October 11, 2025 7:45 PM

views 9

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ভিছেৰা প্ৰতিবেদন GMCHলৈ প্ৰেৰণ

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উন্মোচনৰ বাবে কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰা শিল্পীগৰাকীৰ ভিছেৰা প্ৰতিবেদন আজি আৰক্ষীয়ে লাভ কৰাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। চিকিৎসা মহাবিদ্যালয়খনে এই সন্দৰ্ভত গঠন কৰা তদন্ত সমিতিয়ে প্রতিবেদন পুংখানুপুংখভাৱে পৰীক্ষ...

October 11, 2025 7:33 PM October 11, 2025 7:33 PM

views 35

অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা

অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কনিষ্টবল পদত থকা স্থগিতাদেশ প্রত্যাহাৰ কৰাৰ পাছত আজি ৫ হাজাৰ ৬১৪টা পদৰ ফলাফল ঘোষণা কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ আনুষ্ঠানিক ৱেবছাইট SLPRB ASSAM.IN আপলোড কৰা হৈছে। ইপিনে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোর্ডে ক...

October 11, 2025 7:31 PM October 11, 2025 7:31 PM

views 15

ন্যায় প্রদান ব্যৱস্থা ডিজিটেল ৰূপান্তৰকৰণে ন্যায়প্রাপ্তিক অধিক সহজলভ্য কৰি তুলিছে : মুখ্যমন্ত্ৰী

ন্যায় প্রদান ব্যৱস্থা ডিজিটেল ৰূপান্তৰকৰণে ন্যায়প্রাপ্তিক অধিক সহজলভ্য কৰি তুলিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্রকাশ কৰিছে। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ উপস্থিতিত আজি গুৱাহাটীত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ পূৰ্বাঞ্চলীয় আঞ্চলিক সন্মিলনত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই...

October 11, 2025 7:02 PM October 11, 2025 7:02 PM

views 9

তামুলপুৰত সমাগত মেগা স্বাস্থ্য শিবিৰ সন্দৰ্ভত জিলা পৰ্যায়ৰ কৰ্মশালা

তামুলপুৰৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত তামুলপুৰৰ শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি বিধানসভা ভিত্তিত আয়োজিত সমাগত মেগা স্বাস্থ্য শিবিৰ সন্দৰ্ভত জিলা পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত কর্মশালাখনিত আয়ুক্তগৰাকীয়ে স্বাস্থ...

October 11, 2025 6:54 PM October 11, 2025 6:54 PM

views 33

শিলচৰত অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশন

ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পৰে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিলচৰৰ বংগ ভৱনত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশন অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলনেৰে সভাৰ কাৰ্যসূচী আৰম্ভ হয়। পতাকা উত্তোলন কৰে কাছাৰ জিলাৰ সাহিত্য সভাৰ সভাপতি ড০ যোগেশ্বৰ বৰ্মনে। ৰাজ্যৰ ভ...

October 11, 2025 6:52 PM October 11, 2025 6:52 PM

views 24

যোৰহাটৰ তিতাবৰত শুশ্রূষা সেতু শীৰ্ষক স্বাস্থ্য মেলা উদ্বোধন

ৰাজ্যৰ নৱপ্ৰজন্মক উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে প্ৰতিটো বিধানসভা সমষ্টিত শুশ্রূষা সেতু শীৰ্ষক স্বাস্থ্য মেলা অনুষ্ঠিত কৰিছে। যোৰহাট জিলাৰ তিতাবৰ বিধানসভা সমষ্টিত আজি কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই এই মেলা উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে বৰহোলাৰ খেৰেমা বনুৱা আদৰ্শ অ...

October 11, 2025 6:46 PM October 11, 2025 6:46 PM

views 17

কৃষিক্ষেত্ৰৰ দুটা উদ্যান মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, পোনপটীয়া সম্প্ৰচাৰত কৃষি মন্ত্ৰী অতুল বৰা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৃষি গৱেষণা প্ৰতিষ্ঠানত ৩৫ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে প্রধানমন্ত্ৰীৰ ধন-ধান্য কৃষি যোজনা আৰু দাইল উৎপাদনত আত্মনিৰ্ভৰশীলতা অভিযান নামৰ কৃষিক্ষেত্ৰৰ দুটা উদ্যান মুকলি কৰে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰত কৃষি...

October 11, 2025 1:41 PM October 11, 2025 1:41 PM

views 12

মাজুলীত এইবাৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গা

মাজুলীত এইবাৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব। মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত কালি অনুষ্ঠিত এখন ৰাজহুৱা সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাখনত মাজুলীৰ ৭০ খন ৰাস মহোৎসৱৰ প্ৰতিনিধি উপস্থিত থাকে। এইবাৰ মাজুলীবাসীয়ে দেৱালী উৎসৱতো আটচবাজি পৰিহাৰ কৰ...

October 11, 2025 1:40 PM October 11, 2025 1:40 PM

views 29

দক্ষিণ শালমাৰা মানকাচৰ জিলাত কাইলৈৰ পৰা তিনিদিনীয়াকৈ পলিঅ’ টীকাকৰণ কাৰ্যসূচী

ৰাজ্যৰ আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো কাইলৈৰ পৰা তিনিদিনীয়াকৈ পলিঅ' টীকাকৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। জিলাখনৰ ৩২২টা স্থানত প্ৰায় ৮০ হাজাৰ শিশুক পলিঅ' টীকা দিয়া হ'ব বুলি জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই এখন সংবাদমেলযোগে জানিবলৈ দিয়ে। তেওঁ কয়, যে কাইলৈ ৩২২টা স্থানত ৫ বছৰ তলৰ বয়সৰ শ...

October 11, 2025 1:38 PM October 11, 2025 1:38 PM

views 9

বিশ্বনাথ জিলাৰ গহপুৰত স্বাস্থ্য শিবিৰ, সহস্ৰাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা

বিশ্বনাথ জিলাৰ গহপুৰত কালি বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। পেৰেড গ্রাউণ্ডত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰটো বিধায়ক উৎপল বৰাই উদ্বোধন কৰে। স্বাস্থ্য শিবিৰত ১৮ বছৰ অনূৰ্ধ্বৰ দুই সহস্ৰাধিক শিশুৰ ৫০ বিধতকৈও অধিক স্বাস্থ্য জনিত অৱস্থাৰ বাবে চিকিৎসা সেৱা আগবঢ়োৱা হয়। স্বাস্থ্য শিবিৰত গহপুৰ সমজিলাৰ আয়ুক...