November 5, 2025 1:21 PM | CM-PM

printer

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টার্মিনেল কৰিবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি প্রধানমন্ত্রী নৰেন্দ্র মোদীক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যৰ দুটা গুৰুত্বপূর্ণ প্রকল্প উদ্বোধনৰ বাবে অসমলৈ আমন্ত্ৰণ জনায়। প্রধানমন্ত্রীয়ে এই আমন্ত্রণ গ্রহণ কৰে বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰে। শ্ৰী মোদীয়ে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টার্মিনেল উদ্বোধন কৰিব। এই বিশ্বমানৰ প্ৰকল্পটোৱে গুৱাহাটীত প্ৰতিবছৰে যাত্ৰীৰ আহ-যাহ ১ কোটি ৩০ লাখলৈ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই বিমান বন্দৰৰ সম্পূর্ণ নতুন টার্মিনেলটো মুকলি হ’লে দেশৰ ভিতৰতে প্রধান বিমান চলাচল কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব ।

একেদিনাই প্রধানমন্ত্ৰীগৰাকীয়ে নামৰূপস্থিত ব্রাউণ্ডফিল্ড এমনিয়া-ইউৰীয়া পৰিসৰৰ আধাৰশিলা স্থাপন কৰিব। ১০ হেজাৰ ৬০১ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰয়োজনীয় সাৰৰ যোগান সুনিশ্চিত হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে প্রধানমন্ত্ৰীগৰাকীয়ে অসমৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰিবলগীয়া দুয়োটা প্ৰকল্পৰ বাবে সৌজন্যপূর্বক সন্মতি প্রকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।