আঞ্চলিক সংবাদ

April 9, 2024 8:20 PM

views 24

গ্ৰীণ ফিল্ড বিমান বন্দৰৰ নিৰ্মাণৰ ক্ষেত্ৰত উপযুক্ত পাৰিপাৰ্শ্বিক অৱস্থা বজাই ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে কাছাৰৰ দ'লু চাহ বাগিচাত গ্ৰীণ ফিল্ড বিমান বন্দৰৰ নিৰ্মাণৰ ক্ষেত্ৰত উপযুক্ত পাৰিপাৰ্শ্বিক অৱস্থা বজাই ৰখাৰ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে প্ৰস্তাৱিত গ্ৰীণ ফিল্ড বিমান বন্দৰ এলেকাত কোনোধৰণৰ পাৰিপাৰ্শ্বিক প্ৰভাৱৰ মূল্যায়ন নকৰাকৈ কিদৰ...

April 9, 2024 8:18 PM

views 14

লণ্ডনত হ’বলগীয়া ১০৬ সংখ্যক জ্যেষ্ঠ বেডমিণ্টন প্রতিযোগিতাত অৰূপ বুঢ়াগোহাঁইৰ অংশগ্ৰহণ

লখিমপুৰৰ অৰূপ বুঢ়াগোহাঁয়ে অহা ১২ ৰ পৰা ১৪ এপ্ৰিললৈ লণ্ডনত হ'বলগীয়া ১০৬ সংখ্যক জ্যেষ্ঠ বেডমিণ্টন প্রতিযোগিতাত পুৰুষৰ ৫০ বছৰৰ উৰ্ধৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ প্ৰতিযোগিতাৰ ডাবলছত গুজৰাটৰ উন্নীকৃষ্ণন বাৰ্মাৰ সৈতে অৱতীৰ্ণ হ'ব।

April 9, 2024 8:16 PM

views 35

অহা ১১ এপ্রিল জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত চৰাইদেউত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু চৰাইদেউ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১১ এপ্রিল তাৰিখে দিনৰ ১০ বজাত চৰাইদেউ জিলাত অৱস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত এখন ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। সেই দিনা ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাৰ ৩২৩, ৩৪১, ৩৪২, ৪৪৮, ৫০৬, ৩৫২ আদিৰ অন্তৰ্গত বিভিন্ন...

April 9, 2024 7:04 PM

views 85

চৰাইদেউত ভাৰতীয় নির্বাচন আয়োগে মুকলি কৰা সক্ষম এপ সন্দৰ্ভত প্রশিক্ষণ কার্যসূচী ৰূপায়ণ

আসন্ন লোকসভা নির্বাচন উপলক্ষে চৰাইদেউ নিৰ্বাচনী জিলাৰ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ ছুইপ কোষৰ উদ্যোগত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত দিব্যাংগ ব্যক্তিসকলৰ সুবিধাৰ্থে ভাৰতীয় নির্বাচন আয়োগে মুকলি কৰা সক্ষম এপৰ সন্দৰ্ভত এটি প্রশিক্ষণ কার্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থা...

April 9, 2024 7:02 PM

views 21

ৰাজ্যৰ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলৰ আগমণ

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলৰ আগমণ ঘটিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বিয়লি উত্তৰ লখিমপুৰৰ এখন জনসভাত অংশগ্ৰহণ কৰে। লখিমপুৰ লোকসভা সমষ্টিৰ চুকুলীভৰীয়াত সমষ্টি...

April 9, 2024 12:37 PM

views 29

আকাশবাণী গুৱাহাটীত আজি নিশা ৯.৩০ বজাত ‘দৃষ্টিপাত লোক নির্ণয় ২০২৪’ শীর্ষক অনুষ্ঠানত লোকসভা নির্বাচন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ আজি নিশা চাৰে ন বজাত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত লোক নির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নির্বাচন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ৰাজ্যিক নির্বাচন বিভাগৰ সচিব কৈলাস কার্তিক এন, নির্বাচন বিভাগৰ যুটীয়া সচিব পংকজ চক্ৰৱৰ্তী আৰু উপ-মুখ্য নির্বাচনী বিষয়া মানৱেন্দ্র ভৰালী ...

April 9, 2024 12:35 PM

views 45

গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ই ভি এম ব্যৱহাৰৰ প্রশিক্ষণ কাৰ্যসূচী

লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে গুৱাহাটী মহানগৰৰ দিছপুৰত থকা লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত কালি কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচন এলেকাৰ বাবে ই ভি এম ব্যৱহাৰৰ যাৱতীয় প্রশিক্ষণ অনুষ্ঠিত হয়। প্ৰশিক্ষণত ৮০ গৰাকী প্ৰশিক্ষাৰ্থীক জিলা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকে ই ভি এম পৰিচ...

April 9, 2024 12:33 PM

views 22

ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী, প্ৰাক ৰঙালীৰ ৰঙেৰে মুখৰ ৰাজ্যৰ চৌদিশ

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰাক ৰঙালীৰ ৰঙেৰে ৰাজ্যৰ চৌদিশ মুখৰ হৈ পৰিছে। ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে বিভিন্ন ঠাইত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। শোণিতপুৰ জিলাৰ গোৰ্খা গাঁও গং...

April 9, 2024 12:28 PM

views 23

ৰাজ্যত প্ৰথম পৰ্যায়ত লোকসভা নির্বাচন হ’বলগীয়া ৫টা সমষ্টিৰ ১৫গৰাকী প্ৰাৰ্থী কোটিপতি

ৰাজ্যত প্ৰথম পৰ্যায়ত লোকসভা নির্বাচন হ'বলগীয়া ৫টা সমষ্টিৰ ৩৫গৰাকী প্ৰাৰ্থী ভিতৰত ১৫গৰাকী কোটিপতি বুলি এখন প্রতিবেদনত প্ৰকাশ হৈছে। প্ৰাৰ্থীসকলে শপতনামাত দিয়া তথ্যৰ ভিত্তিতে এটা সংস্থাই এই প্রতিবেদনখন প্রস্তুত কৰিছে। সংস্থাটোৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া সমগ্ৰ দেশৰ এহেজাৰ ৬১৮ গৰাকী ...

April 9, 2024 12:25 PM

views 27

ৰাজ্যত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে জিলা প্রশাসনৰ প্ৰচেষ্টা অব্যাহত

বিভিন্ন জিলা প্রশাসনে ৰাজ্যত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে, নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনাৰ ৰোধ কৰিবলৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন জিলাত নিৰ্বাচনত নিয়োজিত হ'বলগীয়া বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ, নির্বাচনী ব্যয় পর্যৱেক্ষণ, ভোটাৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।