আঞ্চলিক সংবাদ

April 29, 2024 8:19 PM

views 21

নপামৰ মাধৱদেৱ শিশু নিকেতনত তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ সর্বাত্মক আইনী সজাগতা অনুষ্ঠান

অধিকাৰ আৰু দায়বদ্ধতা সন্দৰ্ভত স্কুলীয়া শিক্ষাৰ্থীৰ সবলীকৰণ কৰাৰ লক্ষ্যৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ আইন বিভাগে যোৱা শুকুৰবাৰে নপামস্থিত মাধৱদেৱ শিশু নিকেতন বিদ্যালয়ত এটা সর্বাত্মক আইনী সজাগতা অনুষ্ঠানৰ আয়োজন কৰে। নাৰ্চাৰীৰ পৰা দশম শ্রেণীলৈ দুই শতাধিক শিক্ষার্থীয়ে এই দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।...

April 29, 2024 8:16 PM

views 31

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ১১ মে’ত ৰাষ্ট্ৰীয় লোক আদালত

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১১ মে'ৰ দিনৰ ১১ বজাৰ পৰা নগাঁৱত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। নগাঁও ন্যায়িক আদালত ভৱনত আয়োজিত এই কাৰ্যসূচীত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰৰ উপৰি বে...

April 29, 2024 6:16 PM

views 29

কোকৰাঝাৰ লোকসভাৰ ৩টা বিধানসভা সমষ্টিত নির্বাচনী প্ৰস্তুতিৰ বুজ লয় ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে

ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিত নির্বাচনী প্ৰস্তুতিৰ বুজ লয়। গোসাঁইগাঁও আৰু বিজনীত শ্রীগোৱেলে নির্বাচনী বিভিন্ন কাম-কাজ পর্যালোচনা কৰাৰ লগতে চিৰাং আৰু ছিডলী নির্বাচনী জিলাৰ প্ৰস্তুতি সন্দৰ্ভত কাজলগাঁও জিলাৰ নিৰ্বাচনী বিষয়া পি...

April 29, 2024 12:49 PM

views 29

সমৰ হাজৰিকাক দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত ডাঃ উপেন কাকতি বঁটা প্ৰদান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাক কালি দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে ডাঃ উপেন কাকতি বঁটা প্ৰদান কৰে। আনহাতে, লোকশিল্পী বিপুল চেতিয়া ফুকনক জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ বঁটা প্ৰদান কৰা হয়। দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত অনুষ্ঠিত ৰঙালী বিহু সন্মিলনৰ দুয়োগৰাকী বিশিষ্ট শিল্পীক ফুলাম গামোচা...

April 29, 2024 12:45 PM

views 38

১৯ মে’ত টাই-আহোম যুৱ পৰিষদৰ বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান

টাই-আহোম যুৱ পৰিষদৰ বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠান ১৯ মে'লৈ পিছুৱাই দিয়া হৈছে। বীৰাংগনা মূলাগাভৰুৰ জীৱনাদৰ্শক সোঁৱৰি ২০২৩ বৰ্ষৰ পৰা চৰাইদেউ জিলা সমিতিয়ে অসমৰ কেইবাগৰাকীও বৰেণ্য নাৰীক প্ৰদান কৰি আহিছে। এইবাৰ প্ৰথমগৰাকী অসমীয়া মহিলা বিমান চালক ধীৰা চলিহা হাজৰিকালৈ এই বঁটা আগবঢ়োৱা হৈছে। এই...

April 29, 2024 12:42 PM

views 27

ৰাজ্যত শেহতীয়াকৈ হোৱা প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত ১১ খন জিলাৰ ১১১খন গাঁও ক্ষতিগ্ৰস্ত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ হোৱা প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত ১১ খন জিলাৰ ১১১খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। চৰকাৰী সূত্ৰ অনুসৰি এই দুৰ্যোগৰ ফলত শিৱসাগৰ, নগাঁও, হাইলাকান্দি, হোজাই, ডিব্ৰুগড়, মাজুলী আৰু কাছাৰ জিলাৰ মুঠ ৪ হাজাৰৰো লোক ক্ষতিৰ সন্মুখীন হৈছে। ইয়াৰ ভিতৰত কাছাৰ জিলাত সৰ্বাধিক ৩৬ খন ...

April 29, 2024 12:39 PM

views 37

অহা বুধবাৰৰ পৰা কেইবাখনো ৰাজ্যত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ প্রকাশ

অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা বুধবাৰৰ পৰা প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। ইয়াৰ বিপৰীতে অহা তিনিদিন পর্যন্ত পশ্চিমবংগ, ওড়িশা, বিহাৰ আৰু ঝাৰখণ্ডৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্রবাহ অব্যাহত থাকিব। বতৰ বিজ্ঞান বিভাগে ...

April 29, 2024 12:36 PM

views 32

গুৱাহাটীৰ খানাপাৰাত আৰক্ষীৰ বিশেষ কৰ্ম বাহিনীৰ ১২ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ

বিশেষ কৰ্ম বাহিনীয়ে গুৱাহাটীৰ খানাপাৰাত অভিযান চলাই প্রায় ১২ কোটি টকা মূল্যৰ হেৰ'ইন জব্দ কৰে। আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তৰ তদাৰকত অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে চলোৱা এই অভিযানত এখন সৰু গাড়ীৰ পৰা হেৰ'ইনখিনি জব্দ কৰিছে। ঘটনা সংক্রান্তত দুজন লোকক আটক কৰা হৈছে। ইপিনে শুল্ক বিভাগ...

April 29, 2024 12:33 PM

views 27

৪টা সমষ্টিত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষমসকলৰ বাসগৃহৰ পৰা তৃতীয় পর্যায়ৰ ভোটদান প্রক্রিয়া

লোকসভা নিৰ্বাচনৰ তৃতীয় পর্যায়ত ভোটগ্রহণ হ'বলগীয়া ৪টা সমষ্টিত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষমসকলৰ বাসগৃহৰ পৰা ভোটদান প্রক্রিয়া চলি আছে। বৰপেটা জিলাত কালি ৪১ গৰাকী ভোটদাতাৰ বাসগৃহলৈ গৈ ভোটগ্ৰহণ কৰা হয়। জিলাখনত এই প্ৰক্ৰিয়াৰ বাবে গঠন কৰা ১৩টা গোটে ১৪০ গৰাকী ভোটদাতাৰ ঘৰে ঘৰে গৈ ভোটগ্রহণ কৰিব বু...

April 29, 2024 12:29 PM

views 34

গৃহমন্ত্রী অমিত শ্বাহৰ আজি গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি ৰাজ্যখনলৈ আহিব। তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব। শ্ৰী শ্বাহে আজি মহানগৰত বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ নিৰ্বাচনী সূচীৰ লগত সংগতি ৰাখি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।