আঞ্চলিক সংবাদ

December 12, 2025 11:42 AM December 12, 2025 11:42 AM

views 6

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত শিশুৰ বিকাশ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰী কাৰ্যসূচী সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব শিশু বিকাশ প্ৰকল্পৰ ছিপাঝাৰৰ প্ৰকল্প বিষয়া প্রণীতা তালুকদাৰ আৰু ৰামপুৰ শিশু বিকাশ প্ৰকল্পৰ প্ৰকল্প বিষয়া গীতা দে...

December 12, 2025 11:39 AM December 12, 2025 11:39 AM

views 5

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰলৈ ২০২৫ বৰ্ষৰ শ্রোতা প্ৰেৰণা বঁটা

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্রোতা সংঘ অনাতাঁৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্রোতা প্ৰেৰণা বঁটা ২০২৫ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰলৈ আগবঢ়োৱা হৈছে। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্রীবৰঠাকুৰলৈ এই বঁটা আগবঢ়...

December 12, 2025 11:37 AM December 12, 2025 11:37 AM

views 10

বি টি আৰত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান

বি টি আৰত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হ'ব। এই আঁচনিৰ অধীনত বি টি আৰৰ ৪ লাখ ৫০ হাজাৰ লোকক সামৰি লোৱা হ'ব। অৰুণোদয় আঁচনিত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অন্তর্ভুক্ত কৰা হৈছে। এই উপলক্ষে আজি কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত আয়ো...

December 12, 2025 11:35 AM December 12, 2025 11:35 AM

views 7

মণিপুৰত আজি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱৰ কেইবাটাও উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

দুদিনীয়া ভ্রমণসূচীৰে মণিপুৰলৈ অহা ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি মণিপুৰৰ ইম্ফলত থকা নুপি লাল স্মাৰক পৰিদৰ্শন কৰাৰ লগতে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ন্যায় বিচাৰি যুঁজ দিয়া মণিপুৰৰ সাহসী মহিলাসকলৰ প্ৰতি শ্রদ্ধা তর্পণ কৰিব। ইয়াৰ পাছত তেওঁ সেনাপতি জিলাত এখন জনসভাত অংশ ল'ব আৰু জিলাখনত কেইবাটাও উন্নয়নম...

December 12, 2025 11:32 AM December 12, 2025 11:32 AM

views 8

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত আদালতত আজি এছ আই টিৰ অভিযোগনামা দাখিল

জনতাৰ শিল্পী জুবিন গাৰ্গৰ যোৱা ১৯ ছেপ্তেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যু হোৱা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট, এছ আই টিয়ে আজি আদালতত অভিযোগনামা দাখিল কৰিছে। দীঘলীয়া অনুসন্ধান আৰু ৩ শতাধিক লোকৰ সাক্ষ্যৰ ভিত্তিত এছ আই টিয়ে গোচৰটোৰ অভিযোগনামা সাজু কৰি উলিয়াইছে। জুবিন গাৰ্গ...

December 12, 2025 11:29 AM December 12, 2025 11:29 AM

views 23

অৰুণাচলৰ আনজাওত পথ দুৰ্ঘটনাত নিহত শ্ৰমিকৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ২ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত কালি সংঘটিত এটা শোকাৱহ পথ দুৰ্ঘটনাত অসমৰ ১৪ জন শ্রমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোকপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ এক্স হেন্ডেলত দুর্ঘটনাটোত প্রাণ হেৰুওৱা লোকসকলৰ আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু...

December 11, 2025 7:57 PM December 11, 2025 7:57 PM

views 6

ব্ৰহ্মপুত্ৰত সন্ধানহীন ৫ জন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰৰ ব্ৰহ্মপুত্ৰত কালি বিয়লি সন্ধানহীন হোৱা ৫ জন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে আজি পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাট, উমানন্দ, ফাঁচী বজাৰ আৰু শুৱালকুছি পর্যন্ত লোককেইজনৰ সন্ধানত অভিযান চলায় যদিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সমৰ...

December 11, 2025 7:55 PM December 11, 2025 7:55 PM

views 7

নাবালিকা নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন লোকক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড

মৰিগাঁও পকছ' আদালতে আজি নাবালিকা নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন লোকক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। এনাৰুল ইছলাম নামৰ লোকজনৰ বিৰুদ্ধে এবছৰ পূৰ্বে এগৰাকী নাবালিকাক নিৰ্যাতনৰ অভিযোগত মৈৰাবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি আদালতত তদন্তৰ প্ৰতিবেদন আৰু অভিযোগনামা দা...

December 11, 2025 7:53 PM December 11, 2025 7:53 PM

views 9

ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা ইভিএম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ

সমাগত বিধানসভা নির্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা ইভিএম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হৈছে। বৰপেটা জিলাৰ সোণকুছি কলনিস্থিত গুদামঘৰত পুৱা ৯ বজাত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হয়। বৰপেটা জিলা নির্বাচনী বিষয়াই প্রকাশ কৰা মতে পঞ্জীয়নভুক্ত ৰাজনৈতিক ...

December 11, 2025 7:48 PM December 11, 2025 7:48 PM

views 10

ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ শুভাৰম্ভ

কামৰূপ মহানগৰ জিলাত আজি ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱসৰ ৰাজ্যিক পৰ্যায়ত শুভাৰম্ভ কৰা হয়। এবছৰৰ পৰা ১৯ বছৰ বয়সৰ শিশুসকলক পেলুমুক্ত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী প্ৰতি বছৰে দুবাৰকৈ পালন কৰা হয়। সমগ্র শিক্ষা অভিযানৰ মিছন সঞ্চালক ডাঃ ওম প্রকাশে মহানগৰীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই অ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।