ৰাষ্ট্ৰীয়

July 10, 2024 2:42 PM July 10, 2024 2:42 PM

views 11

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ-আগ্রা এক্সপ্ৰেছৱেত কেইবাজনো লোকৰ প্রাণহানি হোৱা পথ দুৰ্ঘটনাক লৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ গভীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ লক্ষ্ণৌ-আগ্রা এক্সপ্ৰেছৱেত আজি পুৱা কেইবাজনো লোকৰ প্রাণহানি হোৱা পথ দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। এই দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৯ জন লোক গুৰুতৰভাৱে আহত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে এই...

July 10, 2024 2:38 PM July 10, 2024 2:38 PM

views 5

ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰক সাক্ষাৎ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত শ্ৰী মোদীয়ে তেওঁক আদৰণি জনোৱাৰ বাবে শ্রী নেহাম্মেৰক ধন্যবাদ জনোৱাৰ লগতে অনাগত সময়ত ভাৰত আৰু অষ্ট্ৰিয়াৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পর্ক অধিক শক্তিশালী হৈ উঠিব বুলি আশ...

July 10, 2024 12:36 PM July 10, 2024 12:36 PM

views 8

প্ৰফেচাৰ ড০ সৌম্যা স্বামীনাথনক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান উপদেষ্টা হিচাপে নিযুক্তি

প্ৰফেচাৰ ড০ সৌম্যা স্বামীনাথনক জন কল্যাণৰ ভিত্তিত ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে ৰাষ্ট্ৰীয় যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীৰ প্ৰধান উপদেষ...

July 10, 2024 12:33 PM July 10, 2024 12:33 PM

views 6

দেশত ঘৰুৱা প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু উৎপাদনৰ অনুকূলতন্ত্ৰ গঢ়ি তোলাৰ বাবে অধিক সংস্কাৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ

দেশত ঘৰুৱা প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু উৎপাদনৰ অনুকূলতন্ত্ৰ গঢ়ি তোলাৰ বাবে অধিক সংস্কাৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। গুণগত সংস্কাৰ সন্দৰ্ভত অনুষ্ঠিত আলোচনাচক্রত ভার্চুৱেল মাধ্যমেৰে দিয়া ভাষণত প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানে এই কথা উল্লেখ কৰে। তেওঁ প্ৰতিৰক্ষা নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ ...

July 10, 2024 12:04 PM July 10, 2024 12:04 PM

views 11

আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস

আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস। ১৯৫৭ চনৰ ১০ জুলাইত ভাৰতৰ দুগৰাকী বিজ্ঞানীয়ে মীন পালন ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ যোৱা অনবদ্য অৱদানৰ স্মৃতি যুগমীয়া কৰাৰ লগতে দেশৰ প্ৰতিগৰাকী মীন পালক আৰু ভাৰতৰ মীন খণ্ডক সমৃদ্ধ কৰা সকলো বিজ্ঞানী তথা মৎস্য বিশেষজ্ঞলৈ ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে ২০০১ চনৰ পৰা প্ৰত...

July 10, 2024 11:55 AM July 10, 2024 11:55 AM

views 13

প্ৰধানমন্ত্ৰী মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান

ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শ্রীমোদীক এই সন্মান প্ৰদান কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিত গুৰুত্বপূৰ্...

July 9, 2024 8:33 PM July 9, 2024 8:33 PM

views 8

সহযোগিতামূলক শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক শিক্ষামন্ত্ৰীৰ আহ্বান

কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানে এটা সহযোগিতামূলক শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক আহ্বান জনাইছে। নতুন দিল্লীত আজি কেন্দ্রীয় শাসিত শিক্ষা আৰু সাক্ষৰতা বিভাগসমূহৰ পৰ্যালোচনা বৈঠক মুকলি কৰি শ্ৰীপ্রধানে অনাগত ৫ বছৰত বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ডৰ বিকাশ...

July 9, 2024 8:28 PM July 9, 2024 8:28 PM

views 10

এন আই এছ ই আৰৰ ত্ৰয়োদশ স্নাতক সমাৰোহত ৰাষ্ট্ৰপতিৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, এন আই এছ ই আৰৰ শিক্ষাৰ্থীসকলক মানৱতা আৰু ৰাষ্ট্ৰৰ বাবে নিজৰ শিক্ষা আৰু জ্ঞানৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। ওড়িশাৰ ভূৱনেশ্বৰত আজি বিয়লি এন আই এছ ই আৰৰ ত্ৰয়োদশ স্নাতক সমাৰোহত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকা...

July 9, 2024 8:25 PM July 9, 2024 8:25 PM

views 7

মস্কোৰ অল ৰাছিয়ান প্ৰদৰ্শনী কেন্দ্ৰ পৰিদৰ্শন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মস্কোৰ অল ৰাছিয়ান প্ৰদৰ্শনী কেন্দ্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে তেওঁক সংগ দিয়ে। দুয়োগৰাকী নেতাই প্ৰদৰ্শনী কেন্দ্ৰ ৰোস্তোম পেভিলিয়ন পৰিদৰ্শন কৰে। শ্ৰীমোদীয়ে অসামৰিক পাৰমানৱিক শক্তি ক্ষেত্ৰত ভাৰত ৰাছিয়াৰ মাজত সহযোগিতাৰ নামত উ...

July 9, 2024 7:36 PM July 9, 2024 7:36 PM

views 10

বিহাৰৰ বেগুচৰাইত হোৱা পথ দুৰ্ঘটনাত ৫ জন লোক নিহত

বিহাৰৰ বেগুচৰাই জিলাৰ এফ চি আই আৰক্ষী থানাৰ অধীনৰ ৰতন চ’ক চহৰৰ সমীপত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা হোৱা এটা পথ দুৰ্ঘটনাত ৫ জন লোক নিহত হয় আৰু অন্য চাৰিজন আহত হয়। এখন মটৰ গাড়ীয়ে অট'ৰিক্সাত খুন্দা মৰাৰ ফলতে এই ঘটনাটো ঘটে। দুর্ঘটনাত প্ৰাণ হেৰুওৱা আটাইকেইজন লোক অট'ৰিক্সাৰ যাত্ৰী আছিল ৷ দুৰ্ঘটন...