ৰাষ্ট্ৰীয়

November 8, 2024 12:31 PM

views 14

অৰ্ঘৰে সামৰণি পৰা ষষ্ঠ পূজা উপলক্ষে সকলোৰে প্ৰতি প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ অৰ্ঘৰে সামৰণি পৰা ষষ্ঠ পূজা উপলক্ষে সকলোৰে প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। শ্রী মোদীয়ে কয় যে, চাৰিদিনজোৰা ষষ্ঠ মহাপৰ্বৰ জৰিয়তে প্ৰকৃতি আৰু সংস্কৃতিৰ অপূৰ্ব সমাহাৰ সকলোৱে প্ৰত্যক্ষ কৰে আৰু জনসাধাৰণক নতুন উদ্যম আৰু শক্তিৰে অনুপ্ৰাণিত কৰি তোলে ৷

November 8, 2024 12:07 PM

views 15

নতুন দিল্লীত আজি ভাৰতীয় সেনাবাহিনীৰ সামৰিক ঐতিহ্য মহোৎসৱৰ দ্বিতীয় সংস্কৰণ

নতুন দিল্লীত আজি ভাৰতীয় সেনাবাহিনীৰ সামৰিক ঐতিহ্য মহোৎসৱৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হ'ব। দুদিনীয়া এই মহোৎসৱৰ মূল লক্ষ্য হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, বৈদেশিক নীতি, সামৰিক ইতিহাস আৰু সামৰিক ঐতিহ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ উদ্যোগ, স্বেচ্চাসেৱী সংস্থা, শিক্ষাবিদ, আৰু গৱেষক ...

November 8, 2024 12:35 PM

views 34

ঝাৰখণ্ডত নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান নির্বাচন আয়োগৰ

নির্বাচন আয়োগে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনাইছে। ৰাঁচীত কালি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া কে ৰবিকুমাৰে ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোটদাতাসকলক বিপথে পৰিচালিত...

November 8, 2024 12:37 PM

views 30

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত সামৰি ল’বলগীয়া এলেকাসমূহত ব্যাপক প্ৰচাৰ

এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ নেতাসকলে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত সামৰি ল'বলগীয়া এলেকাসমূহত ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত লৈছে। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা কেন্দ্রীয় মন্ত্রী অন্নপূর্ণা দেৱীয়ে কালি হাজাৰিবাগত এখন নির্বাচনী সভাত ভাষণ দি ৰাজ্যখনৰ জনসাধাৰণ হেমন্ত চোৰেন নেতৃত্বাধীন ...

November 8, 2024 12:39 PM

views 32

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। ৰাজ্যখনৰ ২৮৮ টা বিধানসভা সমষ্টিৰ বাবে ২০ নৱেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ধূলে আৰু নাচিকত কেইবাখনো নির্বাচনী সভাত ভাষণ দিব। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যম যোগে কৈছে যে, তেওঁ এই নিৰ্বাচনী সভাত ৰাইজৰ আশীষ ...

November 8, 2024 12:00 PM

views 21

আজি আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সংখ্যালঘু মৰ্যাদাৰ বিষয়ক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ সংখ্যালঘু মৰ্যাদাৰ বিষয়ক লৈ উচ্চতম ন্যায়ালয়ৰ সাতজনীয়া সংবিধানিক বিচাৰপীঠে আজি এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিব। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্রকাশিত তালিকা অনুসৰি আজি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বাধীন সংবিধান বিচাৰপীঠে ৰায় ঘোষণা কৰিব। উল্লেখযোগ্য যে, চলিত...

November 8, 2024 12:26 PM

views 12

দুৰ্নীতিক এটা ৰোগ বুলি উল্লেখ কৰি ইয়াক শিপাৰে সৈতে নিৰ্মূল কৰিব লাগে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ মত প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুৰ্নীতিক এটা ৰোগ বুলি উল্লেখ কৰি ইয়াক শিপাৰে সৈতে নিৰ্মূল কৰিব লাগে বুলি মত প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত কেন্দ্ৰীয় সতর্কতা আয়োগৰ সতৰ্কতা সজাগতা সপ্তাহৰ অনুষ্ঠানত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে এইদৰে কয়। কেন্দ্ৰীয় সতর্কতা আয়োগে চৰ্দাৰ বল্লবভাই পেটেলৰ জন্ম বার্ষি...

November 7, 2024 8:31 PM

views 28

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত এখন বাহন পথৰ পৰা এটা দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৪ জন লোকৰ মৃত্যু

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত আজি এখন বাহন পথৰ পৰা এটা দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৪ জন লোকে প্ৰাণ হেৰুৱায় আৰু ৪ জন আহত হয়। নিহতসকলৰ ভিতৰত এটি কিশোৰো আছে। আমাৰ সংবাদদাতাই জনাইছে যে দুৰ্ঘটনাৰ ফলত ৩ জনে থিতাতে প্ৰাণ হেৰুৱাই আৰু এজনৰ চিকিৎসালয়ত মৃত্যু ঘটে।

November 7, 2024 8:29 PM

views 64

উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে’লৱেই উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে কাইলৈৰ পৰা ১৬৪ খন বিশেষ ৰে’লগাড়ী চলাচলৰ ব্যৱস্থা কৰিছে। উৎসৱ পালনৰ পাছত নিজ নিজ ঘৰলৈ যাব বিছৰা যাত্ৰীসকল ইয়াৰ পৰা লাভান্বিত হ’ব। ৰে'লৱেই পৰৱৰ্তী তিনি দিনত প্ৰায় ৪৭৬ খন ৰে’লগাড়ী চলোৱাৰ পৰিকল্পনা কৰিছে।

November 7, 2024 8:26 PM

views 29

চৰকাৰী চাকৰিৰ নিযুক্তিৰ নিৰ্ধাৰিত নিয়ম মাজতে সলনি কৰিব পৰা নাযায়ঃ উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে আজি চৰকাৰী চাকৰিৰ নিযুক্তিৰ নিৰ্ধাৰিত নিয়ম মাজতে সলনি কৰিব পৰা নাযায় বুলি ৰায় দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন এখন পাঁচজনীয়া বিচাৰপীঠে আজি কয় যে, নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে নিৰ্ধাৰণ কৰা নিয়ম মাজতে সাল-সলনি কৰিব পৰা নাযায়। ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।