ৰাষ্ট্ৰীয়

November 19, 2024 12:35 PM

views 21

নতুন দিল্লীত প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় কৰ্মশালা

কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে কৈছে যে প্রধানমন্ত্রী আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ পকী ঘৰৰ সপোন পূৰ্ণ হ'ব। নতুন দিল্লীত প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ সন্দৰ্ভত অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় কৰ্মশালা উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়...

November 19, 2024 12:09 PM

views 14

ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মিত্ৰজোঁট মুকলি কৰাত ব্ৰাজিলৰ অধ্যক্ষতাৰ অধীনত লোৱা পদক্ষেপত প্রধানমন্ত্ৰীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনত ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় মিত্ৰজোঁট মুকলি কৰাৰ বাবে ব্ৰাজিলৰ অধ্যক্ষতাৰ অধীনত লোৱা পদক্ষেপৰ প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে, খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে সমগ...

November 19, 2024 12:05 PM

views 25

ভাৰতে ২০৪৭ চনৰ ভিতৰত বন্দৰৰ বহনক্ষমতা বছৰি ১ কোটি মেট্রিক টনলৈ বৃদ্ধিৰ লক্ষ্য লৈছে : মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে ভাৰতে ২০৪৭ চনৰ ভিতৰত বন্দৰৰ বহনক্ষমতা বছৰি এক কোটি মেট্রিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। নতুন দিল্লীত কালি অনুষ্ঠিত সাগৰমন্থন - দা গ্রেট অ'চেনছ ডাইলগ শীর্ষক অনুষ্ঠানত ভাষণ দি সোণোৱালে কয় যে ভাৰতে বন্দৰৰ ক্ষমতা বৃদ্ধি, জাহাজৰ চলাচল ...

November 19, 2024 12:02 PM

views 12

ফ্রান্স, ইটালী, ন’ৰৱে, পৰ্টুগাল, ইণ্ডোনেছিয়াৰ লগতে বহু দেশৰ নেতৃবৰ্গৰে প্রধানমন্ত্ৰী মোদীৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীৰ্ষ সন্মিলনৰ আপাহতে ফ্রান্স, ইটালী, ন'ৰৱে, পৰ্টুগাল আৰু ইণ্ডোনেছিয়াৰ লগতে ভালেকেইখন দেশৰ নেতৃবৰ্গৰ সৈতে ভাৰতৰ লগত থকা সম্পৰ্ক শক্তিশালী আৰু উন্নত কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়। শ্ৰীমোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰো সৈতে হোৱা আলোচনাত চলিত বৰ্ষত পেৰি...

November 18, 2024 8:27 PM

views 15

মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত গৃহ মন্ত্ৰ্যালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গৰে গৃহমন্ত্রী অমিত শ্বাহৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত গৃহ মন্ত্ৰ্যালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত গৃহ মন্ত্ৰীগৰাকীয়ে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰি ৰাজ্যখনৰ সুস্থিৰতা আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এ...

November 18, 2024 8:16 PM

views 20

নতুনকৈ মুকলি কৰা আয়ুষ্মান বয়োজ্যেষ্ঠ বন্দনা কার্ডৰ ১০ লাখতকৈ অধিক নাম পঞ্জীয়ন

নতুনকৈ মুকলি কৰা আয়ুষ্মান বয়োজ্যেষ্ঠ বন্দনা কার্ডে ৭০ বছৰ আৰু ইয়াৰ উৰ্ধৰ ১০ লাখতকৈও অধিক জ্যেষ্ঠ নাগৰিকৰ নাম পঞ্জীয়ন কৰি উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। এই কাৰ্ডৰ জৰিয়তে আয়ুষ্মণ ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বয়োজ্যেষ্ঠ নাগৰিকসকলে বিনামূলীয়া স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব। স্...

November 18, 2024 8:08 PM

views 26

ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত ১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলন আৰম্ভ

ব্রাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত আজি ১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলন আৰম্ভ হৈছে। কিছু সময় পূর্বে এই সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যেৰে ৰিঅ'ত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰবাসী ভাৰতীয়সকলে উষ্ম আদৰণি জনায়। শ্রীমোদী, আমেৰিকা ৰাষ্ট্ৰপতি জ' বাইডেন আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং হৈছে জি-২০ সন্মিলনত আ...

November 18, 2024 8:04 PM

views 19

নাইজেৰিয়াৰ ৰাজধানী আবুজাত প্রবাসী ভাৰতীয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ভাৰতে এতিয়া নিজৰ সুবিধাজনক স্থিতিৰ পৰা বাহিৰলৈ ওলাই আহিছে, উদ্ভাৱনক আকোৱালি লৈছে আৰু উন্নয়নৰ নতুন পথ মুকলি কৰিছে, যি ভাৰতৰ পৰিচয়ৰ চিহ্ন হৈ পৰিছে। নাইজেৰিয়াৰ ৰাজধানী আবুজাত প্রবাসী ভাৰতীয়সকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয়, যে বিকশিত ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে ...

November 18, 2024 12:08 PM

views 31

বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাচিনাৰ প্ৰত্যাৱৰ্তন কামনা মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কয় যে তেওঁলোকৰ চৰকাৰখনে প্রাক্তন প্রধানমন্ত্রী শ্বেইখ হাচিনাৰ প্ৰত্যাৱৰ্তন কামনা কৰিছে। যোৱা আগষ্ট মাহত হাচিনাৰ চৰকাৰ ভংগ হোৱাৰ পাছত তেওঁ বৰ্তমান ভাৰতত আছে। বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা এটা অনুষ...

November 18, 2024 12:07 PM

views 17

শীতকালৰ বাবে উত্তৰাখণ্ডৰ শ্ৰীবদ্রিনাথ ধামৰ দুৱাৰ বন্ধ

উত্তৰাখণ্ডৰ চামলী জিলাত অৱস্থিত শ্ৰীবদ্রিনাথ ধামৰ দুৱাৰ কালি নিশা ৯ বাজি ৭ মিনিটত শীতকালৰ বাবে বন্ধ কৰা হয়। বদ্রিনাথ ধামৰ দুৱাৰ বন্ধ কাৰ্যসূচী উপলক্ষে মন্দিৰটো ১৫ কুইণ্টল নাৰ্জি ফুলেৰে সজোৱা হয়। ধামৰ সিং দুৱাৰ ভৱনত গৰৱাল স্কাউট বেণ্ডৰ ধৰ্মীয় সুৰেৰে সমগ্ৰ বদ্রিনাথ ধাম মুখৰ হৈ উঠে। ইয়াৰপূৰ্বে জিলা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।