ৰাষ্ট্ৰীয়

January 27, 2025 2:08 PM

views 22

আজিৰে পৰা মহাকুম্ভ এলেকা যান-বাহন মুক্ত অঞ্চলৰূপে ঘোষণা

উত্তৰ প্ৰদেশ চৰকাৰে প্ৰয়াগৰাজৰ সমগ্ৰ মহাকুম্ভ এলেকা আজিৰে পৰা যান-বাহন মুক্ত অঞ্চলৰূপে ঘোষণা কৰিছে। অহা ২৯ জানুৱাৰীত হ'বলগীয়া মৌনি অমাৱস্যা উপলক্ষে সাম্ভাব্য জনসমাগম নিয়ন্ত্ৰণ কৰাৰ লগতে সু-পৰিচালনা নিশ্চিত কৰাৰ উদ্দেশ্যে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সংহত নিয়ন্ত্ৰণ আৰু নিৰ্দেশ কেন্দ্ৰই পৰিস্থ...

January 27, 2025 1:38 PM

views 31

মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰয়াগৰাজত উপস্থিত হ’ব গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত উপস্থিত হ'ব। মন্ত্ৰী শ্ৰীশ্বাহে তাত গংগা, যমুনা আৰু সৰস্বতী নদীৰ ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰিব। তেওঁ তাত পুৰী আৰু দ্বাৰকাৰ শংকৰাচাৰ্য দুগৰাকীৰ লগতে বহু সাধু সন্তক লগ পোৱাৰ আশা কৰিছে।

January 27, 2025 12:31 PM

views 23

কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সৱলীকৰণ আৰু সমৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছেঃ শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সৱলীকৰণ আৰু সমৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নতুন দিল্লীত ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে চৰকাৰে বিশেষভাৱে আমন্ত্ৰণ কৰি অনা কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ এই মন্তব্য কৰে। কৃষি মন্ত্ৰীগৰাকী...

January 27, 2025 12:23 PM

views 15

দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ বাৰ্ষিক ৰেলীত প্রধানমন্ত্ৰী মোদীৰ ভাষণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ বাৰ্ষিক ৰেলীত ভাষণ দিব। এইবাৰৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৰেলীৰ মূল বিষয়বস্তু হৈছে- যুৱ শক্তি, বিকশিত ভাৰত। এই ৰেলীৰ সাংস্কৃতিক অনুষ্ঠানত ৮০০ গৰাকী শিক্ষাৰ্থীয়ে ...

January 26, 2025 8:55 PM

views 26

তেলেংগানাৰ ৱাৰংগল জিলাৰ মামুনুৰু ট্রাক-অট’ৰিক্সাৰ সংঘৰ্ষত ৫ গৰাকী লোকৰ মৃত্যু

তেলেংগানাৰ ৱাৰংগল জিলাৰ মামুনুৰু ঘাইপথত লোহাৰ সামগ্ৰী কঢ়িয়াই অহা এখন ট্রাকে নিয়ন্ত্রণ হেৰুৱাই দুখন অট'ৰিক্সাক খুন্দাৰ মৰাৰ ফলত ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন ৬ জন লোক আহত হয়। ঘটনাৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি ৱাৰংগল জিলাৰ মামুনুৰু ঘাইপথৰ সমীপেৰে যাত্ৰা কৰি থকা সামগ্ৰী পৰিবাহী ট্রাকখনৰ বিজুতিৰ...

January 26, 2025 8:51 PM

views 28

হৃদৰোগ বিশেষজ্ঞ ড০ কে এম চেৰিয়ানৰ বেংগালুৰুত দেহাৱসান

দেশৰ এগৰাকী খ্যাতনামা হৃদৰোগ বিশেষজ্ঞ ড০ কে এম চেৰিয়ানৰ আজি বেংগালুৰুত দেহাৱসান ঘটে। বিগত ৫০ বছৰৰো অধিক কাল হৃদৰোগৰ চিকিৎসা ক্ষেত্ৰত সেৱা আগবঢ়োৱা চেৰিয়ানৰ মৃত্যুৰ সময়ত বয়স আছিল ৮২ বছৰ। অলপতে কেৰালাত চিকিৎসকগৰাকীয়ে তেওঁৰ জীৱনী গ্রন্থ উন্মোচন কৰিছিল। ভাৰতৰ এগৰাকী ৰোগীৰ দেহত প্ৰথমবাৰৰ বাবে হাওঁফা...

January 26, 2025 8:44 PM

views 26

ইউ পি এছ কাৰ্যকৰী কৰাৰ বাবে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় চৰকাৰৰ জাননী জাৰি

কেন্দ্ৰীয় চৰকাৰে উমৈহতীয়া পেন্সন আঁচনি অর্থাৎ ইউ পি এছ কাৰ্যকৰী কৰাৰ বাবে আনুষ্ঠানিকভাৱে জাননী জাৰি কৰিছে। অহা ১ এপ্ৰিলৰ পৰা এই আঁচনি কাৰ্যকৰী হ'ব। চৰকাৰে যোৱা বছৰৰ আগষ্টত ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থাৰ অধীনত বিকল্প ব্যৱস্থা হিচাপে এই আঁচনি প্ৰৱৰ্তন কৰিছিল। ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা সামৰি লোৱা আৰু ন...

January 26, 2025 8:37 PM

views 27

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নতুন দিল্লীৰ আকাশবাণী ভৱনত বিভিন্ন ব্যক্তিৰ সৈতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মত বিনিময়

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আমন্ত্ৰিত বিশেষ অতিথিসকলৰ সৈতে নতুন দিল্লীৰ আকাশবাণী ভৱন চৌহদত মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত বিশেষভাবে উল্লেখ কৰা ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰি কয়, যে তেওঁলোকে সমাজৰ ...

January 26, 2025 7:02 PM

views 24

স্বৰ্ণিম ভাৰত – ঐতিহ্য আৰু উন্নয়ন বিষয়বস্তুৰে সাজি উলিওৱা ৩১ টা প্ৰতীকপট গণৰাজ্য দিৱসৰ কুচকাৱাজত অন্তৰ্ভুক্ত

স্বৰ্ণিম ভাৰত – ঐতিহ্য আৰু উন্নয়ন বিষয়বস্তুৰে সাজি উলিওৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগতে বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগৰ ৩১ টা প্ৰতীকপট এইবেলি গণৰাজ্য দিৱসৰ কুচকাৱাজত অন্তৰ্ভুক্ত হৈছে। এইবেলি গণৰাজ্য দিৱসৰ কুচকাৱাজত দেশৰ সভ্যতা, সংস্কৃতি আৰু বৈজ্ঞানিক প্ৰগতি প্ৰদৰ্শিত হয়। কুচকাৱাজত ৩শ...

January 26, 2025 6:54 PM

views 23

১৩৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৫ বৰ্ষৰ পদ্ম সন্মান

২০২৫ বৰ্ষৰ পদ্ম সন্মানমূহ ঘোষণা কৰা হৈছে। এইবেলি মুঠ ১৩৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে ভিতৰত ৭ গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বিভূষণ, ১৯ গৰাকীক পদ্মভূষণ আৰু ১১৩ গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে। ১৩ গৰাকীলৈ মৰণোত্তৰভাৱে এই বঁটা আগবঢ়োৱা হৈছে। ভাৰতীয় লেখক এম টি বাসুদে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।